শিৱসাগৰত বানপীড়িত ২০০ পৰিয়ালৰ কাষত থিয় দিলে গুৱাহাটী'ৰ ইষ্ট ইণ্ডিয়া চাপ্লাই চেণ্টাৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 4 August 2026

শিৱসাগৰত বানপীড়িত ২০০ পৰিয়ালৰ কাষত থিয় দিলে গুৱাহাটী'ৰ ইষ্ট ইণ্ডিয়া চাপ্লাই চেণ্টাৰে


 

W7s news,,গুৱাহাটী, ৩ আগষ্ট: মানৱীয় দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰি গুৱাহাটীৰ ৫২ বছৰীয়া স্বনামধন্য প্ৰতিষ্ঠান ইষ্ট ইণ্ডিয়া চাপ্লাই চেণ্টাৰে শিৱসাগৰ জিলাৰ বানপীড়িত অঞ্চলসমূহত অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী বিতৰণ কৰি ২০০টা বানাক্ৰান্ত পৰিয়ালৰ কাষত থিয় দিছে।

এই সাহায্য অভিযানৰ অধীনত নাজিৰা-ৰাজাপুল, দোৱাৰাহ গাঁও, হাণ্ডিকে গাঁও, জয়সাগৰ-পানী গাঁও আৰু মগৰাহাট অঞ্চলৰ ২০০টা বানপীড়িত পৰিয়ালক ম'হৰী (মস্কিট' নেট), প্ৰাথমিক চিকিৎসা কিট (ফাৰ্ষ্ট-এইড কিট) আৰু পানীৰ বটল বিতৰণ কৰা হয়, যাতে বানৰ পিছত উদ্ভৱ হোৱা কঠিন পৰিস্থিতিত তেওঁলোকে প্ৰয়োজনীয় সহায় লাভ কৰিব পাৰে।

এই সন্দৰ্ভত ইষ্ট ইণ্ডিয়া চাপ্লাই চেণ্টাৰৰ স্বত্বাধিকাৰী মৃণাল গানেৰীৱালে কয়, "১৯৭৪ চনত প্ৰতিষ্ঠালগ্নৰে পৰা সামাজিক দায়বদ্ধতাই আমাৰ প্ৰতিষ্ঠানৰ মূল আদৰ্শ হিচাপে স্থান লাভ কৰি আহিছে। বিগত ৫২ বছৰে আমি বিভিন্ন সমাজকল্যাণমূলক কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছোঁ। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অসহায় লোকসকলৰ কাষত থিয় দিয়া আৰু সাহায্য আগবঢ়োৱা আমাৰ সেৱাৰ এক অবিচ্ছেদ্য অংগ। আগন্তুক সময়তো সমাজৰ প্ৰয়োজনীয় মুহূৰ্তত আমি সদায় সহায়ৰ হাত আগবঢ়াই যাম।"

১৯৭৪ চনত প্ৰতিষ্ঠিত ইষ্ট ইণ্ডিয়া চাপ্লাই চেণ্টাৰে ব্যৱসায়িক সফলতাৰ সমান্তৰালভাৱে মানৱীয় সেৱা, দুৰ্যোগকালীন সাহায্য আৰু সমাজকল্যাণমূলক কাৰ্যসূচীত পাঁচ দশকৰো অধিক সময় ধৰি উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। শেহতীয়া এই সাহায্য অভিযানেও বানপীড়িত লোকসকলৰ প্ৰতি প্ৰতিষ্ঠানটোৰ আন্তৰিক দায়বদ্ধতা, সহমৰ্মিতা আৰু সমাজৰ প্ৰতি অংগীকাৰক পুনৰবাৰ প্ৰতিফলিত কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here