নাৰী শক্তি, সন্মান আৰু উন্নয়নৰ মঞ্চ হ’ব ‘তেজস্বিতা’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 6 August 2026

নাৰী শক্তি, সন্মান আৰু উন্নয়নৰ মঞ্চ হ’ব ‘তেজস্বিতা’

 


পূৰ্বোত্তৰ প্ৰাদেশিক মাৰোৱাৰী সন্মিলনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলা অধিৱেশন; ৮-৯ আগষ্টত গুৱাহাটীত সমবেত হ’ব ৩০০ৰো অধিক মহিলা



W7s news গুৱাহাটী: পূৰ্বোত্তৰ প্ৰাদেশিক মাৰোৱাৰী সন্মিলনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নাৰী শক্তি, নাৰী সন্মান আৰু নাৰী উন্নয়নৰ প্ৰতি উৎসৰ্গিত দুদিনীয়া মহিলা অধিৱেশন ‘তেজস্বিতা’ গুৱাহাটীত অনুষ্ঠিত হ’ব। মাৰোৱাৰী সন্মিলন গুৱাহাটী মহিলা শাখাৰ আতিথ্যত আৰু মানিকচান্দ জুৱেলাৰ্ছৰ সহযোগত অহা ৮ আৰু ৯ আগষ্টত ছত্ৰীবাৰীৰ অসম মহেশ্বৰী ভৱনত এই দুদিনীয়া মহিলা অধিৱেশন অনুষ্ঠিত কৰা হ’ব।

সাংবাদিক সন্মিলনত মহিলা শাখাৰ সভানেত্ৰী সন্তোষ শৰ্মাই জনোৱা অনুসৰি, পূৰ্বোত্তৰ প্ৰদেশৰ ২০টা মহিলা শাখাৰ পৰা ৩০০ৰো অধিক মহিলা এই অধিৱেশনত অংশগ্ৰহণ কৰিব। তেওঁ কয় যে ‘তেজস্বিতা’ৰ মূল উদ্দেশ্য হৈছে মহিলাসকলক শক্তিশালী, স্বাৱলম্বী আৰু সজাগ কৰি তোলাৰ লগতে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা মহিলাসকলক স্বীকৃতি আৰু সন্মান প্ৰদান কৰা।

অধিৱেশনৰ প্ৰথম দিনাৰ উদ্বোধনী অনুষ্ঠানত অখিল ভাৰতীয় মাৰোৱাৰী সন্মিলনৰ ৰাষ্ট্ৰীয় সভাপতি পৱন গোৱেংকা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে, ৰাষ্ট্ৰীয় সংগঠন সম্পাদক বসন্ত সুৰানা, অৰুণা সৰাৱগী আৰু খুশবু দামানী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

অধিৱেশনত নাৰী সশক্তিকৰণ, স্বাৱলম্বিতা আৰু সজাগতাৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত হ’ব। দিল্লীৰ পৰা অহা কেপ্তেইন মীৰা সিদ্ধাৰ্থ ডেভে নাৰী সশক্তিকৰণ বিষয়ক সত্ৰত বক্তব্য আগবঢ়াব। আনহাতে, চি এ ৰাগিনী গোৱেলে মহিলাসকলক স্বাৱলম্বী আৰু আৰ্থিকভাৱে শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে বিশেষ সত্ৰত পৰামৰ্শ আৰু দিহা আগবঢ়াব।

অধিৱেশনৰ অংশ হিচাপে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই সমাজলৈ গৌৰৱ কঢ়িয়াই অনা ১১গৰাকী মহিলাক ‘নাৰী শক্তি সন্মান’ৰে সন্মানিত কৰা হ’ব।

এই উপলক্ষে ‘সুবোধিনী’ নামৰ গ্ৰন্থ এখনো উন্মোচন কৰা হ’ব। লগতে স্থানীয় মহিলা কবিসকলৰ অংশগ্ৰহণেৰে এক বিশেষ কবি সন্মিলন অনুষ্ঠিত কৰা হ’ব। অধিৱেশনৰ দ্বিতীয় দিনাও মহিলা সজাগতা, সশক্তিকৰণ আৰু সামাজিক বিকাশৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ সত্ৰ অনুষ্ঠিত হ’ব।

অধিৱেশনৰ সামৰণি অনুষ্ঠানত অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ এক বিশেষ আভাসো প্ৰদৰ্শিত হ’ব। এই উপলক্ষে অধিৱেশনত অংশগ্ৰহণ কৰা মহিলা প্ৰতিনিধিসকলক পৰম্পৰাগত মেখেলা-চাদৰ পৰিধানত দেখা যাব। সামৰণি অনুষ্ঠানত প্ৰাক্তন সাংসদ কুইন ওজা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে, বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ উপ-সভানেত্ৰী জুৰী শৰ্মা বৰদলৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

প্ৰাদেশিক সাধাৰণ সম্পাদক ৰমেশ চান্দকে কয় যে প্ৰাদেশিক সভাপতি কৈলাশ কাব্ৰাৰ দক্ষ নেতৃত্ব আৰু নিৰ্দেশনাত এই ঐতিহাসিক অধিৱেশনৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে মহিলা শাখাৰ সভানেত্ৰী সন্তোষ শৰ্মা, আদৰণী সমিতিৰ সভানেত্ৰী সৰোজ মিত্তল, আদৰণী সমিতিৰ সম্পাদক সৰলা কাব্ৰা, সম্পাদক মঞ্জু ভানছালী আৰু কোষাধ্যক্ষ শান্তি কুণ্ডলিয়াৰ লগতে সকলো সংযোজক আৰু সদস্যই বিগত কেইবামাহ ধৰি অধিৱেশনখন সফল কৰি তুলিবলৈ নিৰলসভাৱে কাম কৰি আহিছে।

প্ৰাদেশিক উপ-সভাপতি, মুখ্য কাৰ্যালয় বিনোদ কুমাৰ লোহিয়াই কয় যে পূৰ্বোত্তৰ প্ৰদেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই মহিলা অধিৱেশনক লৈ মহিলাসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি হৈছে। অধিৱেশনখন সফল কৰি তুলিবলৈ প্ৰাদেশিক সমিতিৰ ফালৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

মহিলা শাখাৰ সভানেত্ৰী সন্তোষ শৰ্মাই কয় যে ‘তেজস্বিতা’ সফল কৰি তুলিবলৈ গুৱাহাটীত থকা সন্মিলনৰ পাঁচটা শাখাৰ লগতে অন্যান্য শাখাসমূহেও ব্যাপক সহযোগিতা আগবঢ়াইছে। তেওঁ আশা প্ৰকাশ কৰে যে ‘তেজস্বিতা’ মহিলাসকলৰ প্ৰতিভা, শক্তি আৰু আত্মবিশ্বাসক এক নতুন পৰিচয় দিয়াৰ লগতে সমাজত ইতিবাচক পৰিৱৰ্তন অনাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here