W7s news,গুৱাহাটী; ৮ ছেপ্টেম্বৰ, ২০২৬: দেশৰ বিত্তীয় বজাৰত বলিষ্ঠ উপস্থিতিৰ পৰিচয় দি ২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকতো উচ্চ বিকাশৰ গতি অব্যাহত ৰাখিবলৈ সক্ষম হৈছে অগ্ৰণী সাধাৰণ বীমা প্ৰতিষ্ঠান ‘এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চ’। বিগত ২০২৬ বিত্তীয় বৰ্ষৰ সফলতাক আগুৱাই লৈ গৈ প্ৰতিষ্ঠানটোৱে মূল ব্যৱসায়িক স্তম্ভসমূহ অধিক সুদৃঢ় কৰি তোলে। বৈচিত্ৰ্যপূৰ্ণ পৰ্টফলিঅ’, শৃংখলাবদ্ধ কাৰ্যপন্থা আৰু শক্তিশালী মূলধনী স্থিতিয়ে এই অগ্ৰগতিত বিশেষভাৱে ইন্ধন যোগায়। এই প্ৰথম তিনিমাহত প্ৰতিষ্ঠানটোৰ সৰ্বমুঠ প্ৰত্যক্ষ প্ৰিমিয়ামৰ পৰিমাণ (জিডিপিআই) উপনীত হৈছেহি ৩,৫০৬ কোটি টকাত। বাৰ্ষিক ভিত্তিত হোৱা এই ১০.৯ শতাংশ সুস্থিৰ বৃদ্ধিয়ে নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিতে প্ৰতিষ্ঠানটোৰ অবিৰত ব্যৱসায়িক ধাৰাবাহিকতাকে স্পষ্টভাৱে দাঙি ধৰিছে।
ব্যৱসায় সম্প্ৰসাৰণৰ এই যাত্ৰাত খুচুৰা আৰু বাণিজ্যিক দুয়োটা খণ্ডই সমানে অৰিহণা যোগাইছে। আলোচ্য তিনিমাহত স্বাস্থ্য বীমা খণ্ডত ৪৯.৯ শতাংশ আৰু ব্যক্তিগত দুৰ্ঘটনা বীমা (পি এ) খণ্ডত ২৬.৩ শতাংশ বৃদ্ধি পৰিলক্ষিত হয়। ইয়াৰ সমান্তৰালভাৱে অভিযান্ত্ৰিক খণ্ডই লাভ কৰে ৯৫.৪ শতাংশ আৰু সাগৰীয় পৰিবহণে ১৬.৮ শতাংশ উল্লেখনীয় ব্যৱসায়িক বিকাশ। সকলো খণ্ডজুৰি দেখা পোৱা এনে সৰ্বাংগীন প্ৰদৰ্শনে গ্ৰাহক তথা উদ্যোগসমূহৰ ক্ৰমবৰ্ধমান সুৰক্ষাৰ প্ৰয়োজন পূৰণ কৰি খুচুৰা আৰু বাণিজ্যিক ব্যৱসায়ৰ ব্যাপ্তি সম্প্ৰসাৰণৰ প্ৰতি প্ৰতিষ্ঠানটোৰ নিৰন্তৰ গুৰুত্বকে প্ৰতিফলিত কৰিছে।
মন কৰিবলগীয়া যে, ব্যৱসায়িক সম্প্ৰসাৰণ আৰু বিত্তীয় শৃংখলাবদ্ধতাৰ মাজত সঠিক ভাৰসাম্য ৰক্ষাৰ ওপৰতেই প্ৰতিষ্ঠানটোৰ এনে উন্নত প্ৰদৰ্শন নিৰন্তৰভাৱে প্ৰতিষ্ঠিত হৈ আহিছে। নতুনকৈ গ্ৰহণ কৰা ‘ইণ্ড এএছ’ বিত্তীয় মানদণ্ড অনুসৰি এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চৰ সৰ্বাংগীন আয়ৰ পৰিমাণ হৈছে ৫৭৩ কোটি টকা আৰু কৰ পৰিশোধৰ পাছত লাভৰ পৰিমাণ (পি এ টি) উপনীত হৈছেহি ৪২৬ কোটি টকাত। প্ৰথম ত্ৰৈমাসিকত প্ৰতিষ্ঠানটোৱে ২.০ গুণ ঋণ পৰিশোধ সক্ষমতা অনুপাত আৰু ৯৬.১৮ শতাংশ সংযুক্ত কাৰ্যকৰী অনুপাত নথিভুক্ত কৰিবলৈ সক্ষম হয়। মূলধনৰ এই শক্তিশালী স্থিতিয়ে প্ৰতিষ্ঠানটোৰ ভৱিষ্যত বিকাশৰ উচ্চাভিলাষী লক্ষ্যসমূহত এক সুদৃঢ় ভেটি প্ৰদান কৰিছে।
ইফালে, বিত্তীয় ফলাফল প্ৰকাশৰ ক্ষেত্ৰতো এই ত্ৰৈমাসিকটোত প্ৰতিষ্ঠানটোৱে স্পৰ্শ কৰে এক তাৎপৰ্যপূৰ্ণ মাইলৰ খুঁটি। নতুনকৈ কাৰ্যকৰী হোৱা ‘ইণ্ড এ এছ’ ব্যৱস্থাৰ অধীনত বিত্তীয় ফলাফল ঘোষণা কৰা দেশৰ প্ৰথমটো সাধাৰণ বীমা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চ। এই ঐতিহাসিক ৰূপান্তৰে প্ৰতিষ্ঠানটোৰ বিত্তীয় প্ৰতিবেদন আৰু তথ্য প্ৰকাশৰ ব্যৱস্থাক অধিক সুদৃঢ় কৰি তোলাৰ লগতে স্বচ্ছতা, সু-প্ৰশাসন আৰু বিত্তীয় অনুশাসনৰ প্ৰতি প্ৰতিষ্ঠানটোৰ সংকল্পক পুনৰবাৰ প্ৰমাণ কৰিছে।
