গুৱাহাটীত মুকলি হ’ল ৰয়েল এনফিল্ডৰ ‘দশৰূপী’, মটৰচাইকেলৰ যন্ত্ৰাংশৰে নিৰ্মিত দেৱী দুৰ্গাৰ ব্যতিক্ৰমী প্ৰতিমা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 16 October 2026

গুৱাহাটীত মুকলি হ’ল ৰয়েল এনফিল্ডৰ ‘দশৰূপী’, মটৰচাইকেলৰ যন্ত্ৰাংশৰে নিৰ্মিত দেৱী দুৰ্গাৰ ব্যতিক্ৰমী প্ৰতিমা


 


পৰম্পৰা, সৃষ্টিশীলতা আৰু নাৰী সবলীকৰণৰ এক অনন্য প্ৰয়াস। বিশেষভাৱে নিৰ্মিত দুৰ্গা প্ৰতিমা, মহিলা বাইক আৰোহীৰ ৰেলী আৰু দৰ্শনাৰ্থীৰ বাবে আকৰ্ষণীয় পুৰস্কাৰেৰে উদযাপন কৰা হৈছে এই বিশেষ দুৰ্গোৎসৱ।


W7s news,,গুৱাহাটী, ১৬ অক্টোবৰ, ২০২৬: শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ মাজতে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত লতাশিলৰ গুৱাহাটী সাৰ্বজনীন দুৰ্গাপূজাত মুকলি কৰা হ’ল ৰয়েল এনফিল্ডৰ এক ব্যতিক্ৰমী উদ্যোগ ‘দশৰূপী’ (DASHAROOPI)। ছুপাৰহিটছ ৯৩.৫ ৰেড এফ এমৰ সহযোগত আয়োজন কৰা এই বিশেষ উদ্যোগে পৰম্পৰা, সৃষ্টিশীলতা আৰু বাইক আৰোহণৰ উদ্যমক একেলগে সামৰি লৈছে। ১৬ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ চলিবলগীয়া এই আয়োজনে গুৱাহাটীৰ দুৰ্গাপূজাৰ উৎসৱমুখৰ পৰিৱেশত যোগ কৰিছে এক নতুন মাত্ৰা।


‘দশৰূপী’ৰ মূল আকৰ্ষণ হৈছে বিশেষভাৱে নিৰ্মাণ কৰা দেৱী দুৰ্গাৰ প্ৰতিমা। এই প্ৰতিমাৰ বিশেষত্ব হ’ল, দেৱীৰ হাতত থকা ত্ৰিশূলকে ধৰি পৰম্পৰাগত অস্ত্ৰসমূহ ৰয়েল এনফিল্ড মটৰচাইকেলৰ বিভিন্ন যন্ত্ৰাংশ আৰু পৰিত্যক্ত সামগ্ৰীৰে সৃষ্টিশীলভাৱে নিৰ্মাণ কৰা হৈছে। পৰম্পৰাগত দুৰ্গা প্ৰতিমাৰ মূল ৰূপ আৰু আধ্যাত্মিক তাৎপৰ্য অক্ষুণ্ণ ৰাখি মটৰচাইকেলৰ যন্ত্ৰাংশৰ এনে অভিনৱ ব্যৱহাৰে প্ৰতিমাটোক প্ৰদান কৰিছে এক সুকীয়া ৰূপ।


দেৱী দুৰ্গাৰ শক্তি আৰু সাহসৰ প্ৰতীকী তাৎপৰ্যক ৰয়েল এনফিল্ডৰ শক্তি, দৃঢ়তা আৰু দুঃসাহসিক মনোভাবৰ সৈতে সংযোগ কৰাই হৈছে এই উদ্যোগৰ মূল ভাবনা। 


পৰম্পৰাগত শিল্পকলাৰ সৈতে মটৰচাইকেলৰ কাৰিকৰী বৈশিষ্ট্যৰ সমন্বয়েৰে গঢ়ি তোলা এই শিল্পকৰ্মই পৰিত্যক্ত যন্ত্ৰাংশকো যে সৃষ্টিশীলতাৰ জৰিয়তে এক নতুন অৰ্থ আৰু ৰূপ দিব পাৰি, তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।


উদ্বোধনী অনুষ্ঠানৰ আন এক বিশেষ আকৰ্ষণ আছিল মহিলা বাইক আৰোহীসকলৰ এক বিশেষ ৰেলী। নাৰীৰ আত্মবিশ্বাস, স্বাধীনতা আৰু সাহসক উদযাপন কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই ৰেলীয়ে ‘দশৰূপী’ৰ নাৰী সবলীকৰণৰ বাৰ্তাক অধিক অৰ্থবহ কৰি তোলে।

কেৱল ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা দৰ্শনেই নহয়, পূজামণ্ডপলৈ অহা দৰ্শনাৰ্থীসকলৰ বাবেও থাকিব বিশেষ আকৰ্ষণ। 


পাঁচদিনীয়া এই আয়োজনৰ সময়ছোৱাত বিভিন্ন লাকী ড্ৰ' আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আকৰ্ষণীয় উপহাৰ আৰু পুৰস্কাৰ লাভ কৰাৰ সুযোগ পাব দৰ্শনাৰ্থীসকলে।


‘দশৰূপী’ৰ জৰিয়তে ৰয়েল এনফিল্ড আৰু ৰেড এফ এমে ভক্তপ্ৰাণ ৰাইজ, বাইকপ্ৰেমী আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক একত্ৰিত কৰি দুৰ্গোৎসৱক এক সুকীয়া অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰয়াস কৰিছে। একে সময়তে মটৰচাইকেল আৰোহণৰ ক্ষেত্ৰত মহিলাসকলৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণ আৰু আত্মবিশ্বাসকো এই উদ্যোগে উদযাপন কৰিছে।


দেৱী দুৰ্গাৰ এই বিশেষ প্ৰতিমা, মহিলা বাইক আৰোহীৰ ৰেলী আৰু অনুষ্ঠানৰ অন্যান্য আকৰ্ষণীয় মুহূৰ্তসমূহ ৰেড এফ এমৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহতো প্ৰকাশ কৰা হ'ব।


অহা ২০ অক্টোবৰলৈ গুৱাহাটীৰ লতাশিলৰ গুৱাহাটী সাৰ্বজনীন দুৰ্গাপূজা মণ্ডপত দৰ্শনাৰ্থীসকলৰ

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here