ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড আৰু আই আই টি খড়গপুৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 24 September 2026

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড আৰু আই আই টি খড়গপুৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন


 


W7s news,,কলকাতা, ২৪ ছেপ্টেম্বৰ, ২০২৬: দেশৰ পূব প্ৰান্তৰ কৃষি বিকাশ আৰু গ্ৰামীণ অৰ্থনীতিক অধিক গতিশীল কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ (এন ডি ডি বি) খোৱা তেলৰ মূল্য শৃংখল শক্তিশালীকৰণৰ বিশেষ পদক্ষেপে। নিউ টাউনস্থিত ‘আই আই টি খড়গপুৰ ৰিচাৰ্চ পাৰ্ক’ত ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে পশ্চিমবংগ চৰকাৰৰ কৃষি বিপণন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী দিলীপ ঘোষে। সমাৰোহত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে পশ্চিমবংগ চৰকাৰৰ সমবায় তথা খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী অশোক কীৰ্তনীয়া। কাৰ্যসূচীত এন ডি ডি বিৰ অধ্যক্ষ ড০ মীনেশ শ্বাহ আৰু ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰে আই আই টি খড়গপুৰৰ সঞ্চালক অধ্যাপক সুমন চক্ৰৱৰ্তীয়ে। একেদৰে পশ্চিমবংগ চৰকাৰ, আই চি এ আৰ, নাবার্ড আৰু এন ডি ডি বিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে দুগ্ধ সমবায় সমিতিৰ প্ৰতিনিধি, কৃষক উৎপাদক সংস্থা (এফপিঅ’) তথা কৃষকসকল উপস্থিত থাকে।


এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (এনডিডিবি) আৰু আই আই টি খড়গপুৰৰ মাজৰ এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ মূল লক্ষ্য হৈছে খোৱা তেল খণ্ডত গৱেষণা, প্ৰযুক্তি বিকাশ, ক্ষেত্ৰভিত্তিক পৰীক্ষণ, দক্ষতা বৃদ্ধি, চপোৱাৰ পাছৰ ব্যৱস্থাপনা, প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজনৰ দিশত পাৰস্পৰিক সহযোগিতাক আগুৱাই নিয়া। এই যৌথ অংশীদাৰিত্বৰ জৰিয়তে কৃষক সংগঠন, সমবায়, এফ পি অ’ আৰু ক্ষেত্ৰভিত্তিক কাৰ্যকৰীকৰণত এন ডি ডি বিৰ থকা দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ সৈতে আই আই টি খড়গপুৰৰ গৱেষণা, প্ৰযুক্তি, অভিযান্ত্ৰিক কৌশল, তথ্য বিশ্লেষণ আৰু ফচল চপোৱাৰ পাছৰ উন্নত পদ্ধতিৰ এক সমন্বয় গঢ়ি তোলা হ’ব। সমান্তৰালকৈ এই পদক্ষেপত কাৰিকৰী সহায় আগবঢ়াব আই চি এ আৰ, বি এ আৰ চি, কৃষি বিজ্ঞান কেন্দ্ৰ (কেভিকে) আৰু ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়সমূহে। এই শুভাৰম্ভ কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰী কৃষকসকলৰ মাজত উন্নত বীজৰ মিনিকেট বিতৰণৰ জৰিয়তে ক্ষেত্ৰভিত্তিক কাম-কাজৰ আনুষ্ঠানিক সূচনা কৰা হয়।


অনুষ্ঠানত ভাষণ প্ৰদান কৰি পশ্চিমবংগ চৰকাৰৰ কৃষি বিপণন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী দিলীপ ঘোষে সৰিয়হ, বাদাম, বেলিফুল আৰু তিল খেতিৰ ওপৰত বিশেষ গুৰুত্ব দি তৈলবীজ উৎপাদনৰ জৰিয়তে ৰাজ্যখনৰ কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰ কথা উল্লেখ কৰে। কৃষকসকলে যাতে ফচল সংগ্ৰহ, মজুতকৰণ, প্ৰক্ৰিয়াকৰণ আৰু বিপণনৰ সুবিধা সহজে লাভ কৰিব পাৰে, তাৰ বাবে কৃষি বিপণন বিভাগে যাৱতীয় ব্যৱস্থা শক্তিশালী কৰি তুলিব। ইয়াৰ জৰিয়তে ফচল চপোৱাৰ পাছত হোৱা অপচয় হ্ৰাস পোৱাৰ লগতে গ্ৰামাঞ্চলত কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ’ব। গাখীৰৰ উৎপাদন আৰু গুণগত মান বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকৰ জীৱন-ধাৰণৰ মান উন্নত কৰিবলৈ বৰ্তমানৰ দুগ্ধ সমবায় নেটৱৰ্কৰ সৈতেই তৈলবীজ উৎপাদন ব্যৱস্থাক সংযুক্ত কৰা উচিত। ইয়াৰ সমান্তৰালভাৱে কৃষকসকলৰ বাবে প্ৰশিক্ষণ, ঋণ সাহায্য আৰু বীমাৰ সুবিধা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ কথাও স্পষ্ট ৰূপত দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে।


