সোনোৱাল কছাৰী জনগোষ্ঠীৰ ব্যাকৰণ 'সোনোৱাল ভাষাৰ ব্যাকৰণৰ আদিপাঠ’ উন্মোচনঃ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 22 September 2026

সোনোৱাল কছাৰী জনগোষ্ঠীৰ ব্যাকৰণ 'সোনোৱাল ভাষাৰ ব্যাকৰণৰ আদিপাঠ’ উন্মোচনঃ

 

অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা- শব্দসমূহ  নতুন প্ৰজন্মই ক্ৰমান্বয়ে নজনা হৈ অহাত  জাতিটো সংকটৰ মুখত পৰিছে— সাংবাদিক অনুপম চক্ৰৱৰ্তী 


W7s news গুৱাহাটী ::অ


সমীয়া ভাষাটো এটা ভাষাৰ পৰা জন্ম হোৱা নাই। অসমীয়া ভাষাটো ইয়াৰ জনগোষ্ঠীসমূহৰ, প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষাৰ সংমিশ্ৰণত সৃষ্টি হৈছে। সেইবাবে  সোণোৱাল জনগোষ্ঠীৰ ভাষাটো অসমীয়া ভাষাৰ ভিতৰতে সোমাই আছে। এই সোণোৱাল জনগোষ্ঠীৰে এখন ব্যাকৰণ আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়৷ ‘সোণোৱাল ভাষাত ব‍্যৱহৃত শব্দ কোষ' আদিকে ধৰি কেইবাখনো গ্ৰন্থৰ প্ৰণেতা ৰাজু সোণোৱাল দেউৰীৰ দ্বাৰা প্ৰণিত আৰু ’সোনোৱাল ভাষাত কথা-বতৰা প্ৰতিষ্ঠান'(Sonowal linguistic development foundation)ৰ উদ্যোগত প্ৰকাশিত এই ব্যাকৰণখন উন্মোচন কৰে সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে৷ ব্যাকৰণ গ্ৰন্থখন উন্মোচন কৰি সাংবাদিক চক্ৰৱৰ্তীয়ে কয়ঃ—

আমাৰ অসমীয়া ভাষাৰ এক ডাঙৰ  সংকট হৈছে। অসমীয়া ভাষাৰ সংকটৰ মূল কাৰণটোৱেই হৈছে, এই ভাষাটোৰ যিবোৰ ডাল-ঠেঙুলি,অৰ্থাৎ বিভিন্ন জনগোষ্ঠীসমূহৰ

ভাষাৰ যিটো সংৰক্ষণ, বিকাশ আৰু চৰ্চা হ’ব লাগে, সেয়া প্ৰায় নোহোৱা হোৱাৰ নিচিনা এটা পৰিবেশ সৃষ্টি হৈছে।

কেৱল সোণোৱাল কছাৰীয়েই নহয়,

আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষাৰ, তেওঁলোকৰ কথনৰ যিবোৰ ভাষা, কথিত ভাষাৰ শব্দসমূহ এই জনগোষ্ঠীটোৰ নতুন প্ৰজন্মই ক্ৰমান্বয়ে নজনা হৈ আহিছে।

যাৰ ফলশ্ৰুতিত আমি এক ডাঙৰ জাতিটো সংকটত পৰিছোঁ। এই ডাঙৰ সংকট আহিছে আমি নজনাকৈ, আমি নাভাবাকৈ।

এনে সংকটৰ সময়ত ৰাজু সোণোৱাল দেউৰীয়ে চিন্তা এটা কৰি এই ব্যাকৰণ  প্ৰকাশ কৰাটোটো  এক ডাঙৰ কথা। ইয়াৰ পৰাই সোণোৱাল কছাৰী বা সমগ্ৰ জনগোষ্ঠীটোলৈ আমাৰ এক আবেদন যে পৃথিৱীত যিয়েই যি হৈ নাথাকক, নিজৰ মাতৃভাষা ভুলতো পাহৰি যাব নালাগে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বক্তব্য প্ৰকাশ কৰি গ্ৰন্থখনৰ প্ৰণেতা ৰাজু সোণোৱাল দেউৰীয়ে কয় যে  সোণোৱাল ভাষাটো এতিয়াও সংৰক্ষিত হৈ থকা নাই।  আমাৰ অসমীয়া ভাষাটোক লৈ যিবোৰ অভিধান প্ৰকাশ কৰা হৈছে, সেই অভিধানসমূহত সোণোৱালসকলৰ ভাষাৰ কোনো কথা পোৱা যোৱা নাই। সেয়েহে মই 

ভাবিছিলোঁ যে আমি এই শব্দবোৰ সংগ্ৰহ কৰিব লাগে। তাৰ পিছত মই প্ৰচেষ্টা হাতত ল’লোঁ আৰু সোণোৱাল ভাষাৰ বিশিষ্ট শব্দবোৰ সংগ্ৰহ কৰি এখন অভিধান সংকলন কৰা হ’ল। অসমীয়া ভাষাটো কোনো এটা নিৰ্দিষ্ট ভাষাৰ পৰা জন্ম হোৱা নাই বুলি মন্তব্য কৰি ৰাজু সোণোৱাল দেউৰীয়ে কয় যে অসমীয়া ভাষাটো ইয়াত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষাৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে। সেইবাবে আমাৰ সোণোৱালসকলৰ ভাষাও অসমীয়া ভাষাৰ ভিতৰত সোমাই আছে। তাৰ পিছত লাহে লাহে বাংলা, হিন্দী, ইংৰাজী আদি ভাষাৰ পৰাও বহুতো শব্দ অসমীয়া ভাষালৈ আহিল।আমি দাবী কৰিব পাৰোঁ যে আমাৰ সোণোৱালসকলৰো এটা সুকীয়া ভাষা আছিল আৰু সেই ভাষাটো প্ৰকাশ কৰিবলৈ আমি এই প্ৰয়াস কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ এই প্ৰচেষ্টাই সকলোকে সহায় কৰিব। সোণোৱাল ভাষাৰ কথা-বতৰা প্ৰতিষ্ঠান'ৰ মুখ‍্য সম্পাদক উৎপল সোণোৱাল আঁত ধৰা গ্ৰন্থ উন্মোচন অনুষ্ঠানত বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মন, সোণোৱাল ভাষাত কথা-বতৰা' প্রতিষ্ঠানৰ সহকাৰী সম্পাদক তুষাৰমণি শইকীয়া, বিপুল সোণোৱাল, বিত্ত সম্পাদক ক্ষীৰোদ সোণোৱাল, বিনয় কৃষ্ণ হাজৰীকা আৰু নগেন বাগলাৰী, জয়জ্যোতি গগৈ, দিবাকৰ সোণোৱাল, সুশীল শইকীয়া, প্রদীপ কুমাৰ হাজৰীকা, কল্পনা সোণোৱাল,  লক্ষী প্ৰসাদ চুংক্ৰাং, উমাকান্ত সোণোৱাল, ৰাজকুমাৰ সোণোৱালসহ সেণোৱাল কছাৰী সম্প্ৰদায়ৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰাৰ লগতে উপস্থিত সাংবাদিকসকলক জনগোষ্ঠীটোৰ এখনি ’ সোনোৱালী’ গামোচাৰে আদৰণি জনোৱা হয়৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here