ডাঃ সঞ্জয় কুমাৰ বুঢ়াগোহাঁইৰ যোগদানেৰে গুৱাহাটীত চকুৰ উন্নত চিকিৎসা সেৱা সম্প্ৰসাৰণ ‘চেণ্টাৰ ফৰ ছাইট’ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 23 September 2026

ডাঃ সঞ্জয় কুমাৰ বুঢ়াগোহাঁইৰ যোগদানেৰে গুৱাহাটীত চকুৰ উন্নত চিকিৎসা সেৱা সম্প্ৰসাৰণ ‘চেণ্টাৰ ফৰ ছাইট’ৰ



২৮ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে অঞ্চলটোত শক্তিশালী কৰিব গ্ল’ক’মা, নিউৰ’-অফথেলমল’জী, ছানি পৰা চকুৰ অস্ত্ৰোপচাৰ তথা সামগ্ৰিক নেত্ৰ-চিকিৎসা সেৱা


গুৱাহাটী, ২৩ ছেপ্টেম্বৰ, ২০২৬: উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীৰ বাবে চকুৰ অত্যাধুনিক চিকিৎসাক আৰু অধিক সুলভ কৰি তোলাৰ লক্ষ্যৰে গুৱাহাটীত নিজৰ সেৱা সম্প্ৰসাৰণ ঘটাইছে দেশৰ অগ্ৰণী প্ৰতিষ্ঠান ‘চেণ্টাৰ ফৰ ছাইট’এ। প্ৰতিষ্ঠানটোৰ এই যাত্ৰাক নতুন গতি প্ৰদান কৰি তেওঁলোকৰ চিকিৎসক দলত আনুষ্ঠানিকভাৱে চামিল হৈছে ২৮ বছৰীয়া সুদীৰ্ঘ অভিজ্ঞতাৰে সমৃদ্ধ বিশিষ্ট চকুৰোগ বিশেষজ্ঞ ডাঃ সঞ্জয় কুমাৰ বুঢ়াগোহাঁই।


উল্লেখ্য যে, ডাঃ বুঢ়াগোহাঁইৰ উপস্থিতিয়ে প্ৰতিষ্ঠানখনৰ গ্ল’ক’মা, নিউৰ’-অফথেলমল’জী, ছানি পৰা চকুৰ অস্ত্ৰোপচাৰ আৰু অন্যান্য জটিল নেত্ৰ-ৰোগৰ সঠিক নিৰ্ণয় তথা উন্নত চিকিৎসাৰ ভেটি অধিক সুদৃঢ় কৰিব। ফলত উন্নত চিকিৎসাৰ সন্ধানত বহিঃৰাজ্যলৈ যাবলগীয়া হোৱা গুৱাহাটীৰ লগতে সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলে এতিয়া নিজৰ ঘৰৰ কাষতে লাভ কৰিবলৈ সক্ষম হ’ব বিশ্বমানৰ বিশেষ বিশেষজ্ঞ সেৱা।


প্ৰণিধানযোগ্য যে, চকুৰ চিকিৎসা সেৱাত তিনিটা দশকৰ অভিজ্ঞতাৰে পুষ্ট এই প্ৰতিষ্ঠানখনে সমগ্ৰ দেশজুৰি ৯৫খন চিকিৎসালয় আৰু ৩৫০ৰো অধিক বিশেষজ্ঞ চিকিৎসকেৰে বছৰি ১৫ লাখৰো অধিক ৰোগীক উন্নত সেৱা আগবঢ়াই আহিছে। ভাৰতৰ বিভিন্ন প্ৰান্তত বিশেষীকৃত চিকিৎসা সেৱা সম্প্ৰসাৰণৰ এই ধাৰাবাহিক প্ৰচেষ্টাৰ অংশ হিচাপেই গুৱাহাটীৰ কেন্দ্ৰটোত অন্তৰ্ভুক্ত কৰা হৈছে স্থানীয় চিকিৎসা ক্ষেত্ৰখনৰ এক পৰিচিত নাম ডাঃ সঞ্জয় কুমাৰ বুঢ়াগোহাঁইক।


গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ ডিগ্ৰী সম্পূৰ্ণ কৰা ডাঃ বুঢ়াগোহাঁয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা অফথেলমল’জীত এম এছ আৰু পৰৱৰ্তী সময়ত ডি এন বি অৰ্জন কৰে। পাছত তেওঁ চেন্নাইৰ খ্যাতনামা শংকৰ নেত্ৰালয়ৰ পৰা গ্ল’ক’মা আৰু নিউৰ’-অফথেলমল’জীৰ উচ্চতৰ প্ৰশিক্ষণো গ্ৰহণ কৰে। চকুৰ জটিল অস্ত্ৰোপচাৰৰ লগতে ঔষধভিত্তিক চিকিৎসাত সমানেই দক্ষ এইগৰাকী বিশেষজ্ঞৰ উপস্থিতিয়ে গুৱাহাটীৰ কেন্দ্ৰটোক নতুন মাত্ৰা প্ৰদান কৰিছে।


