পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাৰী সন্মিলনৰ নেতৃত্বত অব্যাহত আছে সাহায্য আৰু পুনৰ্বাসন অভিযান
W7s news,,গুৱাহাটী, ২ আগষ্টঃ
অসমৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়াকৈ সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিয়ে হাজাৰ হাজাৰ পৰিয়ালৰ জীৱন-জীৱিকাত গভীৰ প্ৰভাৱ পেলাইছে। অসংখ্য গাঁও জলমগ্ন হৈ পৰাৰ লগতে বহু পৰিয়াল গৃহহীন হৈছে। পশুধনৰ ক্ষতি, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহৰ বিস্তৰ ক্ষতিয়ে বানাক্ৰান্ত অঞ্চলসমূহত এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে। এনে সংকটকালত পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাৰী সন্মিলন (পিপিএমএছ) আৰু ইয়াৰ বিভিন্ন শাখাই সমাজসেৱাৰ গৌৰৱময় পৰম্পৰা অক্ষুণ্ণ ৰাখি ব্যাপক সাহায্য আৰু পুনৰ্বাসন অভিযান চলাই এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে।
বানৰ আৰম্ভণিৰে পৰাই আমগুৰি, টীয়ক, শিৱসাগৰ, নাজিৰা-গেলেকী, শিমলুগুৰি আৰু সোণাৰি শাখাৰ বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকসকলে জিলা প্ৰশাসন, চিভিল ডিফেন্স আৰু বিভিন্ন সামাজিক সংগঠনৰ সৈতে সমন্বয় ৰাখি দিনে-নিশাই উদ্ধাৰ আৰু সাহায্য কাৰ্যত নিয়োজিত হৈ আছে। নাৱৰ জৰিয়তে বানত আৱদ্ধ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ উপৰিও সাহায্য শিবিৰ পৰিচালনা, ৰন্ধা আহাৰ, শুকান খাদ্য, খোৱাপানী, বস্ত্ৰ, বিচনাৰ সামগ্ৰী, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ অব্যাহত আছে।
শিৱসাগৰ শাখাই স্থাপন কৰা সাহায্য শিবিৰত বহু বানাক্ৰান্ত পৰিয়ালক আশ্ৰয় আৰু খাদ্যৰ ব্যৱস্থা কৰা হৈছে। নাজিৰা-গেলেকী শাখাই সংকটৰ সময়ত নিজৰ সদস্যসকলৰ বাসগৃহৰ দুৱাৰ মুকলি কৰি বহু পৰিয়ালক নিৰাপদ আশ্ৰয় প্ৰদান কৰাৰ লগতে বানত প্লাৱিত গৌশালাৰ গৰুসমূহৰ যত্নৰ দায়িত্বও আন্তৰিকতাৰে পালন কৰিছে। আনহাতে শিমলুগুৰি, টীয়ক আৰু সোণাৰি শাখাই স্থানীয় প্ৰশাসনৰ সহযোগত দুৰ্গম আৰু জলমগ্ন অঞ্চলসমূহলৈ নিয়মীয়াকৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰি আছে।
এই মানৱীয় অভিযানৰ অন্যতম উল্লেখযোগ্য দিশ হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ মাৰৱাৰী সমাজৰ শাখা, সামাজিক সংগঠন আৰু সেৱামূলক প্ৰতিষ্ঠানসমূহৰ ব্যাপক সহযোগিতা। প্ৰতিদিনে খাদ্যসামগ্ৰী, বিশুদ্ধ খোৱাপানী, বস্ত্ৰ, কম্বল, মাদুৰ, বিচনাৰ সামগ্ৰী, স্বাস্থ্য আৰু পৰিচ্ছন্নতা সামগ্ৰী, লগতে শিশু আৰু মহিলাসকলৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী বানাক্ৰান্ত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে। স্থানীয় শাখাসমূহে প্ৰশাসন আৰু স্বেচ্ছাসেৱকসকলৰ সহযোগত নাৱৰ জৰিয়তে দূৰৱৰ্তী আৰু যোগাযোগ বিচ্ছিন্ন গাঁওসমূহলৈ এই সাহায্য সামগ্ৰীসমূহ সুকলমে পৌঁছাই দিছে, যাতে প্ৰকৃত প্ৰয়োজনীয় লোকসকলে সময়মতে সহায় লাভ কৰে।
পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাৰী সন্মিলনৰ প্ৰাদেশিক সভাপতি শ্ৰী কৈলাশ কাবৰাৰ নেতৃত্বত প্ৰাদেশিক নেতৃত্বই বানাক্ৰান্ত অঞ্চলসমূহৰ সৈতে অবিৰত যোগাযোগ ৰক্ষা কৰি আহিছে। প্ৰাদেশিক সাধাৰণ সম্পাদক শ্ৰী ৰমেশ কুমাৰ চাণ্ডককে ধৰি সন্মিলনৰ বিষয়ববীয়াসকলে স্বয়ং বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত-বিনিময় কৰে, তেওঁলোকৰ সমস্যা বুজি লয় আৰু সকলোধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰে। সাহায্য কাৰ্য যাতে কোনো পৰ্যায়তে ব্যাহত নহয়, তাৰ বাবে প্ৰাদেশিক আৰু ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ জৰিয়তে ক্ষতিগ্ৰস্ত শাখাসমূহলৈ আৰ্থিক সহায়ো আগবঢ়োৱা হৈছে।
প্ৰাদেশিক নেতৃত্বই টীয়ক, আমগুৰি, শিৱসাগৰ আৰু শিমলুগুৰি অঞ্চল পৰিদৰ্শন কৰি চলি থকা সাহায্য কাৰ্যৰ বুজ লোৱাৰ লগতে স্থানীয় স্বেচ্ছাসেৱকসকলক উৎসাহিত কৰে। একে সময়তে বানৰ ফলত ব্যৱসায় আৰু জীৱিকাত গুৰুতৰ ক্ষতিৰ সন্মুখীন হোৱা সমাজৰ সদস্যসকলক সুদবিহীন আৰ্থিক সহায় আগবঢ়োৱাৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে, যাতে তেওঁলোকে পুনৰ স্বাভাৱিক জীৱন আৰু ব্যৱসায় গঢ়ি তুলিব পাৰে।
মৰাণহাট, ডিমৌ, বৰপথাৰ, গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন শাখাইও নিয়মীয়াকৈ সাহায্য সামগ্ৰী আৰু অন্যান্য সহযোগিতা আগবঢ়াই আহিছে। শতাধিক স্বেচ্ছাসেৱকে নিজৰ ব্যক্তিগত অসুবিধা উপেক্ষা কৰি সম্পূৰ্ণ নিষ্ঠা আৰু সেৱাৰ মনোভাৱেৰে এই মানৱীয় অভিযানত অংশগ্ৰহণ কৰি আছে।
পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাৰী সন্মিলনে প্ৰকাশ কৰা মতে, এই অভিযান কেৱল সাহায্য সামগ্ৰী বিতৰণতে সীমাবদ্ধ নহয়; ই হৈছে মানৱতা ৰক্ষা আৰু বিপদগ্ৰস্ত লোকসকলৰ কাষত দৃঢ়ভাৱে থিয় দিয়াৰ এক অংগীকাৰ। বানপীড়িত অঞ্চলসমূহত স্বাভাৱিক পৰিস্থিতি সম্পূৰ্ণৰূপে ঘূৰি নাহোঁৱালৈকে সন্মিলনে জিলা প্ৰশাসন আৰু স্থানীয় সমাজৰ সৈতে একেলগে সাহায্য, সেৱা আৰু পুনৰ্বাসনৰ কাম পূৰ্ণ প্ৰতিশ্ৰুতিৰে অব্যাহত ৰাখিব।
মানৱ সেৱাই মাৰৱাৰী সমাজৰ পৰিচয়। সংকটৰ এই সময়ত সমগ্ৰ মাৰৱাৰী সমাজে বানপীড়িত জনসাধাৰণৰ সৈতে কান্ধে কান্ধ মিলাই থিয় দি মানৱতাৰ প্ৰতি নিজৰ অটল দায়বদ্ধতাৰ পুনৰ প্ৰমাণ দিছে।

No comments:
Post a Comment