আধুনিক ভাৰতীয় পৰিচয়ক উদযাপন কৰি ABD-এ মুকলি কৰিলে প্ৰিমিয়াম হুইস্কী ‘দ্য ইণ্ডিয়ান এডিট’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 8 October 2026

আধুনিক ভাৰতীয় পৰিচয়ক উদযাপন কৰি ABD-এ মুকলি কৰিলে প্ৰিমিয়াম হুইস্কী ‘দ্য ইণ্ডিয়ান এডিট’

 


~দ্য ইণ্ডিয়ান এডিটে অন্যতম উৎকৃষ্ট হুইস্কিৰ সংমিশ্ৰণ প্ৰস্তুত কৰি প্ৰিমিয়াম সুৰাৰ জগতত স্থাপন কৰিছে এক সুকীয়া মানদণ্ড ~


নৱবার্তা গুৱাহাটী : দেশৰ অন্যতম অগ্ৰণী সুৰা প্ৰতিষ্ঠান এলাইড ব্লেণ্ডাৰ্ছ এণ্ড ডিষ্টিলাৰ্ছ লিমিটেড (ABD)-এ আজি নিজৰ নতুন প্ৰিমিয়াম হুইস্কী ‘দ্য ইণ্ডিয়ান এডিট’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে।


পৰম্পৰা আৰু পৰিৱৰ্তনশীল সংস্কৃতিক এক সুকীয়া ব্যক্তিগত পৰিচয়ৰ ৰূপ দিয়াৰ আমাৰ সামৰ্থ্য আৰু আত্মবিশ্বাসৰ দ্বাৰাই যে আধুনিক ভাৰতীয় সফলতা ক্ৰমাৎ সংজ্ঞায়িত হৈছে, সেই উপলব্ধিৰ ওপৰতেই এই ব্ৰেণ্ডটো গঢ় লৈ উঠিছে। সমসাময়িক তথা বিশ্বজনীন ভাৰতীয় উপভোক্তাসকলৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা ‘দ্য ইণ্ডিয়ান এডিট’-এ ভাৰতীয় পৰিচয়ক এক গৌৰৱৰ উৎস হিচাপে তুলি ধৰি তাক এক প্ৰিমিয়াম হুইস্কীৰ উৎকৃষ্ট অভিজ্ঞতালৈ ৰূপান্তৰিত কৰিছে।




দ্য ইণ্ডিয়ান এডিট’ হৈছে ভাৰতীয় মল্ট আৰু গ্ৰেইন স্পিৰিটৰ সৈতে উৎকৃষ্ট স্কটছ মল্টৰ এক অপূৰ্ব সংমিশ্ৰণ। ইয়াত থকা ভেনিলা, কেৰামেল আৰু মৃদু ওকৰ সুবাস এনে মল্টৰ সৈতে যুগুত কৰা হৈছে, যিয়ে ইয়াক এক উষ্ণ ভাব, সমৃদ্ধ সোৱাদ আৰু শেষলৈ এক দীৰ্ঘস্থায়ী তৃপ্তি প্ৰদান কৰে। ‘দ্য ইণ্ডিয়ান এডিট’ৰ পেকেজিঙৰ মূল ধাৰণাটো দৈনন্দিন ভাৰতীয় জীৱনৰ পৰাই আহৰণ কৰা হৈছে। ভাৰতীয় নোটসমূহৰ পৰা অনুপ্ৰেৰণা লৈ বটলটোত বহুতো আঞ্চলিক ভাষা খোদিত কৰা হৈছে। ইয়াৰ পৰিপাটি লেবেলখনত পুৰণি দিনৰ পৰম্পৰাগত ভাৰতীয় ভ্ৰাম্যমাণ চাৰ্কাছৰ স্মৃতি সজীৱ কৰি তোলা এক ভিণ্টেজ নক্সা সংযোজন কৰা হৈছে আৰু ইয়াৰ ঢাকনিখন মহাৰজাৰ মুকুটৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে। এই সকলোবোৰ দিশে একত্ৰিত হৈ ব্ৰেণ্ডটোৰ গৌৰৱান্বিত আৰু খাঁটি ভাৰতীয় সত্তাটোক অধিক স্পষ্ট কৰি তুলিছে। 
















