অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 19 March 2021

অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল

 অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল


কংগ্ৰেছ দলৰ ভূমিপুত্ৰই অসমৰ মুখ্যমন্ত্ৰী হ'ব- গৌৰৱ বল্লভ



বি জে পিৰ দিনত পেট্ৰল ডিজেলৰ মূল্য দুগুণ হ'ল- অলকা লাম্বা




W7S NEWS, ষ্টাফৰিপোৰ্টাৰ,  

'কংগ্ৰেছ দলৰ ভূমিপুত্ৰই অসমৰ মুখ্যমন্ত্ৰী হ'ব-এই ভাষ্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ গৌৰৱ বল্লভৰ। শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেলত তেওঁ লগতে কয় ' ১০১খন আসন কংগ্ৰেছে লাভ কৰিব আৰু  চৰকাৰ হ'ব। ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা আমি লাভ কৰিছোঁ। আমি আমাৰ ৫ টা গেৰাণ্টি চৰকাৰ গঠন হলে পালন কৰিম। এইবোৰ আমাৰ ঝুমলা নহয়।

বিজেপিৰ দিনত ১৬০% বৃদ্ধি হ'ল সামগ্ৰীৰ দাম। মোদীৰ সংবাদমেল দিয়াৰ সাহস নাই।

নিজৰ অধিকাৰ বিচাৰিলে দেশ দ্ৰোহী হয়। আদানী-আম্বানীৰ আয় বৃদ্ধি হয় কিন্তু সাধাৰণ জনতাৰ আয় কমে। যোৱাবাৰ কংগ্ৰেছ পৰাজিত হৈছে যদিও হতাশা হোৱা নাই।

'কা' আন্দোলন ষড়যন্ত্ৰ ভাবে বন্ধ কৰিলে।' সংবাদমেলযোগে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী অলকা লাম্বাই কয় ' ৪বছৰত ৭হাজাৰ লোকৰ বিৰুদ্ধে ইউ এ পি  আইনৰ অধীনত কাৰাবাস দিয়ে বিজেপি চৰকাৰে।

বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি। যদি বিজেপি এইবাৰ জয়ী হয় তেন্তে এই বাৰ্তা যাব যে নিবনুৱা সমস্যা,কা,ধৰ্মীয় উন্মাদৰ কোনো প্ৰভাৱ নাই।

অসমৰ নিৰ্বাচনৰ ফলাফল দেশলৈ এটা বাৰ্তা দিব।৫ খন ৰাজ্যৰ চকু অসমৰ ওপৰত,অসমতেই বিজেপি চৰকাৰ আছে।খাৰুৱা তেলৰ দাম আন্তঃ ৰাষ্ট্ৰীয় বজাৰৰ ওপৰত নিৰ্ভৰ কৰি নহয় নিৰ্বাচনৰ দিনৰ ওপৰত নিৰ্ভৰ কৰি হে কম-বেছি কৰা হয়।

অসমৰ সম্পদ অসমৰ ৰাইজৰ হকে ব্যৱহাৰ কৰিব লাগিছিল কিন্তু চৰকাৰ খনে এই সম্পদ ছিণ্ডিকেটক দিছে।' সংবাদমেলযোগে

অসম প্ৰদেশ কংগ্ৰেছ কমিটি

মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মাই কয় '

হৃষিকেশ গোস্বামী বি জে পিৰ প্ৰেছ উপদেষ্টাৰ পদৰ পৰা পদত্যাগ নকৰাকৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে,এই বিষয়ত নিৰ্বাচন আয়োগে বিহীত ব্যৱস্থা ল'ব লাগে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দৃষ্টিগোচৰ হৈছে যে অসম চৰকাৰৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে চৰকাৰী পদবী লৈ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ লৈ আছে। এই কাৰ্যসূচীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে। সেয়েহে এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগক ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱা হ'ল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লিগেল ডিপাৰ্টমেন্টৰ তৰফৰ পৰা এই সন্দৰ্ভত নিৰ্বাচনী আয়োগলৈ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই পত্ৰও প্ৰেৰণ কৰিছে। সৰ্বানন্দ সোণোৱালে যেতিয়া মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল , তেতিয়া তেওঁ একাধিক উপদেষ্টা নিযুক্তি দিছিল। সেই সকল উপদেষ্টাই চৰকাৰী দায়িত্বত থাকিয়েই নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি আছে নে নাই, তাক পুনৰ নিৰীক্ষণ কৰিবলৈ নিৰ্বাচন আয়োগক  আহ্বান জনালোঁ।'


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here