মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু লুইতপৰীয়া কল্যাণ মঞ্চৰ সহযোগত ছাত্ৰীবাৰীত জুবিন দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 22 September 2026

মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু লুইতপৰীয়া কল্যাণ মঞ্চৰ সহযোগত ছাত্ৰীবাৰীত জুবিন দিৱস


 

উদীয়মান কণ্ঠশিল্পী বৈশালী কাশ্যপলৈ জুবিন গাৰ্গ যুৱশিল্পী সন্মান


W7s news গুৱাহাটী : মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু লুইতপৰীয়া কল্যাণ মঞ্চৰ সহযোগত গুৱাহাটী ছাত্ৰীবাৰীত  বিস্তৃত কাৰ্যসূচীৰে 'জুবিন দিৱস' অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি অর্পণ কৰে ক্ৰমে মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ সভাপতি প্রমোদ চন্দ্র ঠাকুৰীয়া আৰু লুইতপৰীয়া কল্যাণ মঞ্চৰ সাধাৰণ সম্পাদক প্ৰণৱ বৰদলৈয়ে। জুবিন গাৰ্গৰ স্মৃতিত বৃক্ষৰোপণ কৰে মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ উপসভাপতি জেউতি লহকৰে আৰু পদূলিত একত্রিশ গছি বন্তি প্রজ্বলন কৰে ক্ৰমে মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদিকা তুলিকা লহকৰ, প্ৰাক্তন সভাপতি প্রতিমা গোস্বামী আৰু লুইতপৰীয়া কল্যাণ মঞ্চৰ ধৰ্মেন্দ্ৰ ঠাকুৰীয়াই। সন্ধিয়া ৬ বজাত সাংস্কৃতিক মঞ্চ মুকলি কৰে সমাজকর্মী শুভ্রজ্যোতি সৰকাৰে। ইয়াৰ পাছতে শেৱালি কলিতাই এটি বৰগীত ভায় 'লিন বাদনেৰে পৰিৱেশন কৰে। মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ সদস্যসকলে সমবেত কণ্ঠত জুবিন গাৰ্গৰ মায়াবিনী গীতটি পৰিৱেশন কৰে। অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী বৈশালী কাশ্যপক এখন ফুলাম গামোচা, ফুলাম জাপি, সম্বর্ধনা পত্ৰ আৰু এটি স্মাৰকেৰে 'জুবিন গাৰ্গ যুৱশিল্পী সম্মান' প্রদান কৰে অসম সাহিত্য সভাৰ গুৱাহাটী প্রশাসনিক কাৰ্যালয়ৰ সহকাৰী সম্পাদক সঞ্জীৱ শৰ্মা আৰু মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক বাবুল ৰাজবংশীয়ে। এই অনুষ্ঠানত তুলিকা লহকৰ, জেউতি লহকৰ, প্রতিমা গোস্বামী, বৈশালী কাশ্যপ, মৃণাল দাস, অংকিতা ৰাগিনী, অন্তৰীক্ষ বৰদলৈ, ৰশ্মি বৰদলৈ আৰু ময়ুখ কলিতাই জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি উপস্থিত দৰ্শকৰ পৰা ভূয়সী প্রশংসা লাভ কৰাৰ লগতে শিশুশিল্পী বিহান দাগাই মায়াবিনী গীতটি পৰিৱেশন কৰে। জুবিন গাৰ্গৰ ওপৰত ৰচিত কবিতা পাঠ কৰে ক্ৰমে জুৰি গোস্বামী আৰু অজন্তা বৰগোহাঁইয়ে। শিশুশিল্পী অর্ণব শিৱম দাস, ময়ুখ কলিতা, জাগৃত দাসে গীটাৰ বাদন কৰাৰ লগতে নিহাল কলিতা আৰু নিহাৰিকা দাসে জুবিন গাৰ্গৰ গীতৰ আধাৰত সুন্দৰ নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ আকাশ উপসমিতিৰ উপসভাপতি জুবি গোস্বামী, সহঃ আহ্বায়ক কবি বর্ণালী বৈশ্য, অসম সাহিত্য সভাৰ গুৱাহাটী প্রশাসনিক কাৰ্যালয়ৰ কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি বৰদলৈ, লুইতপৰীয়া কল্যাণ মঞ্চৰ পঙ্কজ মণ্ডল, ৰাজু বাৰৈ, মনিশা গোস্বামী, জগন্নাথ নাথ আৰু ৰমেশ বৈশ্যকে আদি কৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থত থাকে।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here