ABDৰ পৰিচালন সঞ্চালক অমৰ সিনহাই এই বিষয়ে কয় যে, “ভাৰতৰ সুৰা উদ্যোগ বৰ্তমান এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছে আৰু প্ৰিমিয়াম হুইস্কী ইয়াৰ ঠিক কেন্দ্ৰবিন্দুতে অৱস্থান কৰিছে। আজিৰ গ্ৰাহকসকলে কেৱল মূল্য আৰু পৰিমাণৰ উৰ্ধ্বত গৈ উৎকৃষ্ট মানদণ্ড, সুকীয়া বৈশিষ্ট্য আৰু সুৰাপানৰ এক অধিক উন্নত অভিজ্ঞতা বিচাৰিছে আৰু এই ধাৰাটো ক্ৰমাৎ দ্ৰুততৰ হৈ উঠিছে। এই শ্ৰেণীটোৰ ভৱিষ্যতক লৈ আমাৰ যি দৃষ্টিভংগী, তাৰেই এক বলিষ্ঠ প্ৰতিফলন হৈছে ‘দ্য ইণ্ডিয়ান এডিট’। ই আমাৰ বিশ্বাসক প্ৰকাশ কৰাৰ লগতে ভাৰতৰ প্ৰিমিয়ামাইজেশ্বনৰ এই নৱযাত্ৰাত কেৱল অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে নেতৃত্ব বহন কৰাৰ বাবে ABDৰ যি লক্ষ্য, তাক অধিক দৃঢ় কৰি তুলিছে। বিকাশৰ এই পৰৱৰ্তী পৰ্যায়টোৰ এক অবিচ্ছেদ্য অংশ হ’বলৈ আমি আগ্ৰহেৰে বাট চাইছোঁ।”


ABDৰ গ্ৰুপ মুখ্য বিপণন আৰু উদ্ভাৱন বিষয়া বিক্ৰম বসুৱে এই মুকলি সন্দৰ্ভত মন্তব্য কৰি কয় যে,“‘দ্য ইণ্ডিয়ান এডিট’ প্ৰিমিয়াম হুইস্কিয়ে আজিৰ ভাৰতৰ সৌন্দৰ্যক তুলি ধৰিছে। এই ভাৰত দৃষ্টিকোণৰ দিশৰ পৰা ক্ৰমাৎ আধুনিক, বিশ্বমানত প্ৰতিযোগিতাসক্ষম আৰু এটা জাতি হিচাপে আমাৰ তথা আমাৰ প্ৰাচীন সভ্যতাৰ মূল আধাৰস্বৰূপ পৰম্পৰা আৰু মূল্যবোধৰ ভেটিত ক্ৰমবিকাশমান। ই ‘দ্য ইণ্ডিয়ান’ হিচাপে নিজৰ শিপাৰ সৈতে সংযুক্ত আৰু এক সমসাময়িক তথা বিশ্বজনীন দৃষ্টিভংগী গঢ়ি তোলাৰ ক্ষেত্ৰত আত্মবিশ্বাসী এগৰাকী ব্যক্তিক উদযাপন কৰে। মূল্য আৰু পৰিমাণ উভয় দিশৰ পৰাই আজিৰ সুৰা ব্যৱসায়ৰ যি মূল কেন্দ্ৰবিন্দু, ঠিক তাতেই ইয়াৰ আত্মপ্ৰকাশ ঘটিছে আৰু ইয়াক এক অনন্য সফলতালৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত আমাৰ সামৰ্থ্যৰ ওপৰত আমি সম্পূৰ্ণ আত্মবিশ্বাসী।”


ভাৰতৰ প্ৰিমিয়াম হুইস্কী খণ্ডৰ নিৰন্তৰ বিকাশৰ গতিৰ মাজতে এই বিকল্পসমূহ আগবঢ়াই দিয়া হৈছে, য’ত গ্ৰাহকসকলে উৎকৃষ্ট মানদণ্ড, সুকীয়া বৈশিষ্ট্য আৰু সুৰাপানৰ অধিক উন্নত অভিজ্ঞতাৰ সমন্বয় ঘটা ব্ৰেণ্ডসমূহ ক্ৰমাৎ অধিক বিচৰা দেখা গৈছে। ‘দ্য ইণ্ডিয়ান এডিট’ অসম, মহাৰাষ্ট্ৰ, দিল্লী, হাৰিয়ানা, উত্তৰপ্ৰদেশ, পঞ্জাৱ, চণ্ডীগড়, ঝাৰখণ্ড, ত্ৰিপুৰা, ৰাজস্থান, গোৱা, দমন, তেলেংগানা আৰু পশ্চিমবংগকে ধৰি প্ৰধানবজাৰসমূহত 750 ml, 500 ml আৰু180 mlৰ পেকত উপলব্ধ হ’ব আৰু অচিৰে অন্যান্য বজাৰসমূহলৈও ইয়াৰ বিস্তাৰৰ পৰিকল্পনা কৰা হৈছে। অসমত 750mlৰ পেকটোৰ মূল্য ₹990 নিৰ্ধাৰণ কৰা হৈছে। ৰাজ্যিক আবকাৰী নিয়ম আৰু কৰৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ৰাজ্য অনুসৰি গ্ৰাহকৰ বাবে নিৰ্ধাৰিত মূল্যৰ তাৰতম্য ঘটিব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here