একাবেকা বাটেৰে জুকো ভেলীলৈ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 27 February 2021

একাবেকা বাটেৰে জুকো ভেলীলৈ


W7S News (ডব্লিউ চেভেন এছ নিউজ)ৰ বিশেষ প্ৰতিবেদনঃ
প্ৰকৃতিয়ে বিতোপন ৰূপেৰে গঢ়া উত্তৰ-পূৰ্বাঞ্চললৈ প্ৰতিবছৰে ঢাপলি মেলে অগণন পৰ্যটকে। পাহাৰ,নৈ, জান, জুৰিৰে মনোমোহা উত্তৰ-পূৰ্বাঞ্চললৈ যিয়ে এবাৰ আহিছে তেওঁ পুনৰ এই ভূমিলৈ আহিবলৈ বাধ্য হয়। প্ৰকৃতিৰ নান্দনিক ছবিয়ে, জাতি-জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিয়ে মোহাচ্ছন্ন কৰি ৰাখে তেওঁলোকক ।প্ৰকৃতিয়ে বৰ আদৰেৰে সজাইছে উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যক। সেয়ে হয়তো এই প্ৰান্তৰ পৰ্যটন উদ্যোগে ক্ৰমাগত ভাবে প্ৰসাৰতা লাভ কৰিছে।প্ৰকৃতিৰ ৰম্যভূমি উত্তৰ পূৰ্বাঞ্চল ভৰি আছে নানা মনোমোহা ঠাইৰে। অৱশ্যে পৰ্যটনৰ পূৰ্ণ সম্ভাৱনা থকাৰ পাছতো এতিয়াও উত্তৰ-পূৰ্বাঞ্চলৰ বহু ঠাই অনাদৃত হৈ থাকিব লগীয়া হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ মনোমহা ৰাজ্যৰ ভিতৰত অন্যতম হৈছে নাগালেণ্ড। চিৰসেউজ নাগালেণ্ডৰ এক অনন্য সুন্দৰ ঠাই হ'ল জুকো ভেলী। নাগালেণ্ড মণিপুৰৰ সীমান্তত থকা জুকো ভেলীৰ অনন্যৰূপে ক্ৰমাৎ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। অপৰূপা জুকো ভেলীয়ে এতিয়া হাত বাউলি মাতিছে পৰ্যটকক। সেউজ আস্বাদন, প্ৰাকৃতিক শোভাই যিদৰে পৰ্যটকক আকৰ্ষণ কৰি আহিছে তেনেদৰে ট্ৰেকিং কৰা সকলৰ বাবে জুকো ভেলী এতিয়া প্ৰথম পছন্দৰ ঠাই। অৱশ্যে এই মনোমহা ঠাই খনৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আপোনাক লাগিব অশেষ ধৈৰ্য্য আৰু এটা সুস্থ শৰীৰ। কিয়নো অতি দুৰ্গম তথা পাহাৰৰ একা বেকা পথেৰে ট্ৰেকিং পইণ্টৰ পৰা প্ৰায় ৬ ঘণ্টা খোজ কঢ়াৰ পাছত পোৱা যায় জুকো ভেলী। সম্প্ৰতি বিশ্বৰ অন্যতম পৰ্যটনৰ স্থান হৈ পৰিছে জুকো ভেলী। নৈসৰ্গিক পৰিবেশ, বতৰৰ নানাৰঙী ফুলেৰে পৰিপূৰ্ণ উপত্যকাটোলৈ প্ৰতিবছৰে হাজাৰ হাজাৰ পৰ্যটনৰ আগমন ঘটে। ভ্ৰমণ বিলাসী লোকৰ বাবে জুকো ভেলী হ'ব পাৰে সুন্দৰ অভিজ্ঞতাৰ স্থান। জুকো ভেলীৰ সূৰ্যোদয়ৰ নয়নাভিৰাম দৃশ্যই কষ্টকৰ এই যাত্ৰাত যোগাব পাৰে অনাবিল আনন্দ। সুউচ্চ গিৰিমালাই চৌদিশে বিলাইছে অনন্য সৌন্দৰ্য। চিৰসেউজ উপত্যকাত প্ৰকৃতিয়ে নিজৰ সৌন্দৰ্য বিলাই দিয়াত কোনো কৃপনালি কৰা নাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here