ডাঃ বুঢ়াগোহাঁইৰ এই বিশেষ দক্ষতাক সম্বল কৰিয়েই কেন্দ্ৰটোৱে মূলতঃ গুৰুত্ব আৰোপ কৰিছে গ্ল’ক’মাৰ সময়োপযোগী নিৰ্ণয় আৰু আধুনিক চিকিৎসা ব্যৱস্থাপনাত। উল্লেখ্য যে, এই জটিল ৰোগবিধে চকুৰ অপটিক নাৰ্ভ লাহে লাহে বিনষ্ট কৰি পেলায় আৰু সঠিক সময়ত চিনাক্ত তথা চিকিৎসা নকৰিলে ৰোগী চিৰদিনৰ বাবে দৃষ্টিহীন হৈ পৰাৰ পূৰ্ণ আশংকা থাকে।


এই ৰোগ চিনাক্তকৰণৰ বাবে চকুৰ ভিতৰৰ চাপ পৰীক্ষা, গনিয়’স্কপি, পেকিমেট্ৰীৰ জৰিয়তে কৰ্ণিয়াৰ ঘনত্ব নিৰ্ণয়, অপটিক নাৰ্ভৰ পৰীক্ষা, পেৰিমিট্ৰী আৰু অ’চিটিৰ দৰে আধুনিক পৰীক্ষা-নিৰীক্ষাৰ ব্যৱস্থা ইয়াত উপলব্ধ কৰা হৈছে। এই সকলোবোৰ পৰীক্ষাই চিকিৎসকক গ্ল’ক’মাৰ প্ৰকাৰ আৰু পৰ্যায় নিৰ্ধাৰণ কৰাৰ লগতে ৰোগৰ অগ্ৰগতি নিৰীক্ষণ কৰি সঠিক চিকিৎসা পদ্ধতি বাছি লোৱাত সহায় কৰে।


মন কৰিবলগীয়া যে, ৰোগৰ তীব্ৰতা আৰু প্ৰকাৰৰ ওপৰত ভিত্তি কৰি ৰোগীক চকুৰ চাপ কমোৱা ঔষধ, লেজাৰ অথবা প্ৰয়োজন সাপেক্ষে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়া হয়। জটিল অৱস্থাত ৰোগীৰ শাৰীৰিক স্থিতি চাই ‘মিনিমেলি ইনভেছিভ গ্ল’ক’মা চাৰ্জাৰী’, ট্ৰেবেকিউলেকটমি আৰু গ্ল’ক’মা নিষ্কাশন নল বা ভাল্ভ সংস্থাপনৰ দৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। একেদৰে উপযুক্ত ৰোগীৰ বাবে ‘লেজাৰ পেৰিফেৰেল ইৰিড’টমি’ৰ দৰে অত্যাধুনিক লেজাৰ চিকিৎসাও প্ৰয়োগ কৰা হ’ব।


অন্যহাতে, কেৱল গ্ল’ক’মাই নহয়, নিউৰ’-অফথেলমল’জীত ডাঃ বুঢ়াগোহাঁইৰ থকা বিশেষ অভিজ্ঞতাই চকুৰ অপটিক নাৰ্ভ, মগজু আৰু স্নায়ুতন্ত্ৰৰ লগত জড়িত দৃষ্টিৰ জটিল সমস্যা চিনাক্তকৰণতো বিশেষ ভূমিকা ল’ব। দৃষ্টিশক্তি হ্ৰাস পোৱাৰ অস্পষ্ট কাৰণ, দুটাকৈ বস্তু দেখা, অপটিক নাৰ্ভৰ বিসংগতি নাইবা দৃষ্টিৰ পৰিসৰ কমি অহাৰ দৰে যিবোৰ জটিল স্নায়ৱিক লক্ষণ দেখা যায়, সেই সকলোবোৰ সঠিকভাৱে নিৰ্ণয় কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰাকৈ এই সেৱা সজাই তোলা হৈছে।


সমান্তৰালভাৱে গুৱাহাটীৰ কেন্দ্ৰটোত বিশেষ গুৰুত্ব লাভ কৰিব ছানি পৰা চকুৰ আধুনিক চিকিৎসায়ো। আধুনিক পদ্ধতিৰে ছানি পৰা ৰোগৰ পৰীক্ষা, অস্ত্ৰোপচাৰৰ নিখুঁত পৰিকল্পনা আৰু প্ৰতিগৰাকী ৰোগীৰ সুকীয়া প্ৰয়োজন অনুসৰি উপযুক্ত লেন্স বাছনি তথা সংস্থাপনৰ সমগ্ৰ প্ৰক্ৰিয়াত ডাঃ বুঢ়াগোহাঁইৰ ক্লিনিকেল অভিজ্ঞতাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব।


