মহিলাসকলৰ মাজত পলিএণ্ডোক্ৰাইন মেটাবলিক অভাৰিয়ান চিনড্ৰমৰ লক্ষণ চিনাক্তকৰণৰ আহ্বান গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 28 September 2026

মহিলাসকলৰ মাজত পলিএণ্ডোক্ৰাইন মেটাবলিক অভাৰিয়ান চিনড্ৰমৰ লক্ষণ চিনাক্তকৰণৰ আহ্বান গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ


 

পি চি অ’ এছ/পি এম অ’ এছ সজাগতা মাহৰ অংশ হিচাপে ২০২৬ বৰ্ষৰ বৈশ্বিক নামকৰণৰ পৰিৱৰ্তন, প্ৰজনন, বিপাকীয় আৰু মানসিক প্ৰভাৱৰ লগতে সময়োপযোগী ৰোগ নিৰ্ণয় তথা দীৰ্ঘম্যাদী নিয়ন্ত্ৰণৰ ওপৰত বিশেষজ্ঞসকলৰ আলোকপাত


W7s news,,গুৱাহাটী, ২৮ ছেপ্টেম্বৰ, ২০২৬: প্ৰজননক্ষম মহিলাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পৰা এই জটিল এণ্ড’ক্ৰাইন অৱস্থাটোৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালে। পূৰ্বে 'পলিচিষ্টিক অভাৰী চিনড্ৰম' (পিচিঅ’এছ) নামেৰে পৰিচিত এই ৰোগবিধক শেহতীয়াকৈ 'পলিএণ্ডোক্ৰাইন মেটাবলিক অভাৰিয়ান চিনড্ৰম' (পিএমঅ’এছ) হিচাপে চিহ্নিত কৰা হৈছে। বহু মহিলা এই অৱস্থাৰে জীৱন-যাপন কৰিছে যদিও সঠিক তথ্য আৰু সজাগতাৰ নাটনিৰ বাবে সৰহসংখ্যকৰে ৰোগ সময়মতে ধৰা নপৰে। ২০২৬ বৰ্ষৰ মে’ মাহত বিশ্বজুৰি লোৱা এক ঐকমত্যৰ আধাৰত ৰোগবিধৰ এণ্ড’ক্ৰাইন, বিপাকীয় তন্ত্ৰ আৰু ডিম্বাশয়ৰ বহুমাত্রিক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই নতুন নামকৰণ কৰা হয়। সমগ্ৰ ছেপ্টেম্বৰ মাহটো বিশ্বজুৰি পিচিঅ’এছ/পিএমঅ’এছ সজাগতা মাহ হিচাপে পালন কৰাৰ ক্ষণতে গুৱাহাটীৰ চিকিৎসা প্ৰতিষ্ঠানখনে বিষয়টোক লৈ বিশেষ পদক্ষেপ হাতত লৈছে। চিকিৎসালয়খনৰ মতে, এই সমস্যাটো কেৱল অনিয়মীয়া ঋতুস্ৰাৱ বা সন্তানহীনতাৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ ইয়াৰ অন্তৰ্নিহিত অন্যান্য লক্ষণসমূহ সঠিকভাৱে চিনাক্ত কৰাটো অত্যন্ত জৰুৰী। তেনে কোনো উপসৰ্গই দেখা দিলে মহিলাসকলক অৱহেলা নকৰি অনতিপলমে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈকো আহ্বান জনায় প্ৰতিষ্ঠানখনে। চিকিৎসা-সেৱাৰ বিচ্ছিন্নতা

পি এম অ’ এছৰ সংশোধিত আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনাৱলী অনুসৰি বিশ্বৰ প্ৰতি আঠগৰাকী প্ৰজননক্ষম মহিলাৰ এগৰাকী এই ৰোগত আক্ৰান্ত। এই হিচাপত বিশ্বজুৰি ১৭ কোটিৰো অধিক মহিলা এই শাৰীৰিক সমস্যাৰ সন্মুখীন হৈছে যদিও প্ৰায় ৭০ শতাংশৰে ৰোগ ধৰা নপৰাকৈয়ে ৰয়। চিকিৎসা বিশেষজ্ঞ, পেছাদাৰী সংস্থা, ৰোগী সংগঠন আৰু এই সমস্যাৰ ভুক্তভোগী ব্যক্তিসকলৰ বহুপৰ্যায়ৰ সৰ্বসন্মত আলোচনাৰ অন্তত এই নতুন নামকৰণ সম্পন্ন কৰা হয়। ২০২৬ বৰ্ষৰ মে’ মাহৰ এই সংশোধনীত ৰোগবিধৰ সংজ্ঞা আৰু উপস্থাপন সলনি কৰা হ’লেও পূৰ্বৰ চিকিৎসা নিৰ্দেশনাৱলী অপৰিৱৰ্তিত থাকে। অৱশ্যে ২০২৮ বৰ্ষৰ পৰৱৰ্তী আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনাৱলীত ‘পিএমঅ’এছ’ নামটো মান্য পৰিভাষা হিচাপে আনুষ্ঠানিকভাৱে সন্নিৱিষ্ট কৰা হ’ব।

