এল. গোপাল জুৱেলাৰ্ছৰ গৌৰৱময় ধাৰাক লৈ সোণী পৰিয়ালৰ নতুন পদক্ষেপ
W7s news গুৱাহাটী:: অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দীৰ্ঘদিন ধৰি আস্থা আৰু বিশ্বাস অৰ্জন কৰা এল. গোপাল জুৱেলাৰ্ছৰ ব্যৱসায়িক পৰিক্ৰমাত সংযোজিত হ’ল এক নতুন অধ্যায়। ‘বিশ্বাস একেই, পৰিচয় নতুন’ শীৰ্ষক ভাবনাৰে গুৱাহাটীৰ জেইল ৰোড, ফাঁচীবজাৰত ‘স্বৰ্ণবেদা জুৱেলছ’ৰ শ্ব’ৰুম আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। প্ৰখ্যাত অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী নিশিতা গোস্বামীয়ে শ্ব’ৰুমটো উদ্বোধন কৰে। অনুষ্ঠানত শংকৰলাল সোণী, তেওঁৰ পুত্ৰ গোকুল, গিৰিশ আৰু বিনোদ সোণীৰ লগতে বিশিষ্ট অতিথি, শুভাকাংক্ষী আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।
এল. গোপাল পৰিয়ালৰ তৃতীয় আৰু চতুৰ্থ প্ৰজন্মৰ গোকুল সোণী আৰু প্ৰতীক সোণীৰ নেতৃত্বত স্বৰ্ণবেদা জুৱেলছে পৰম্পৰাগত মূল্যবোধৰ সৈতে আধুনিক বিপণন অভিজ্ঞতাৰ সংমিশ্ৰণ ঘটাইছে। প্ৰায় ৫০০০ বৰ্গফুট আয়তনৰ এই বিপণীখনত সোণ, হীৰা, পল্কি আৰু ৰূপৰ গহনাৰ বিস্তৃত সংগ্ৰহৰ লগতে ৰূপৰ বিভিন্ন সামগ্ৰী আৰু ৰূপেৰে নিৰ্মিত আকৰ্ষণীয় আচবাবো উপলব্ধ হ’ব। স্বচ্ছতা আৰু ক্ৰেতাৰ সুবিধাক অগ্ৰাধিকাৰ দি ইয়াত নিজা সোণ পৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে ক্ৰেতাই নিজৰ সন্মুখতে সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাব পাৰিব। ফাঁচীবজাৰৰ ব্যস্ত বাণিজ্যিক অঞ্চললৈ অহা-যোৱা কৰা লোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বাহন ৰখাৰ বাবেও নিৰ্দিষ্ট ব্যৱস্থা কৰা হৈছে।
সোণী পৰিয়ালৰ বাবে স্বৰ্ণবেদা জুৱেলছ কেৱল এটা ব্যৱসায়িক প্ৰতিষ্ঠান নহয়, বৰং বছৰ বছৰ ধৰি গ্ৰাহকৰ সৈতে গঢ় লৈ উঠা বিশ্বাস আৰু সম্পৰ্কৰ ধাৰাবাহিকতা। গোকুল সোণী আৰু প্ৰতীক সোণীয়ে কয়, “এল. গোপাল জুৱেলাৰ্ছে আমাক ব্যৱসায়তকৈও অধিক মূল্যৱান সম্পদ দি গৈছে—অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অসংখ্য পৰিয়ালৰ আস্থা আৰু বিশ্বাস। স্বৰ্ণবেদাৰ জৰিয়তে আমি সেই পৰম্পৰাকেই আগুৱাই নিব বিচাৰিছোঁ। নাম আৰু অভিজ্ঞতা নতুন হ’ব পাৰে, কিন্তু আমাৰ মূল্যবোধ, সম্পৰ্ক আৰু গ্ৰাহকৰ প্ৰতি অংগীকাৰ একেই থাকিব।”
বৈচিত্ৰ্যপূৰ্ণ গহনা, আধুনিক বিপণন পৰিৱেশ আৰু স্বচ্ছ ব্যৱস্থাপনাৰ জৰিয়তে স্বৰ্ণবেদা জুৱেলছে পৰম্পৰা আৰু আধুনিকতাৰ মাজত সমন্বয় গঢ়ি তোলাৰ লক্ষ্য লৈছে। ২১ আৰু ২২ ছেপ্টেম্বৰ, ২০২৬ত জেইল ৰোড, ফাঁচীবজাৰ, গুৱাহাটীত শ্ব’ৰুমটো ক্ৰেতাৰ বাবে মুকলি থাকিব। এল. গোপাল জুৱেলাৰ্ছৰ সুদীৰ্ঘ ব্যৱসায়িক পৰিক্ৰমাক নতুন পৰিচয়েৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত এই পদক্ষেপে এক নতুন দিশৰ সূচনা কৰিছে।
No comments:
Post a Comment