এছ বি আইৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ১৪.২৮ শতাংশ বৃদ্ধি নিকা লাভ, উপনীত ২৩,০৩৮ কোটি টকাত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 3 November 2026

এছ বি আইৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ১৪.২৮ শতাংশ বৃদ্ধি নিকা লাভ, উপনীত ২৩,০৩৮ কোটি টকাত


 


W7s news,,ভাৰতীয় ষ্টেট বেংকে (SBI) ২০২৬-২৭ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ১৪.২৮ শতাংশ বাৰ্ষিক বৃদ্ধিৰে ২৩,০৩৮ কোটি টকাৰ নিকা লাভ (Net Profit) নথিভুক্ত কৰিছে। একে সময়ছোৱাত বেংকটোৰ কাৰ্যকৰী লাভ (Operating Profit) ৭.২৮ শতাংশ বৃদ্ধি পাই ৩৪,২২৬ কোটি টকাত উপনীত হয়। আনহাতে, নিকা সুতৰ আয় (NII) বাৰ্ষিক ১৪.৬৯ শতাংশ বৃদ্ধিৰে ৪৯,১৪৩ কোটি টকা হয়।


বেংকটোৰ সামগ্ৰিক ব্যৱসায়ৰ পৰিমাণ প্ৰায় ১১৫ ট্ৰিলিয়ন টকাত উপনীত হৈছে। ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈ বেংকৰ মুঠ জমা পুঁজি ৬২.৭৮ ট্ৰিলিয়ন টকা আৰু মুঠ ঋণ প্ৰদানৰ পৰিমাণ ৫২.০৮ ট্ৰিলিয়ন টকাত উপনীত হয়, যিয়ে বাৰ্ষিক ভিত্তিত ক্ৰমে ১২.২৭ শতাংশ আৰু ১৭.৮৪ শতাংশ বৃদ্ধিৰ হাৰ প্ৰতিফলিত কৰিছে। ‘আৰ এ এম’ (Retail, Agriculture and MSME) খণ্ডত ১৭.৩৪ শতাংশ বৃদ্ধি নথিভুক্ত হোৱাৰ বিপৰীতে কৃষি ঋণ ২২.৬৪ শতাংশ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ঋণ ২১.৯৭ শতাংশ আৰু খুচুৰা ব্যক্তিগত ঋণ ১৪.৫৪ শতাংশ বৃদ্ধি পায়।


ইফালে, বেংকটোৰ সম্পদৰ গুণগত মানৰো উন্নতি পৰিলক্ষিত হৈছে। মুঠ অনুৎপাদক সম্পদৰ অনুপাত (Gross NPA) পূৰ্বৰ বছৰৰ ১.৭৩ শতাংশৰ পৰা হ্ৰাস পাই ১.৩৯ শতাংশ হয়। একেদৰে, প্ৰকৃত অনুৎপাদক সম্পদৰ অনুপাত (Net NPA) ০.৩৬ শতাংশলৈ হ্ৰাস পায়। ঋণ ব্যয়ৰ হাৰ (Credit Cost) বাৰ্ষিক ১৭ বেছিছ পইণ্ট হ্ৰাস পাই ০.২২ শতাংশত উপনীত হয়।


২০২৬-২৭ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ অন্তত বেংকটোৰ মূলধন আৰু বিপদাশংকাযুক্ত সম্পদৰ অনুপাত (CRAR) ১৬.০৯ শতাংশত উপনীত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here