দৰাচলতে, দীৰ্ঘ দশকজুৰি চলা বৈজ্ঞানিক গৱেষণাত এই ব্যাধিৰ প্ৰভাৱ কেৱল ডিম্বাশয়ৰ মাজতে আবদ্ধ হৈ নাথাকে বুলি স্পষ্ট হোৱাৰ পাছতে বিশেষজ্ঞসকলে নামকৰণৰ এই ঐতিহাসিক সালসলনি ঘটায়। চিকিৎসা বিজ্ঞানৰ দৃষ্টিত ‘পলিচিষ্টিক অভাৰী’ শব্দটোৱে বহু সময়ত ভ্ৰান্ত ধাৰণাৰো সৃষ্টি কৰে; কাৰণ এই অৱস্থাত ডিম্বাশয়ত কোনো ক্ষতিকাৰক চিষ্টৰ উৎপত্তি নহয়, বৰঞ্চ ফ’লিকলৰ বিকাশ স্থবিৰ হৈ পৰাটোৱেহে প্ৰতিফলিত হয়। কেৱল প্ৰজননভিত্তিক পুৰণি নামটোৰ বাবে ৰোগবিধৰ সৈতে জড়িত বিপাকীয় ক্ৰিয়া, হৃদযন্ত্ৰৰ স্বাস্থ্য, ছালৰ সমস্যা আৰু মানসিক দিশসমূহ প্ৰায়ে দৃষ্টিৰ আঁৰত ৰৈ গৈছিল। ফলত সঠিক সময়ত ৰোগ নিৰ্ণয় নোহোৱাৰ লগতে চিকিৎসা-সেৱাৰ বিচ্ছিন্নতা আৰু সমাজত অযথা মানসিক সংকোচৰ সৃষ্টি হয়।

এনে বহুমাত্রিক প্ৰভাৱৰ বাবেই প্ৰতিগৰাকী মহিলাৰ ক্ষেত্ৰত পিএমঅ’এছৰ লক্ষণ সুকীয়া সুকীয়া হ’ব পাৰে। অনিয়মীয়া বা পলমকৈ হোৱা ঋতুস্ৰাৱ, সন্তান ধাৰণত বাধা, শালমইনা, মুখমণ্ডল নাইবা শৰীৰত অস্বাভাৱিক নোম গজা, মূৰৰ চুলি পাতল হোৱা আৰু ওজনৰ অস্বাভাৱিক তাৰতম্য ঘটাটো এই ৰোগৰ সম্ভাৱ্য লক্ষণসমূহৰ ভিতৰত। অৱশ্যে শৰীৰত কেৱল এটা লক্ষণ নথকাৰ বাবেই PMOS নথকা বুলি ধৰি ল’ব নোৱাৰি। 

গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ঈশিতা দাসে এই সন্দৰ্ভত কয়, “পিচিঅ’এছৰ পৰিৱৰ্তে পলিএণ্ডোক্ৰাইন মেটাবলিক অভাৰিয়ান চিনড্ৰম বা পিএমঅ’এছ নামটো গ্ৰহণ কৰা পদক্ষেপটো যথেষ্ট তাৎপৰ্যপূৰ্ণ। কিয়নো আজিৰ বিজ্ঞানে এই ৰোগবিধক যিদৰে বিশ্লেষণ কৰে, সেয়া এই নতুন নামকৰণত সঠিকভাৱে প্ৰতিফলিত হৈছে। পিএমঅ’এছ মানেই কেৱল অনিয়মীয়া মাহেকীয়াৰ সমস্যাক নুবুজায়, নাইবা ই সন্তানহীনতা বা শকত শৰীৰৰ সমাৰ্থকো নহয়। এয়া হৰম’ন আৰু বিপাকীয় তন্ত্ৰৰ এক জটিল সমস্যা, আৰু প্ৰতিগৰাকী মহিলাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ যথেষ্ট সুকীয়া হ’ব পাৰে। কোনো এগৰাকীৰ বাবে যদি অনিয়মীয়া ঋতুস্ৰাৱেই প্ৰধান লক্ষণ, আন কাৰোবাৰ আকৌ শালমইনা, মুখ বা শৰীৰত অস্বাভাৱিক নোম গজা, চুলি সৰি পাতল হোৱা কিম্বা ডিম্বক্ষৰণ আৰু গৰ্ভধাৰণত বাধাৰ সৃষ্টি হ’ব পাৰে। মন কৰিবলগীয়া যে দেখাত ক্ষীণ বা স্বাভাৱিক ওজনৰ মহিলাও পিএমঅ’এছত আক্ৰান্ত হ’ব পাৰে। সেইবাবেই শৰীৰৰ ওজন বা যিকোনো এটা মাত্ৰ লক্ষণৰ ওপৰত নিৰ্ভৰ নকৰি সকলো উপসৰ্গ একেলগে পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়।”

