এডেন’মায়’ছিছ চিকিৎসাত নতুন আশাৰ বতৰা, আই এইচ আৰ গুৱাহাটীত সফল মাইক্ৰ’ৱেভ এব্লেচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 5 September 2026

এডেন’মায়’ছিছ চিকিৎসাত নতুন আশাৰ বতৰা, আই এইচ আৰ গুৱাহাটীত সফল মাইক্ৰ’ৱেভ এব্লেচন


 

W7s news,,গুৱাহাটী, ৫ ছেপ্টেম্বৰ: এডেন’মায়’ছিছত আক্ৰান্ত মহিলাৰ বাবে নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে গুৱাহাটীৰ ইনষ্টিটিউট অৱ হিউমেন ৰিপ্ৰ’ডাকচন (আই এইচ আৰ)-এ। চিকিৎসালয়খনত জৰায়ু সংৰক্ষণৰ লক্ষ্যৰে বৃহৎ পৰিসৰৰ এডেন’মায়’ছিছৰ চিকিৎসা কোনো লেপাৰ’স্কপি বা পেটত অস্ত্ৰোপচাৰৰ কটা-ছিঙা নকৰাকৈ মাইক্ৰ’ৱেভ এব্লেচন (এম ডব্লিউ এ) পদ্ধতিৰে সফলতাৰে সম্পন্ন কৰা হয়। বাস্তৱ-সময়ৰ আল্ট্ৰাছাউণ্ড নিৰ্দেশনাত এই চিকিৎসা সম্পন্ন কৰে ডাঃ দীপক গোৱেংকাই।

৪১ বছৰীয়া এগৰাকী মহিলাই পাঁচ বছৰ ধৰি বিবাহিত জীৱনত বন্ধ্যাত্ব আৰু তীব্ৰ ঋতুস্ৰাৱৰ বিষৰ সমস্যাত ভুগি চিকিৎসাৰ বাবে আই এইচ আৰলৈ আহিছিল। ইয়াৰ পূৰ্বে তেওঁৰ লেপাৰ’স্কপিক অস্ত্ৰোপচাৰৰ চেষ্টা কৰা হৈছিল যদিও অৱশেষত সেই অস্ত্ৰোপচাৰ মুকলি অস্ত্ৰোপচাৰলৈ ৰূপান্তৰ কৰিবলগীয়া হৈছিল।

আই এইচ আৰত কৰা পৰীক্ষাত তেওঁৰ জৰায়ুৰ পিছফালৰ পেশীৰ স্তৰত প্ৰায় ৮ × ৭ ছেণ্টিমিটাৰ আকাৰৰ বিস্তৃত এডেন’মায়’ছিছ ধৰা পৰে। তেওঁৰ জৰায়ুৰ আকাৰো যথেষ্ট বৃদ্ধি পাই প্ৰায় ৫০৪ ঘন ছেণ্টিমিটাৰ হৈছিল, যাৰ বিপৰীতে সাধাৰণ জৰায়ুৰ আয়তন প্ৰায় ৫০ ঘন ছেণ্টিমিটাৰ।

এডেন’মায়’ছিছ হৈছে এনে এক ৰোগ, য’ত জৰায়ুৰ ভিতৰৰ আৱৰণৰ দৰে কলা জৰায়ুৰ পেশীৰ স্তৰত প্ৰৱেশ কৰি বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ ফলত অত্যন্ত বেদনাদায়ক ঋতুস্ৰাৱ, অধিক ৰক্তক্ষৰণ, জৰায়ুৰ আকাৰ বৃদ্ধি আৰু কিছুমান মহিলাৰ ক্ষেত্ৰত গৰ্ভধাৰণত অসুবিধা হ’ব পাৰে। বিশেষকৈ ভৱিষ্যতে গৰ্ভধাৰণৰ পৰিকল্পনা থকা মহিলাৰ ক্ষেত্ৰত জৰায়ু সংৰক্ষণ কৰি বিস্তৃত এডেন’মায়’ছিছৰ চিকিৎসা কৰাটো প্ৰত্যাহ্বানজনক।

এই ক্ষেত্ৰত বৃহৎ অস্ত্ৰোপচাৰৰ জৰিয়তে আক্ৰান্ত কলা আঁতৰোৱাৰ পৰিৱৰ্তে চিকিৎসকৰ দলটোৱে জৰায়ু সংৰক্ষণৰ ওপৰত গুৰুত্ব দি বাস্তৱ-সময়ৰ আল্ট্ৰাছাউণ্ড নিৰ্দেশনাত মাইক্ৰ’ৱেভ এব্লেচন পদ্ধতি ব্যৱহাৰ কৰে।

সাধাৰণ এনাস্থেছিয়াৰ অধীনত সম্পন্ন কৰা এই চিকিৎসাত প্ৰায় ৩০ মিনিট সময় প্ৰয়াজন হৈহিল। অবিৰত আল্ট্ৰাছাউণ্ডৰ সহায়ত পাতল মাইক্ৰ’ৱেভ এপ্লিকেটৰটো জৰায়ুৰ আক্ৰান্ত অংশলৈ নিখুঁতভাৱে প্ৰৱেশ কৰোৱা হয়। ইয়াৰ পিছত নিয়ন্ত্ৰিতভাৱে মাইক্ৰ’ৱেভ শক্তি প্ৰয়োগ কৰি অস্বাভাৱিক এডেন’মায়’ছিছত আক্ৰান্ত কলা ধ্বংস কৰা হয়। উল্লেখযোগ্য যে এই চিকিৎসাত লেপাৰ’স্কপি বা পেটত কোনো অস্ত্ৰোপচাৰৰ কটা-ছিঙাৰ প্ৰয়োজন হোৱা নাছিল।

এডেন’মায়’ছিছৰ সৈতে বন্ধ্যাত্বৰ সমস্যাও জড়িত থাকিব পাৰে আৰু ইয়াৰ প্ৰভাৱ আই ভি এফৰ দৰে সহায়ক প্ৰজনন চিকিৎসাত পৰিব পাৰে। উপযুক্তভাৱে নিৰ্বাচিত ৰোগীৰ ক্ষেত্ৰত জৰায়ু সংৰক্ষণ কৰি গুৰুতৰ এডেন’মায়’ছিছৰ চিকিৎসা কৰাটো ব্যক্তিগতকৃত বন্ধ্যাত্ব চিকিৎসা পৰিকল্পনাৰ এক অংশ হ’ব পাৰে। চিকিৎসাগতভাৱে উপযুক্ত বুলি বিবেচিত হ’লে আই ভি এফৰ বাবে প্ৰস্তুতিৰ ক্ষেত্ৰতো এই পদ্ধতি বিবেচনা কৰিব পৰা যায়।

আই এইচ আৰ গুৱাহাটীত সম্পন্ন হোৱা এই চিকিৎসা উপযুক্তভাৱে নিৰ্বাচিত এডেন’মায়’ছিছত আক্ৰান্ত মহিলাৰ বাবে কম আক্ৰমণাত্মক আৰু জৰায়ু সংৰক্ষণমূলক চিকিৎসাৰ এক সম্ভাৱনাময় বিকল্প হিচাপে পৰিগণিত হৈছে। বিশেষকৈ ভৱিষ্যতে গৰ্ভধাৰণৰ পৰিকল্পনা থকা আৰু পৰম্পৰাগত অস্ত্ৰোপচাৰ যিসকলৰ বাবে জটিল হ’ব পাৰে, তেওঁলোকৰ বাবে এই পদ্ধতিয়ে এক বিকল্প চিকিৎসা পথৰ সম্ভাৱনা সৃষ্টি কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here