আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজাৰ বৰ্ণাঢ্য শুভাৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 17 October 2026

আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজাৰ বৰ্ণাঢ্য শুভাৰম্ভ



‘স্বৰ্ণগিৰি’ৰ আকৰ্ষণীয় ৰূপে মুহিছে ভক্ত-দৰ্শনাৰ্থীক

W7s news,,গুৱাহাটী, ১৬ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ ষষ্ঠীৰ দিনা শুকুৰবাৰে আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজাৰ বৰ্ণাঢ্য শুভাৰম্ভ হয়। ১৯৮৩ চনত প্ৰতিষ্ঠা হোৱা এই পূজা সমিতিয়ে এইবাৰ ৪৩সংখ্যক বৰ্ষৰ দুৰ্গাপূজা উদযাপন কৰিছে। এইবাৰ পূজাৰ মণ্ডপটো হায়দৰাবাদৰ প্ৰসিদ্ধ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰৰ আৰ্হিত ‘স্বৰ্ণগিৰি’ৰ ৰূপত সজাই তোলা হৈছে। মণ্ডপৰ মনোমোহা সজ্জাই ভক্ত-দৰ্শনাৰ্থীৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে।
পূজাৰ মণ্ডপটো আনুষ্ঠানিকভাৱে মুকলি কৰে মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক বিজয় গুপ্তা, অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান জি এম শ্ৰীবাস্তৱ, বিশিষ্ট লেখিকা তথা কবি সুধা শ্ৰীবাস্তৱ আৰু অসম প্ৰদেশ বিজেপি যুৱ মৰ্চাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ঈশান ভৰালীয়ে। এই উপলক্ষে বিধায়ক বিজয় গুপ্তা আৰু প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান জি এম শ্ৰীবাস্তৱে মণ্ডপৰ মূল প্ৰৱেশদ্বাৰৰ দুয়োকাষে স্বস্তিক চিহ্ন আঁকি পূজা-অৰ্চনা কৰে আৰু সকলোকে দুৰ্গোৎসৱৰ শুভেচ্ছা জনায়।
উদ্বোধনী অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল কলকাতাৰ পৰা অহা পুৰোহিতৰ দলে পৰিৱেশন কৰা মা দুৰ্গাৰ ভক্তিমূলক আৰতি। গংগা আৰতিৰ আৰ্হিত পৰিৱেশন কৰা এই আৰতিয়ে সমগ্ৰ পৰিৱেশ ভক্তিময় কৰি তোলে। ইয়াৰ পূৰ্বে মঞ্চত উপস্থিত অতিথিসকলক ফুলাম গামোচা আৰু মা দুৰ্গাৰ প্ৰতিমূৰ্তি উপহাৰ দি পৰম্পৰাগতভাৱে আদৰণি জনোৱা হয়। পূজা সমিতিৰ সভাপতি প্ৰমোদ হৰলালকা (লালা)ই ভাষণ প্ৰসংগত অতিথি আৰু ভক্ত-দৰ্শনাৰ্থীসকলক আদৰণি জনায়। আমন্ত্ৰিত অতিথিসকলেও সকলোকে দুৰ্গাপূজাৰ শুভেচ্ছা জ্ঞাপন কৰে।
অনুষ্ঠানত পূজা সমিতিৰ সম্পাদক সন্দীপ আনন্দ (সোণু), কোষাধ্যক্ষ বিকাশ তিৱাৰী, পৰিচালনা সম্পাদক দিবাকৰ মণি ঠাকুৰ আৰু ৰাঁচীৰ পৰা অহা জগদীশ শ্ৰীবাস্তৱকে ধৰি সমিতিৰ বহু বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে। উদ্বোধনৰ পিছত অতিথিসকলে মা দুৰ্গাৰ দৰ্শন কৰি পূজা-অৰ্চনা কৰে।
অনুষ্ঠানত মুকেশ মিত্তল, সঞ্জয় কানৈ, সুমিত জৈন, মনোজ আগৰৱালা, ৰোহন হংসৰিয়া, ৰাজেশ কেজৰিৱাল, ৰঞ্জিত দাস, মহেশ হেড়া, কমল আগৰৱালা, সুৰেন্দ্ৰ মিত্তল, ৰাজেশ হংসৰিয়া, বিজয় আগৰৱালা (তিৰুপতি), প্ৰকাশ কাবৰা, সঞ্জয় গুপ্তা আৰু প্ৰভাত দাসকে ধৰি বহু কৰ্মকৰ্তা আৰু ভক্ত-দৰ্শনাৰ্থী উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here