চিকিৎসকগৰাকীয়ে লগতে কয় যে কেৱল আল্ট্ৰাচাউণ্ড ৰিপ’ৰ্টৰ ওপৰত ভিত্তি কৰি ৰোগ নিৰ্ণয় নকৰি উপযুক্ত ক্লিনিকেল পৰীক্ষা-নিৰীক্ষা কৰাটো খুবেই জৰুৰী।

নিজৰ বক্তব্য স্পষ্ট কৰি ডাঃ দাসে পুনৰ কয়, “আল্ট্ৰাচাউণ্ডত একাধিক সৰু সৰু ফলিকল বা থুপ দেখা পালেই এগৰাকী মহিলা পিএমঅ’এছত আক্ৰান্ত বুলি ধৰি লোৱাটো এটা ডাঙৰ ভুল ধাৰণা। প্ৰকৃততে কথাটো তেনে নহয়। প্ৰাপ্তবয়স্ক মহিলাৰ ক্ষেত্ৰত এই ৰোগ নিৰ্ণয়ৰ বাবে ডিম্বক্ষৰণৰ বিসংগতি আৰু এণ্ড্ৰ’জেন হৰম’ন বৃদ্ধিৰ শাৰীৰিক বা জৈৱ-ৰাসায়নিক লক্ষণসমূহ পুংখানুপুংখভাৱে চালি-জাৰি চাব লাগে। তাৰ লগতে আল্ট্ৰাচাউণ্ডত ডিম্বাশয়ৰ গঠন অথবা প্ৰয়োজন অনুসৰি এএমএইচ পৰীক্ষাক ৰোগ নিৰ্ণয়ৰ এক অংশ হিচাপেহে ব্যৱহাৰ কৰা হয়। একেধৰণৰ লক্ষণ সৃষ্টি কৰিব পৰা আন সম্ভাৱ্য ৰোগসমূহো পৰীক্ষাৰ জৰিয়তে আঁতৰাই নিশ্চিত হোৱাটো সমানেই আৱশ্যক। সেইবাবেই কেৱল আল্ট্ৰাচাউণ্ডৰ ফলাফল, অনিয়মীয়া মাহেকীয়া নাইবা ইণ্টাৰনেটৰ আধা-আধৰুৱা তথ্যৰ ওপৰত ভৰসা কৰি নিজে নিজে ৰোগৰ সিদ্ধান্ত লোৱাটো বিপদজনক হ’ব পাৰে।”

প্ৰজনন স্বাস্থ্যৰ গণ্ডী পাৰ হৈ এই ৰোগৰ প্ৰভাৱ শৰীৰৰ অন্যান্য দিশতো গভীৰভাৱে পৰে। পিএমঅ’এছত আক্ৰান্ত মহিলাৰ ক্ষেত্ৰত গ্লুক’জ সহনশীলতা হ্ৰাস পোৱাৰ লগতে টাইপ-২ ডায়েবেটিছৰ আশংকা বৃদ্ধি পায়। একেদৰে উচ্চ ৰক্তচাপ আৰু অস্বাভাৱিক ক’লেষ্টেৰলৰ দৰে হৃদৰোগজনিত সংকটৰ প্ৰতিও বিশেষ সতৰ্কতাৰ প্ৰয়োজন আহি পৰে। ইয়াৰ উপৰিও টোপনিৰ বিসংগতি, উদ্বেগ, মানসিক অৱসাদ, অস্বাভাৱিক খোৱা-বোৱাৰ অভ্যাস আৰু নিজৰ শৰীৰক লৈ সৃষ্টি হোৱা হীনমন্যতাৰ দৰে মানসিক সমস্যাৰ সৈতেও পিএমঅ’এছৰ সৈতে সম্পৰ্কিত বুলি পোৱা গৈছে।

