গুৱাহাটী প্ৰেছ ক্লাবত শ্ৰীশ্ৰী শংকৰদেৱ-মাধৱদেৱ গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 28 September 2026

গুৱাহাটী প্ৰেছ ক্লাবত শ্ৰীশ্ৰী শংকৰদেৱ-মাধৱদেৱ গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ সংবাদ মেল

 



উত্তৰ প্ৰদেশত।তৃতীয় বাৰ্ষিক

 ‘মথুৰা-বৃন্দাবন মহোৎসৱ’ৰ আয়োজন





W7s news গুৱাহাটী : গুৰুজনাৰ একশৰণ নামধৰ্ম আৰু কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ নাওগাঁওত ‘মথুৰা-বৃন্দাবন মহোৎসৱ’ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ একশৰণ নামধৰ্ম, গুৰু-গৰিমা তথা বৈষ্ণৱ কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰৰ লক্ষ্যৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে-সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত 

শ্ৰীশ্ৰী শংকৰদেৱ-মাধৱদেৱ গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰি কৰে কেন্দ্ৰৰ সভাপতি উদ্ধৱ পাঠকে। তেওঁ লগতে কয়-

শ্ৰীশ্ৰী শংকৰদেৱ-মাধৱদেৱ গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত, বৈষ্ণৱ শিল্পী আৰু সাংস্কৃতিক কৰ্মীয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত অসমৰ পৰা যোৱা দলসমূহে গোবৰ্ধন, বৰচানা, নন্দগাঁও, বৃন্দাবন আদি ধৰ্মীয় স্থানত শ্ৰীকৃষ্ণৰ গুণ-গৰিমা আৰু বৈষ্ণৱ ধৰ্ম-কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰিব। এই 

মহোৎসৱৰ অংশ হিচাপে ৪ অক্টোবৰত অসমৰ পৰা যোৱা দলটোৱে মথুৰা জিলাৰ নাওগাঁওত অনুষ্ঠিত এক অনুষ্ঠানত নামপ্ৰসংগ, বৰগীত পৰিৱেশন আৰু ধৰ্মালোচনা সভাত অংশগ্ৰহণ কৰিব। সংগীত নাটক অকাডেমীৰ বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ ওজাই বৰগীত পৰিৱেশন কৰিব।

ধৰ্মালোচনা সভাত সত্ৰীয়া ড° বাবুল চন্দ্ৰ দাস, অসম চৰকাৰৰ আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ, সাংস্কৃতিক কৰ্মী গোপাল জালান আদিয়ে অংশগ্ৰহণ কৰিব। ' সংবাদ মেলত কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি থানেশ্বৰ মালাকাৰে কয় যে-এই

মহোৎসৱস্থলীত স্থানীয় ৰাইজৰ মাজত দুয়োজনা গুৰুৰ ধৰ্মাদৰ্শ প্ৰচাৰৰ ব্যৱস্থাও কৰা হৈছে।

 ৫ অক্টোবৰত বৃন্দাবনৰ অন্তযামী মন্দিৰ প্ৰাংগণত ভাৰত শোভাযাত্ৰা অনুষ্ঠিত কৰাৰ লগতে পালনাম অনুষ্ঠিত হ’ব। গুৰুজনাৰ একশৰণ নামধৰ্ম আৰু বৈষ্ণৱ কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰৰ বাবে অনুষ্ঠিত এই তৃতীয় বাৰ্ষিক মহোৎসৱত অসমৰ বিভিন্ন স্থানৰ পৰা প্ৰায় দুই শতাধিক ভক্তই অংশগ্ৰহণ কৰিব।' সংবাদ মেলত কেন্দ্ৰৰ সম্পাদক কুলদানন্দ চৌধুৰী, সদস্য গোপাল জালানৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here