লক্ষ্যণীয়ভাৱে, সমবায় সমিতিৰ সৈতে এনে কৌশলগত সহযোগিতাই ক্ষুদ্ৰ কৃষকসকলৰ ফচল বিক্ৰীৰ ক্ষেত্ৰত উচিত দৰ আদায়ৰ সক্ষমতা বহুগুণে বৃদ্ধি কৰিব। মন্ত্ৰী দিলীপ ঘোষে কয় যে এন ডি ডি বি আৰু আই আই টি খড়গপুৰৰ এই যুটীয়া প্ৰচেষ্টাই কৃষকৰ সুবিধাৰ্থে সুলভ মূল্যৰ আধুনিক প্ৰযুক্তি যোগান ধৰাৰ লগতে খোৱা তেল সংগ্ৰহ তথা বজাৰীকৰণৰ সমগ্ৰ পথ সুগম কৰি তুলিব। এন ডি ডি বিৰ সুদীৰ্ঘ প্রাতিষ্ঠানিক অভিজ্ঞতা আৰু কাৰিকৰী দক্ষতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে পশ্চিমবংগৰ কৃষি আন্তঃগাঁথনিক নতুন মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত সংস্থাটোৰ কাৰ্যপন্থাৰ প্ৰতি ৰাজ্যবাসীয়ে গভীৰ আস্থা আৰু প্ৰত্যাশাৰে বাট চাই আছে।


ইফালে, খোৱা তেলৰ উৎপাদন আৰু বিতৰণ শৃংখল শক্তিশালী কৰাৰ এই যুগান্তকাৰী পদক্ষেপক প্ৰশংসা কৰি পশ্চিমবংগ চৰকাৰৰ সমবায়, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী অশোক কীৰ্তনীয়াই দাইলজাতীয় শস্যৰ ক্ষেত্ৰতো একেধৰণৰ উমৈহতীয়া পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়ায়। দেশৰ ভিতৰতে উৎপাদন বৃদ্ধি পালে আমদানিৰ নিৰ্ভৰশীলতা হ্ৰাস পোৱাৰ লগতে উপভোক্তাসকলো সুলভ মূল্যত লাভান্বিত হ’ব বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। পশ্চিমবংগ চৰকাৰ আৰু এন ডি ডি বিৰ এই সংহত পদক্ষেপে মধ্যভোগীৰ দৌৰাত্ম্য সম্পূৰ্ণৰূপে নিৰ্মূল কৰি কৃষি মূল্য শৃংখলৰ ন্যায্য লাভাংশ পোনপটীয়াকৈ কৃষকৰ হাতত তুলি দিয়াটো সুনিশ্চিত কৰিব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰী কীৰ্তনীয়াই। একে সময়তে, উৎপাদকসকলৰ উৎপাদন বৃদ্ধিত সহায় কৰাৰ সমান্তৰালভাৱে তেওঁলোকক বজাৰ তথা গ্ৰাহকৰ সৈতে পোনপটীয়াকৈ সংযুক্ত কৰিব পৰাকৈ এক নিৰ্ভৰযোগ্য কৃষককেন্দ্ৰিক ব্ৰেণ্ড গঢ়ি তুলিবলৈও মন্ত্ৰীগৰাকীয়ে এন ডি ডি বিক আহ্বান জনায়।


আনহাতে, দেশৰ ভিতৰতে তৈলবীজ উৎপাদন বৃদ্ধি আৰু ইয়াৰ সৈতে জড়িত মূল্য শৃংখল শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে এন ডি ডি বিৰ অধ্যক্ষ ড০ মীনেশ শ্বাহে। 'ৰাষ্ট্ৰীয় খোৱা তেল অভিযান'ৰ (এনএমইঅ’) অধীনত ভাৰত চৰকাৰেও এই খণ্ডক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে। কৃষকৰ নিজস্ব প্ৰতিষ্ঠান গঢ়ি তোলাৰ সুদীৰ্ঘ অভিজ্ঞতা আৰু ‘অপাৰেশ্যন গোল্ডেন ফ্ল’’, তৈলবীজ সমবায় তথা ‘ধাৰা’ ব্ৰেণ্ডৰ জৰিয়তে অৰ্জন কৰা পাৰদৰ্শিতাক মূল ভিত্তি হিচাপে লৈ দুগ্ধ সমবায় আৰু এফ পি অ’সমূহৰ জৰিয়তে এন ডি ডি বিয়ে এই পদক্ষেপ আগবঢ়াই নিছে। অধ্যক্ষ ড০ মীনেশ শ্বাহে তৈলবীজ খেতিক দুগ্ধপালন তথা আনুষংগিক কাম-কাজৰ সৈতে একত্ৰিত কৰাৰ সম্ভাৱনাৰ কথাও প্ৰকাশ কৰে। তেওঁ কয় যে তৈলবীজৰ উপজাত সামগ্ৰী, কৃষিৰ অৱশিষ্ট অংশ আৰু দুগ্ধ ফাৰ্মৰ বৰ্জ্যৰ ফলপ্ৰসূ ব্যৱহাৰে পুনৰ্ব্যৱহাৰভিত্তিক অৰ্থনীতি গঢ়ি তোলাৰ সমান্তৰালকৈ সম্পদৰ সঠিক প্ৰয়োগ আৰু কৃষকৰ উপাৰ্জন বহুমুখী কৰি তুলিব। এই কাৰ্যসূচীৰ শুভাৰম্ভ আৰু বুজাবুজি চুক্তি স্বাক্ষৰৰ জৰিয়তে আৰম্ভ হোৱা দীৰ্ঘম্যাদী সহযোগিতাই কৃষককেন্দ্ৰিক তথা সমবায়-চালিত ব্যৱস্থাৰে পূব প্ৰান্তত খোৱা তেলৰ ঘৰুৱা উৎপাদন, ফচল সংগ্ৰহ, প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন আৰু বজাৰ সংযোগ অধিক সুদৃঢ় কৰি তুলিব।


উল্লেখ্য যে, দুগ্ধ সমবায়ৰ সৈতে জড়িত কৃষকসকলক লগত লৈ অসম, বিহাৰ আৰু পশ্চিমবংগত পৰীক্ষামূলক কাৰ্যসূচী হিচাপে অনুৰূপ পদক্ষেপ ৰূপায়ণ কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here