ডাঃ দাসে কয়, “পিচিঅ’এছ/পিএমঅ’এছ সজাগতা মাহৰ এটা অন্যতম মূল বাৰ্তা হৈছে- পিএমঅ’এছ নিয়ন্ত্ৰণ কৰা মানে কেৱল মাহেকীয়া নিয়মীয়া কৰা বা সন্তান জন্মৰ আশা কৰিলে বন্ধ্যাত্ব আঁতৰোৱাই নহয়। আমি এগৰাকী মহিলাৰ বিপাকীয় তন্ত্ৰ, হৃদযন্ত্ৰৰ সুৰক্ষা, মানসিক স্বাস্থ্য আৰু সামগ্ৰিক সুস্থতাৰ ওপৰতো সমানেই নজৰ দিব লাগিব। শেহতীয়া নিৰ্দেশনাৱলী অনুসৰি পিএমঅ’এছত আক্ৰান্ত মহিলাৰ বয়স নাইবা ওজনৰ অনুপাত যিয়েই নহওক কিয়, তেওঁলোকৰ তেজৰ শৰ্কৰাৰ মাত্ৰা আৰু হৃদৰোগৰ সম্ভাৱ্য বিপদসমূহৰ মূল্যায়ন কৰাৰ পৰামৰ্শ দিয়া হৈছে। এই বিষয়টো বিশেষভাৱে মন কৰিবলগীয়া, কাৰণ বাহিৰৰ পৰা এগৰাকী মহিলা শকত বা অতিৰিক্ত ওজন থকা যেন নালাগিলেও তেওঁৰ শৰীৰৰ ভিতৰত এনে বিপাকীয় জটিলতা লুকাই থাকিব পাৰে।”

বৰ্তমানলৈকে পিএমঅ’এছক একেবাৰে নিৰ্মূল কৰিব পৰা কোনো একক ঔষধ বা চিকিৎসা নাই যদিও লক্ষণসমূহ ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণত ৰাখিব পাৰি। এগৰাকী আক্ৰান্ত মহিলাৰ লক্ষণ, সন্তান ধাৰণৰ পৰিকল্পনা আৰু বিপাকীয় স্বাস্থ্যৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় জীৱনশৈলীৰ সালসলনি তথা সঠিক চিকিৎসাৰ সমন্বয় ঘটাই এই সমগ্ৰ প্ৰত্যাহ্বান সফলভাৱে মোকাবিলা কৰিব পাৰি।

ডাঃ দাসে ব্যাখ্যা কৰি কয়, “পিএমঅ’এছৰ বাবে সকলোৰে ক্ষেত্ৰতে একেদৰে প্ৰযোজ্য হোৱা কোনো সাৰ্বজনীন বা একক চিকিৎসা পদ্ধতি নাই। সুষম খাদ্য গ্ৰহণ, নিয়মীয়া শাৰীৰিক পৰিশ্ৰম, পৰ্যাপ্ত টোপনি আৰু অতিৰিক্ত ওজন বৃদ্ধি ৰোধ কৰাটো এই দীৰ্ঘম্যাদী শুশ্ৰূষাৰ অপৰিহাৰ্য অংগ। কিন্তু জীৱনশৈলী নিয়ন্ত্ৰণৰ অৰ্থ কেৱল ওজন কমোৱাৰ মাজতে আৱদ্ধ থাকিব নালাগে। প্ৰতিগৰাকী মহিলাৰ শাৰীৰিক প্ৰয়োজন অনুসৰি অনিয়মীয়া মাহেকীয়া, হাইপাৰএণ্ড্ৰ’জেনিজম-জনিত লক্ষণ, বিপাকীয় জটিলতা নাইবা সন্তান ধাৰণৰ বাবে সুকীয়া চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে। আমাৰ মূল উদ্দেশ্য হ’ল কেৱল এটাকৈ লক্ষণৰ চিকিৎসা কৰাৰ পৰিৱৰ্তে এক দীৰ্ঘম্যাদী সুস্বাস্থ্য পৰিকল্পনা গঢ়ি তোলা।”