এই সম্পৰ্কে ‘চেণ্টাৰ ফৰ ছাইট’ৰ অধ্যক্ষ তথা চিকিৎসা সঞ্চালক অধ্যাপক (ডাঃ) মহীপাল এছ সচদেৱে কয়, “ৰোগীৰ কাষলৈ বিশ্বমানৰ ক্লিনিকেল চিকিৎসা সেৱা আগবঢ়াই নিয়াই আমাৰ মূল উদ্দেশ্য। সমগ্ৰ দেশজুৰি চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি কৰাৰ সমান্তৰালভাৱে প্ৰতিটো কেন্দ্ৰতে বিশেষজ্ঞ চিকিৎসকৰ ক্ষমতা সুদৃঢ় কৰাৰ ওপৰতো আমি গুৰুত্ব দি আহিছোঁ। গ্ল’ক’মা, নিউৰ’-অফথেলমল’জী আৰু সামগ্ৰিক চকু চিকিৎসাৰ ক্ষেত্ৰত ডাঃ বুঢ়াগোহাঁইৰ সুদীৰ্ঘ অভিজ্ঞতাই গুৱাহাটী তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলক লাভান্বিত কৰিব।”


প্ৰতিষ্ঠানটোত যোগদান কৰি ডাঃ সঞ্জয় কুমাৰ বুঢ়াগোহাঁয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “বিশেষকৈ গ্ল’ক’মাৰ দৰে বহুতো জটিল নেত্ৰ-ৰোগ প্ৰাৰম্ভিক অৱস্থাত কোনো স্পষ্ট লক্ষণ প্ৰকাশ নকৰাকৈয়ে বৃদ্ধি পাব পাৰে। সেয়ে নিয়মীয়া চকু পৰীক্ষা, সঠিক ৰোগ নিৰ্ণয় আৰু সময়োপযোগী চিকিৎসা অত্যন্ত জৰুৰী। ‘চেণ্টাৰ ফৰ ছাইট’ৰ চিকিৎসক দলৰ সৈতে মিলি গ্ল’ক’মা, নিউৰ’-অফথেলমল’জী, ছানি পৰা চকু আৰু সামগ্ৰিক চকুৰ ৰোগৰ উন্নত চিকিৎসাৰে অঞ্চলটোৰ ৰোগীসকলক সেৱা আগবঢ়াবলৈ পাই মই অত্যন্ত আনন্দিত অনুভৱ কৰিছোঁ।”


গ্ল’ক’মা, নিউৰ’-অফথেলমল’জী আৰু ছানি পৰা চকুৰ চিকিৎসাৰ উপৰিও গুৱাহাটীৰ ‘চেণ্টাৰ ফৰ ছাইট’ত উপলব্ধ কৰা হৈছে এক পূৰ্ণাংগ নেত্ৰ-চিকিৎসা ব্যৱস্থা। ইয়াত ৰেটিনা, কৰ্ণিয়া, দৃষ্টিশক্তিৰ বিসংগতি আৰু সংশোধন, শিশুৰ চকুৰোগ, কেৰাহি চকুৰ চিকিৎসাকে ধৰি ঔষধ তথা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা চকুৰ বিভিন্ন জটিল ৰোগৰ আধুনিক চিকিৎসা আগবঢ়োৱা হয়। ৰোগ নিৰ্ণয়ৰ পৰা আৰম্ভ কৰি আৰোগ্য হোৱালৈকে ৰোগীৰ প্ৰতিটো পৰ্যায়ৰ প্ৰয়োজন অনুসৰি বিশেষভাৱে সাজু কৰি তোলা হৈছে কেন্দ্ৰটোৰ পৰীক্ষা-নিৰীক্ষা আৰু চিকিৎসা আন্তঃগাঁথনি।



গুৱাহাটীৰ এই চিকিৎসক দলটিক অধিক শক্তিশালী কৰি তোলাৰ পদক্ষেপে সমগ্ৰ দেশজুৰি ‘চেণ্টাৰ ফৰ ছাইট’ৰ এক বিশেষ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। বিশেষজ্ঞ চিকিৎসকৰ পাৰদৰ্শিতা, আধুনিক প্ৰযুক্তি আৰু ৰোগীকেন্দ্ৰিক সেৱাৰ এক সুষম সমন্বয় গঢ়ি তুলিছে প্ৰতিষ্ঠানটোৱে।



চকুৰ সুৰক্ষাৰ ক্ষেত্ৰত ‘চেণ্টাৰ ফৰ ছাইট’ৰ মূল বাৰ্তা সদায় স্পষ্ট-


‘দৃষ্টিশক্তিৰ ক্ষেত্ৰত কোনো আপোচ নকৰিব, আস্থা ৰাখক বিশেষজ্ঞৰ ওপৰত।’

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here