বীৰ লাচিত আৰু কনকলতাৰ জীৱনৰ পৰা ৰাষ্ট্ৰসেৱাৰ প্ৰেৰণা ল’বলৈ যুৱ সমাজক আহ্বান: জেনেৰেল উপেন্দ্ৰ দ্বিবেদী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 25 September 2026

বীৰ লাচিত আৰু কনকলতাৰ জীৱনৰ পৰা ৰাষ্ট্ৰসেৱাৰ প্ৰেৰণা ল’বলৈ যুৱ সমাজক আহ্বান: জেনেৰেল উপেন্দ্ৰ দ্বিবেদী

 



‘নমামি ভাৰতম্’ৰ মঞ্চত সমবেত কণ্ঠত বন্দে মাতৰম্, ১৫০ বছৰ পূৰ্তিত দেশজুৰি উদ্‌যাপন


গুৱাহাটী: ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম্’ৰ ১৫০ বছৰ পূৰ্তি উপলক্ষে শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ‘নমামি ভাৰতম্’ শীৰ্ষক এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত দেশপ্ৰেম, ৰাষ্ট্ৰীয় চেতনা আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰা হয়। উদ্যোগত আয়োজিত অনুষ্ঠানত পুৱা ১১ বজাত সমগ্ৰ দেশৰ সৈতে একেলগে সমবেত কণ্ঠত গোৱা হয় ‘বন্দে মাতৰম্’।


অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় সেনাৰ প্ৰাক্তন সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী। লগতে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত এয়াৰ ভাইচ মাৰ্শাল সঞ্জীৱ বৰদলৈ, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড০ পৱন তিৱাৰী, সম্পাদক ড০ জগদিন্দ্ৰ ৰায় চৌধুৰী, শিশু শিক্ষা সমিতি, অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভগৱতী, নমামি ভাৰতম্‌ৰ সংযোজক গৌৰৱ কলিতা আৰু অসম গৌৰৱ মীনাক্ষী দাসসহ বিদ্যা ভাৰতীৰ বিভিন্ন বিষয়ববীয়া, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, নাগৰিক সমাজৰ প্ৰতিনিধি, মাতৃ-ভগ্নী আৰু বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী।


অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড০ পৱন তিৱাৰীয়ে কয় যে ‘বন্দে মাতৰম্’ কেৱল এটা গীত নহয়, ই ভাৰতৰ ৰাষ্ট্ৰীয় চেতনা, সাংস্কৃতিক একাত্মতা আৰু গৌৰৱৰ স্বৰ। ‘বন্দে মাতৰম্’ৰ ১৫০ বছৰ পূৰ্তি সমগ্ৰ দেশৰ বাবেই এক গৌৰৱৰ মুহূৰ্ত বুলি তেওঁ উল্লেখ কৰে।


পূৰ্বোত্তৰ ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে মা কামাখ্যাৰ পৱিত্ৰ ভূমি, শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক চেতনা আৰু বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ পৰা অনুপ্ৰাণিত হৈ পূৰ্বোত্তৰৰ পৰা উচ্চাৰিত ‘বন্দে মাতৰম্’ৰ ধ্বনি সমগ্ৰ ভাৰতৰ ৰাষ্ট্ৰীয় একাত্মতাৰেই স্বৰ।


মুখ্য অতিথি জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কয় যে তেওঁ এই অনুষ্ঠানত প্ৰাক্তন সেনাপ্ৰধান হিচাপে নহয়, বৰং সৰস্বতী শিশু মন্দিৰৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপেহে উপস্থিত হৈছে। তেওঁ কয়, “পূৰ্বোত্তৰ এনে ঠাই নহয় য’ত ভাৰত শেষ হয়; বৰং ইয়াৰ পৰাই ভাৰতৰ আৰম্ভণি হয়। পূৰ্বোত্তৰ ভাৰতৰ প্ৰকৃত প্ৰৱেশদ্বাৰ।”


যুৱ সমাজক ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয় ভূমিকা গ্ৰহণৰ আহ্বান জনাই জেনেৰেল দ্বিবেদীয়ে কয় যে ‘বন্দে মাতৰম্’ সমগ্ৰ ৰাষ্ট্ৰৰ এক যুদ্ধঘোষৰ দৰে, যাৰ পৰিচয় ভাৰত আৰু যাৰ লক্ষ্য ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণ।


তেওঁ যুৱ প্ৰজন্মক Attitude, Adaptability আৰু Ability—অৰ্থাৎ ইতিবাচক মানসিকতা, পৰিস্থিতিৰ সৈতে খাপ খুৱাই লোৱাৰ সামৰ্থ্য আৰু যোগ্যতা—জীৱনত গ্ৰহণ কৰিবলৈ আহ্বান জনায়।


জেনেৰেল দ্বিবেদীয়ে কয় যে আজিৰ যুৱক-যুৱতী কেৱল Problem Finder নহয়, Problem Fixer হ’ব লাগিব। ইয়াৰ বাবে ইতিবাচক চিন্তা, দায়িত্ববোধ, সাহস আৰু প্ৰতিকূল পৰিস্থিতিৰ সৈতে যুঁজ দিয়াৰ মানসিকতা প্ৰয়োজন।


লগতে তেওঁ Learn, Unlearn and Relearn-ৰ নীতি গ্ৰহণ কৰাৰ আহ্বান জনাই ভাৰতীয় সংস্কাৰ, মূল্যবোধ আৰু চিন্তাধাৰা অটুট ৰাখি আধুনিক প্ৰযুক্তিকো আত্মসাৎ কৰাৰ পৰামৰ্শ দিয়ে।


পূৰ্বোত্তৰৰ বীৰ আৰু ৰাষ্ট্ৰীয় নায়কসকলক স্মৰণ কৰি জেনেৰেল দ্বিবেদীয়ে বীৰ লাচিত বৰফুকন আৰু কনকলতা বৰুৱাৰ অৱদানৰ কথাও উল্লেখ কৰে। তেওঁৰ মতে, পূৰ্বোত্তৰ কেৱল ভাৰতৰ ভৌগোলিক সীমান্ত নহয়; ই দেশৰ শক্তি, নেতৃত্ব আৰু ৰাষ্ট্ৰীয় একতাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ।


ভাৰতীয় সেনা, এন চি চি আৰু বিদ্যা ভাৰতীয়ে দেশৰ বৈচিত্ৰ্যক শক্তিলৈ ৰূপান্তৰিত কৰাৰ কাম কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক নতুন প্ৰজন্মক পথ প্ৰদৰ্শন কৰিবলৈ আৰু সমাজৰ নাগৰিকসকলক যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিবলৈ আহ্বান জনায়।


যুৱ সমাজক প্ৰতিদিনে ‘শূন্য-দহ’ৰ অভ্যাস গঢ়ি তুলিবলৈ পৰামৰ্শ দি তেওঁ কয়—প্ৰতিদিনে পুৱা ১০ মিনিট মোবাইলৰ পৰা আঁতৰত থাকি নিজৰ লক্ষ্য, কৃতজ্ঞতা আৰু দিনটোৰ সংকল্পৰ বিষয়ে চিন্তা কৰা উচিত।


ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ প্ৰশ্ন কৰে—“আজি মই এনে কি শিকিব লাগিব, যাতে কাইলৈ মই আৰু মোৰ দেশ দুয়োটাই অধিক ভাল হ’ব পাৰে?”


তেওঁ যুৱ প্ৰজন্মক যি ক্ষেত্ৰতেই কাম নকৰক কিয়, নিজৰ প্ৰতিভা আৰু সামৰ্থ্যৰ জৰিয়তে ভাৰতক অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here