প্ৰতিষ্ঠানটোৰ এই ব্যৱসায়িক সফলতা সন্দৰ্ভত এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া নবীন চন্দ্ৰ ঝাই কয়, “সকলো গুৰুত্বপূৰ্ণ দিশতে নিৰৱচ্ছিন্ন বিকাশ অক্ষুণ্ণ ৰাখি আমি ২০২৭ বিত্তীয় বৰ্ষৰ আৰম্ভণি এক শক্তিশালী স্থিতিত কৰিবলৈ সক্ষম হৈছোঁ। এক সুদৃঢ় ভেটি ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আৰু আমি আশাবাদী যে এই ব্যৱসায়িক গতিয়ে বিত্তীয় বৰ্ষৰ সামৰণিত প্ৰতিষ্ঠানটোক এক শক্তিশালী পৰ্যায়লৈ লৈ যাব। প্ৰথম ত্ৰৈমাসিকত আমাৰ সৰ্বমুঠ প্ৰত্যক্ষ প্ৰিমিয়ামৰ পৰিমাণ (জিডিপিআই) ৩,৫০৬ কোটি টকা আৰু সৰ্বাংগীন আয় ৫৭৩ কোটি টকাত উপনীত হৈছে। গ্ৰাহকৰ আস্থা আৰু ক্ষিপ্ৰ কাৰ্যপন্থাৰ বলত সন্তুলিত বিকাশ তথা লাভজনক ব্যৱসায়ৰ প্ৰতি আমাৰ থকা অগ্ৰাধিকাৰকে এই ফলাফলে প্ৰতিফলিত কৰিছে। আমাৰ সক্ষমতা অধিক বৃদ্ধি কৰাৰ লগতে গ্ৰাহকৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ স্বাৰ্থ সুৰক্ষিত ৰখাৰ প্ৰতিশ্ৰুতি পালনত আমি দায়বদ্ধ হৈ ৰম।”
প্ৰতিষ্ঠানটোৰ মুখ্য বিত্তীয় বিষয়া জীতেন্দ্ৰ আত্ৰাই কয়, “সাধাৰণ বীমা খণ্ডত ‘ইণ্ড এ এছ’ ব্যৱস্থা প্ৰথমবাৰলৈ কাৰ্যকৰী কৰাটো আমাৰ বিত্তীয় প্ৰতিবেদন প্ৰস্তুতিৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি, যিয়ে সকলো অংশীদাৰৰ বাবে তথ্যৰ স্বচ্ছতা আৰু তুলনামূলক বিশ্লেষণৰ সুবিধা অধিক বৃদ্ধি কৰিব। ২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত আমি সৰ্বাংগীন আয়ত ১৭.৪ শতাংশ উল্লেখনীয় বিকাশ নিশ্চিতভাৱে অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। তদুপৰি জিডিপিআইত দেখা পোৱা ১০.৯ শতাংশ বৃদ্ধিয়ে সকলো মূল বাণিজ্যিক ক্ষেত্ৰতে থকা স্থিৰ গতিকে প্ৰতিফলিত কৰিছে। ব্যৱসায় সম্প্ৰসাৰণৰ সমান্তৰালভাৱে বিত্তীয় অনুশাসন অক্ষুণ্ণ ৰখাৰ ওপৰতো আমাৰ তীক্ষ্ণ নজৰ সদায় অব্যাহত আছে। ২.০ গুণ ঋণ পৰিশোধ সক্ষমতা অনুপাতৰ সুবাদত বিত্তীয় শক্তি আৰু শৃংখলাবদ্ধতা বৰ্তাই ৰাখি এক বহনক্ষম বিকাশৰ দিশত আগবাঢ়িবলৈ আমি সম্পূৰ্ণ সাজু।”
বিত্তীয় বৰ্ষটোৰ অগ্ৰগতিৰ সমান্তৰালভাৱে অনুশাসনপূৰ্ণ ব্যৱসায়িক সম্প্ৰসাৰণ, আণ্ডাৰৰাইটিং ব্যৱস্থা অধিক শক্তিশালীকৰণ আৰু কাৰ্যক্ষমতা বৃদ্ধিত গুৰুত্ব অব্যাহত ৰাখিছে এছবিআই জেনেৰেল ইনশ্বুৰেঞ্চে। ক্ৰমবৰ্ধমান তথা বৈচিত্ৰ্যপূৰ্ণ পৰ্টফলিঅ’, সবল মূলধনৰ স্থিতি আৰু প্ৰযুক্তি তথা বিতৰণ ব্যৱস্থাত নিৰন্তৰ বিনিয়োগে প্ৰতিষ্ঠানটোক এক শক্তিশালী স্থিতিত ৰাখিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰতিষ্ঠানটোৱে ব্যৱসায়িক ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ সমান্তৰালভাৱে বীমাৰ পৰিসৰ সম্প্ৰসাৰণ কৰি ভাৰতৰ ক্ৰমবিকাশমান সাধাৰণ বীমা খণ্ডত নিজৰ স্থিতি অধিক শক্তিশালী কৰিবলৈ সক্ষম হ’ব।

No comments:
Post a Comment