বিশ্ব নাট্য দিৱস উপলক্ষে ৰবীন্দ্ৰ ভৱনত নিউ আৰ্টছ প্লেয়াৰৰ নাটক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 24 March 2021

বিশ্ব নাট্য দিৱস উপলক্ষে ৰবীন্দ্ৰ ভৱনত নিউ আৰ্টছ প্লেয়াৰৰ নাটক

 





W7S NEWS, ষ্টাফৰিপোৰ্টাৰ,   বিশ্ব নাট্য দিৱস আৰু বিশিষ্ট নাট্যকাৰ, ঔপন্যাসিক অৰুণ শৰ্মাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ২৭ মাৰ্চত

সামাজিক- সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছৰ উদ্যোগত আৰু অৰুণ শৰ্মা নাট্য আৰু স্মৃতি ন্যাসৰ সহযোগত স্থানীয় ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত অৰুণ শৰ্মা ৰচিত নাটক "অগ্নিগড়" মঞ্চস্থ কৰা হ'ব - বুধবাৰে গুৱাহাটী প্ৰেছক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে বিশিষ্ট নাট্যকাৰ অবিনাশ শৰ্মাই। তেওঁ লগতে কয় ' অৰুণ শৰ্মা নাট্য আৰু স্মৃতি ন্যাসৰ সহযোগত  ২৭ আৰু ২৮ মাৰ্চত সন্ধিয়া ৬-৩০ বজাৰ পৰা আয়োজিত  নাটকৰ পৰিচালনা মই  কৰিছোঁ। নাটকৰ বিভিন্ন চৰিত্ৰত জনপ্ৰিয় শিল্পী ডাঃ চিন্ময় চক্ৰৱৰ্তী, দেৱজিৎ  মজুমদাৰ, গায়ত্ৰী শৰ্মা. ডাঃ লিমা দাস, চৈয়দ ইস্মে আলম, জয়ন্ত শৰ্মা ইত্যাদি প্ৰমুখ্যে কেইবাগৰাকী ন-পুৰণি শিল্পীয়ে অংশ ল'ব৷ নাটকখনৰ আৱহ সংগীত মনমিত আৰু মনদীপ মহন্তৰ, পোহৰ ডিম্পল দাসৰ, মঞ্চসজ্জা আৰু মঞ্চৰ সামগ্রী উমাকান্ত সোণোৱালৰ, সাজসজ্জা ৰাণী দত্ত বৰুৱাৰ, ৰূপসজ্জা তীব্ৰজোতি বৈৰাগীৰ, প্ৰযোজনা নিয়ন্ত্ৰণ উৎপল গোস্বামী, জয়ন্ত কুমাৰ শৰ্মাৰ আৰু পোহৰ সামগ্রী যোগান মুকুট চৌধুৰীৰ।'

১৯৫৪ চনত জন্মগ্ৰহণ কৰা নিউ আৰ্ট প্লেয়াৰ্ছে বিগত ৬৭ বছৰত অনুষ্ঠানটোক সাংস্কৃতিক ক্ষেত্ৰখনতেই আবদ্ধ নাৰাখি বিভিন্ন সামাজিক দিশতো অৰিহণা আগবঢ়াই বৰ্তমানেও ৰাজ্যৰ অন্যতম সামাজিক - সাংস্কৃতিক অনুষ্ঠান হিচাপে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷' সংবাদমেলত নিউ আৰ্টছ প্লেয়াৰ্ছৰ সাধাৰণ সম্পাদক ৰথীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য্য, অৰুণ শৰ্মা নাট্য আৰু স্মৃতি ন্যাসৰ ট্ৰাষ্টী অচিন্ত শৰ্মা,জনপ্ৰিয় শিল্পী ডাঃ চিন্ময় চক্ৰৱৰ্তী,গায়ত্ৰী শৰ্মা. ডাঃ লিমা দাস আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here