ইয়াৰ সমান্তৰালভাৱে পিএমঅ’এছ ধৰা পৰা মানেই এগৰাকী মহিলা গৰ্ভধাৰণত অসমৰ্থ হ’ব- এনে ধাৰণাৰ কোনো ভিত্তি নাই বুলিও গুৰুত্ব সহকাৰে উল্লেখ কৰে বিশেষজ্ঞগৰাকীয়ে।

ডাঃ দাসে কয়, “ডিম্বক্ষৰণত বাধা জন্মাই সৃষ্টি কৰা সন্তানহীনতাৰ অন্যতম প্ৰধান কাৰণ পিএমঅ’এছ হ’লেও বন্ধ্যাত্ব অনিবাৰ্য নহয়। এই ৰোগত আক্ৰান্ত বহু মহিলাই স্বাভাৱিকভাৱেই গৰ্ভধাৰণ কৰে, আনহাতে আন একাংশক ডিম্বক্ষৰণ পুনৰুদ্ধাৰ বা সক্ৰিয় কৰিবলৈ চিকিৎসা বিজ্ঞানৰ সহায়ৰ প্ৰয়োজন হয়। সময়মতে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’লে সন্তান ধাৰণত দেখা দিয়া প্ৰকৃত অন্তৰায় চিনাক্ত কৰি সঠিক চিকিৎসা লোৱাত সুবিধা হয়। সেইবাবেই পিএমঅ’এছ ধৰা পৰিলেই কোনো মহিলাই নিজে কেতিয়াও মাতৃ হ’ব নোৱাৰিব বুলি ধৰি লোৱাটো অনুচিত।”

সজাগতাৰ আৱশ্যকতাৰ দিশটো অধিক স্পষ্ট কৰি গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ চিকিৎসা অধীক্ষক ডাঃ প্ৰণৱ বৰুৱাই কয়, “গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালত আমি বিশ্বাস কৰোঁ যে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ এক অতি গুৰুত্বপূৰ্ণ অংগ হৈছে সঠিক সজাগতা আৰু সময়োপযোগী উপযুক্ত চিকিৎসা লাভৰ সুযোগ। পিএমঅ’এছৰ দৰে জটিলতাই এগৰাকী নাৰীৰ জীৱনৰ বিভিন্ন পৰ্যায়ত প্ৰভাৱ পেলাব পাৰে। গতিকে অধিক সজাগতা সৃষ্টিয়ে মহিলাসকলক শৰীৰত একেৰাহে দেখা দিয়া লক্ষণসমূহক সাধাৰণ বুলি আওকাণ কৰাৰ পৰিৱৰ্তে উপযুক্ত চিকিৎসা পৰামৰ্শ ল’বলৈ উৎসাহিত কৰিব। শেহতীয়াকৈ হোৱা আন্তঃৰাষ্ট্ৰীয় নামকৰণৰ পৰিৱৰ্তনেও এই ৰোগবিধক ইয়াৰ সামগ্ৰিক ক্লিনিকেল পৰিসৰত বুজি পোৱাৰ প্ৰয়োজনীয়তাক পুনৰ সোঁৱৰাই দিয়ে। সঠিক তথ্য, আন্তৰিকতা আৰু পূৰ্ণাংগ চিকিৎসা সেৱাৰ জৰিয়তে ৰোগীসকলক সহায় কৰাটোৱেই আমাৰ লক্ষ্য।”

দীৰ্ঘদিন ধৰি অনিয়মীয়া মাহেকীয়া, কাৰণ নোহোৱাকৈ শালমইনা বা মুখ আৰু শৰীৰত অস্বাভাৱিক নোম গজা, সন্তান ধাৰণত অসুবিধা অথবা আন কোনো উদ্বেগজনক উপসৰ্গই দেখা দিলে নিজে নিজে সিদ্ধান্ত নোলোৱাকৈ বা ইণ্টাৰনেটৰ অপৰীক্ষিত তথ্যত ভৰসা নকৰি এগৰাকী অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহ্বান জনাইছে গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালে। ইয়াৰ সমান্তৰালভাৱে হাস্পতাল কৰ্তৃপক্ষই স্পষ্ট কৰি দিয়ে যে ২০২৬ বৰ্ষৰ মে’ মাহৰ নামকৰণৰ সংশোধনীত ৰোগবিধৰ নাম আৰু উপস্থাপনৰহে সালসলনি ঘটিছে, কিন্তু ইয়াৰ বাবে প্ৰযোজ্য তথ্য-প্ৰমাণভিত্তিক নিৰীক্ষণ তথা চিকিৎসা পৰামৰ্শসমূহ পূৰ্বৰ দৰেই বাহাল আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here