ষ্টাফ ৰিপোৰ্টাৰঃ 'ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে নিৰ্মাণ কৰিছে তিনিটা বৃহৎ নদীবান্ধ। ভাৰতৰ সীমাত চীন নহয়, তিব্বতহে আছে। তিব্বতক নাজানিলে নুবুজিলে চীনক বুজিব পৰা নাযাব-এই ভাষ্য তিব্বতৰ নিৰ্বাসিত চৰকাৰৰ ৰাষ্ট্ৰপতি চিকয়ং ড০ লাবচেং চানগেৰ। সোমবাৰে গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা প্ৰেক্ষাগৃহত আয়োজিত এখন সংবাদমেলযোগে ৰাষ্ট্ৰপতিজনে লগতে কয় ' চীনে তিব্বত অধিকাৰ কৰাৰ পূৰ্বে ভাৰতৰ সৈতে কোনো সীমা বিবাদ নাছিল। কিন্ত চীনৰ আগ্ৰাসী মনোভাৱৰ বাবে আজি ছিয়াছেনৰ পৰা অৰুণাচল প্ৰদেশলৈ ভাৰতে লাখ লাখ সেনা নিয়োগ কৰিবলগীয়া হৈছে। ইয়ে ভাৰতৰ অৰ্থনীতিটো যথেষ্ঠ আঘাত হানিছে। ভাৰতৰ প্ৰায় ৪০ শতাংশ স্বাভাৱিক পানী তিব্বতে যোগান ধৰি আহিছে।বৰ্তমানো চীনে ব্ৰহ্মপুত্ৰত বান্ধ নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমি আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত তিব্বতৰ স্বাধীনতা ওভতাই দিবলৈ চীনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছোঁ। এইক্ষেত্ৰত আমি ভাৰতৰ সহায় বিচাৰিছোঁ।'

No comments:
Post a Comment