অসম একতা পৰিষদৰ ৰাজহুৱা আলোচনা সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 19 March 2021

অসম একতা পৰিষদৰ ৰাজহুৱা আলোচনা সভা

 




W7S NEWS, ষ্টাফৰিপোৰ্টাৰ,  অসম একতা পৰিষদৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটীৰ ৰূপনৰস্থিত মুক্তিযুঁজাৰু ভৱনত অসমৰ বান-গৰাখহনীয়া সমস্যা, চৰকাৰৰ স্থিতি আৰু পুনৰ সংস্থাপনৰ উদ্দেশ্যে

 এখন ৰাজহুৱা আলোচনা সভা অনুষ্ঠিত হয়। পৰিষদৰ ৰাজ্যিক সমন্বয়ক বীৰেন ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে অসম সংগ্ৰামী মঞ্চৰ প্ৰধান সম্পাদক 

সমৰজোতি বেজবৰুৱাই। সভাত মুখ্যবক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা প্ৰবন্ধকাৰ কিশোৰ কুমাৰ কলিতা। সভাত সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ নেতা দীনেশ দাস, কিষাণ সভাৰ নেতা জয়ন্ত গগৈ, নিবন্ধকাৰ চম্পক ডেকা, সমাজকর্মী বিনা হাজৰিকা, পাৰিজাত সন্দিকৈ, পৰিষদৰ ৰাষ্ট্ৰীয় সমিতিৰ সদস্য নয়নতৰা, কামৰূপ মহানগৰৰ সমন্বয়ক ডিম্বেশ্বৰ নাথ আদিয়ে। সভাত বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালক পুনৰ সংস্থাপনৰ উদ্দেশ্যে জাৰী কৰা জাননী নং আৰ জি আৰ/২০১৪/৯১ যোগে ২০০ কৌটি টকা পুনৰ সংস্থাপনৰ ক্ষেত্ৰত সহায় নকৰাৰ বাবে প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে নৱনিৰ্বাচিত চৰকাৰক এই সমস্যাৰ সমাধানৰ উদ্দেশ্যে সকলোকে সংগঠিত কৰা ,সম্প্ৰতি উচ্চ ন্যায়ালয়ত চলি থকা ৰাজহুৱা গোচৰটো অধিক সক্ৰিয়ভাৱে চলাই নিয়া, ভূমি জৰীপ প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ কৰি ভূমি পাট্টা তথা ভূমি অধিকাৰ সাব্যস্ত হোৱাৰ উদ্দেশ্যে চৰকাৰক আবেদন জনোৱা আদি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here