W7s news,,গুৱাহাটী, ১১ নৱেম্বৰ, ২০২৬: মধুমেহ অৰ্থাৎ ডায়বেটিছ ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু ইয়াৰ সঠিক নিৰাময়ৰ গুৰুত্বক বিশেষভাৱে তুলি ধৰি পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে গ্ৰহণ কৰিছে এক বিশেষ সজাগতা তথা স্বাস্থ্য পৰীক্ষাৰ পদক্ষেপ। জনসাধাৰণক নিজৰ শৰীৰত ডায়বেটিছৰ স্থিতি সন্দৰ্ভত সময় থাকোঁতেই সচেতন কৰি তোলাৰ লক্ষ্যৰে চিকিৎসালয়খনে যোৱা ৭ নৱেম্বৰৰ পৰা অহা ১৪ নৱেম্বৰ, ২০২৬ লৈকে পালন কৰিছে বিশেষ 'ডায়বেটিছ সপ্তাহ'।
সাধাৰণতে প্ৰাথমিক অৱস্থাত ডায়বেটিছৰ কোনো স্পষ্ট লক্ষণ ফুটি নুঠাৰ ফলত শৰীৰত জটিলতাই দেখা নিদিয়ালৈকে বহু লোক এই ৰোগ সন্দৰ্ভত সম্পূর্ণ অজ্ঞাত হৈ থাকে। এই বিশেষ পদক্ষেপৰ জৰিয়তে চিকিৎসালয়খনে জনসাধাৰণক নিয়মীয়া স্বাস্থ্য পৰীক্ষাক অগ্ৰাধিকাৰ দিবলৈ উৎসাহিত কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ লগতে স্বাস্থ্যজনিত সম্ভাৱ্য বিপদাশংকাসমূহ বুজি উঠি ডায়বেটিছজনিত জটিলতা প্ৰতিৰোধ তথা নিয়ন্ত্ৰণৰ বাবে সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈও জনসাধাৰণক অনুপ্ৰাণিত কৰিছে পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে।
এই সজাগতামূলক পদক্ষেপৰ অংশ হিচাপে পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে ২৫ শতাংশ ৰেহাই মূল্যেৰে মাত্ৰ ২,৯০৪ টকাত আগবঢ়াইছে এক 'বিশেষ ডায়বেটিছ কেয়াৰ পেকেজ'। এই বিশেষ পেকেজটোত ফাষ্টিং ব্লাড ছুগাৰ (এফবিএছ), হিম’গ্লবিন (এইচ বি%), ছিৰাম ক্ৰিয়েটিনিন, ইউৰিন ৰুটিন একজামিনেশ্যন (ইউৰিণ আৰ ই), এইচবিএ১চি, লিপিড প্ৰফাইল, থাইৰয়ড ষ্টিমুলেটিং হৰম’ন (টিএছএইচ) আৰু ইচিজি পৰীক্ষাৰ লগতে এগৰাকী ডায়বেটিছ বিশেষজ্ঞৰ সৈতে স্বাস্থ্য পৰামৰ্শৰ সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে।
লক্ষ্যণীয়ভাৱে, ডায়বেটিছ আৰু ইয়াৰ ফলত সৃষ্টি হ’ব পৰা সম্ভাৱ্য জটিলতাসমূহৰ সৈতে জড়িত শৰীৰৰ গুৰুত্বপূৰ্ণ মাপকাঠীসমূহৰ এক সামগ্ৰিক মূল্যায়নৰ বাবেই এই স্বাস্থ্য পৰীক্ষাৰ পেকেজটো বিশেষভাৱে প্ৰস্তুত কৰি উলিওৱা হৈছে। ইয়াৰ জৰিয়তে ৰোগীসকলক প্ৰয়োজন অনুসৰি চিকিৎসকৰ উপযুক্ত পৰামৰ্শ আৰু পৰৱৰ্তী চিকিৎসা গ্ৰহণৰ বাবেও উৎসাহিত কৰা হৈছে। চিকিৎসালয় কৰ্তৃপক্ষই সদৰী কৰা মতে বিশেষ ৰেহাইৰ এই সুবিধা অহা ১৪ নৱেম্বৰ, ২০২৬ লৈকে উপলব্ধ থাকিব।
চিকিৎসালয়খনৰ এই পদক্ষেপ সন্দৰ্ভত মন্তব্য আগবঢ়াই পিয়াৰলেছ হস্পিতাল গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ প্ৰণৱ বৰুৱাই কয়, “ডায়বেটিছ বৰ্তমান এক ক্ৰমবৰ্ধমান জনস্বাস্থ্যজনিত চিন্তাৰ কাৰণ হৈ পৰিছে। ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে যে এই ৰোগে শৰীৰত বিৰূপ প্ৰভাৱ নেপেলোৱালৈকে মানুহে প্ৰায়ে নিজে আক্রান্ত হোৱাৰ কথাটো অনুভৱেই নকৰে। ৰোগৰ আগতীয়া চিনাক্তকৰণ, নিয়মীয়া নিৰীক্ষণ আৰু সময়োচিত চিকিৎসা পৰামৰ্শই শাৰীৰিক জটিলতা ৰোধ কৰাৰ লগতে জীৱনধাৰণৰ মান উন্নত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। এই পদক্ষেপৰ জৰিয়তে আমি জনসাধাৰণক নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক তৎপৰ হ’বলৈ আৰু প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষাক দৈনন্দিন স্বাস্থ্যসেৱাৰ এক অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তুলিবলৈ উৎসাহিত কৰিব বিচাৰিছোঁ। ভৱিষ্যতে নিজৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত আজিৰ দিনটোত নিজৰ শাৰীৰিক স্থিতি জনাটো হৈছে এক অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ।”
বিশেষকৈ যিসকল লোকৰ পৰিয়ালত পূৰ্বৰে পৰা ডায়বেটিছৰ ইতিহাস আছে, যিসকলে শাৰীৰিক পৰিশ্ৰমবিহীন জীৱনশৈলী অতিবাহিত কৰে অথবা অন্যান্য আনুষংগিক বিপদাশংকাৰ মাজত আছে, তেনে লোকসকলক স্বাস্থ্য বিশেষজ্ঞৰ সৈতে আলোচনা কৰি নিজৰ বাবে প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষাসমূহৰ বিষয়ে বুজি ল'বলৈ আহ্বান জনায় পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে। উপযুক্ত সজাগতা, সময়মতে ৰোগ নিৰ্ণয় আৰু চিকিৎসকৰ নিয়মীয়া তত্ত্বাৱধানেই ডায়বেটিছৰ ফলপ্ৰসূ নিৰাময়ৰ মূল ভেটি বুলি চিকিৎসালয়খনে পুনৰবাৰ দোহাৰে।
প্ৰণিধানযোগ্য যে, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু সামাজিক সজাগতাৰ ওপৰত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি অহা পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে জনসাধাৰণক স্বাস্থ্য সন্দৰ্ভত সঠিক সিদ্ধান্ত গ্ৰহণৰ বাবে উৎসাহিত কৰিবলৈ সদায়েই প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ সমান্তৰালভাৱে ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু নিয়মীয়া স্বাস্থ্য মূল্যায়নৰ গুৰুত্ব সন্দৰ্ভত সৰ্বসাধাৰণক অধিক সচেতন কৰি তোলাৰ বাবেও চিকিৎসালয়খনে অবিৰত প্রচেষ্টা অব্যাহত ৰাখিছে।

No comments:
Post a Comment