"স্পেচিয়েল টাস্ক ফ'ৰ্চ” গঠন কৰি সন্দেহজনক লোকৰ বসতিপ্রধান অঞ্চলবোৰত চলাওক ব্যাপক অপাৰেচন : হিন্দু যুৱ-ছাত্ৰ
W7s news গুৱাহাটী:: ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰক জেহাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাবলৈ দাবী জনাইছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি পৰিষদৰ মুখ্য উপদেষ্টা বলেন বৈশ্যই কয় যে সমগ্র দেশৰ লগতে অসমতো সর্বত্রে চানি ধৰিছে ইছলামিক জেহাদীয়ে। বাংলাদেশৰ বৰ্তমান চৰকাৰে উদ্দেশ্যপ্রণোদিতভাবে বাংলাদেশীৰ জৰিয়তে ভাৰতৰ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া কাৰ্য্যত বাধা প্রদান কৰা আৰু উন্মুক্ত সীমান্তৰে প্রশিক্ষণপ্রাপ্ত জেহাদী কুটাঘাট সংঘটিত কৰিবলৈ আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ঘাটি স্থাপনৰ বাবে অহর্নিশে প্ৰেৰণ কৰি আহিছে। অসমত প্ৰৱেশ কৰা ইছলামিক জেহাদীয়ে অসমত ঘাটি স্থাপনৰ লগতে এক মজবুত সাংগঠনিক নেটৱৰ্ক গঢ়ি তুলিছে বুলিও সংগঠনটোৰ মুখ্য উপদেষ্টাগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে। একেখন সংবাদমেলতে মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে নামনি অসমত যোৱা ২৯ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় তদন্ত সংস্থা (NIA) এ অভিযান চলাই ৬ জনকৈ দুর্ধর্ষ জেহাদীক গ্ৰেপ্তাৰ কৰা কাৰ্যই প্ৰমাণ কৰে যে অসমত জেহাদীয়ে সাংগঠনিক নেটৱৰ্ক শক্তিশালী কৰাৰ লগতে সন্দেহজনক লোকৰ বসতি প্রধান অঞ্চলসমূহত ঘাটি স্থাপন কৰি লৈছে। অসমত জেহাদীৰ উত্থান সম্পৰ্কত অসম আৰক্ষীৰ নির্লিপ্ততাই জনগণক চিন্তিত কৰি তুলিছে বুলিও বৈশ্যই মন্তব্য কৰে। সেয়েহে অসম আৰক্ষীৰ ভৰসাত বহি নাথাকি জেহাদী নির্মূলৰ বাবে এটা 'স্পেচিয়েল টাস্ক ফ'ৰ্ট' (STF) গঠন কৰি জেহাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাবলৈ চৰকাৰক সংগঠনটোরে দাবী জনায়। অৱশ্যে এই 'স্পেচিয়েল টাস্ক ফ'ৰ্চ' (STF) কেৱল হিন্দু যুৱকৰ দ্বাৰা গঠন কৰিব লাগে আৰু ইয়াক কেন্দ্ৰীয় চৰকাৰে পোনপটীয়াকৈ নিয়ন্ত্ৰণ কৰিব লাগে বুলিও সংগঠনটোৱে দাবী উত্থাপন কৰে।আজিৰ সংবাদমেলত পৰিষদৰ কেন্দ্রীয় সভাপতি মাধব দাস, উপ-সভাপতি নিতিশ ভট্টাচার্য, মুখ্য সাংগঠনিক সম্পাদক বিটুমণি গগৈ, কার্যনির্বাহক সদস্য টিংকু কলিতাৰ লগতে গুৱাহাটী মহানগৰ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

No comments:
Post a Comment