বানৰ কবলৰ পৰা উদ্ধাৰৰ পাছত জৰুৰী চিকিৎসা সেৱাৰ বাবে বনতাৰাত উপস্থিত 'জয়মতী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 22 August 2026

বানৰ কবলৰ পৰা উদ্ধাৰৰ পাছত জৰুৰী চিকিৎসা সেৱাৰ বাবে বনতাৰাত উপস্থিত 'জয়মতী


 ’


W7s news,,নাগালেণ্ডৰ বিধ্বংসী বানৰ কবলৰ পৰা কথমপি প্ৰাণৰক্ষা পৰাৰ পাছত একাধিক গুৰুতৰ আঘাতেৰে জৰ্জৰিত হৈ জামনগৰৰ বনতাৰা পালেহি ৫৩ বছৰীয়া মাইকী হাতী 'জয়মতী'। ভয়ংকৰ দুৰ্যোগটোৰ ফলত সৃষ্টি হোৱা শাৰীৰিক আঘাত আৰু স্বাস্থ্যজনিত জটিলতাৰ বাবে হাতীজনীক এতিয়া তাত বিশেষ পশু চিকিৎসাৰ জৰিয়তে নিবিড়ভাৱে শুশ্ৰূষা কৰা হৈছে। উল্লেখ্য যে, জুলাই মাহৰ দ্বিতীয় সপ্তাহত নাগালেণ্ডৰ প্ৰবল বানৰ কোবাল সোঁতত উটি গৈছিল জয়মতী। পৰৱৰ্তী সময়ত বিভিন্ন চৰকাৰী সংস্থাৰ সহযোগত স্থানীয় ৰাইজে প্ৰচেষ্টা চলাই হাতীজনীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। কিন্তু বানৰ সেই ভয়াৱহ অভিঘাতে হাতীজনীৰ শৰীৰত এৰি যায় বহু গভীৰ দাগ। তাইৰ কপাল, সোঁকাণ, নেজৰ ওপৰৰ অংশ, বাওঁ উৰুৰ ভিতৰফাল আৰু পেটত কেইবাটাও গুৰুতৰ ঘাঁৰ সৃষ্টি হয়। ইয়াৰোপৰিও, বহিঃযৌনাংগৰ ওচৰত হোৱা এটা দ ঘাঁত পোক লাগি যন্ত্ৰণা অধিক অসহনীয় কৰি তোলে। ইফালে সোঁ চকুটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ ফলত হাতীজনীয়ে সেই চকুটোৰ দৃষ্টিশক্তি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হোৱাৰ লগতে বৰ্তমান সেই চকুটোৰে অহৰহ চকুপানী বৈ আছে।


এই শাৰীৰিক যন্ত্ৰণাক অধিক অসহনীয় কৰি তুলিছে জয়মতীৰ এটা পুৰণি আঘাতে। অতীতত কাঠ কঢ়িওৱা কামত ব্যৱহাৰ কৰাৰ সময়ত বাওঁফালৰ পিছৰ ভৰিখন ভাঙি যোৱাৰ বাবে হাতীজনী দীৰ্ঘদিন ধৰি খোৰাই খোজ কাঢ়িবলগীয়া হৈছে। এই পুৰণি বিকাৰৰ বাবে তাইৰ চলা-ফুৰা কৰাত ভীষণ অসুবিধা হয় আৰু নিতৌ খোৱা-বোৱাৰ সন্ধান কৰাটোও অত্যন্ত কষ্টকৰ হৈ পৰে।


লক্ষ্যণীয় যে, বানৰ কবলৰ পৰা উদ্ধাৰৰ পিছতেই হাতীজনীক প্ৰাথমিক পশু চিকিৎসা আৰু প্ৰাথমিক শুশ্ৰূষা প্ৰদান কৰা হয়। ঘাঁসমূহ ড্ৰেছিং কৰা, বিষ নিৰাময়ৰ ব্যৱস্থা, মাল্টিভিটামিন আৰু খনিজ পৰিপূৰক যোগান ধৰাকে ধৰি বিভিন্ন সহায়ক চিকিৎসাৰে তাইৰ যত্ন লোৱা হয়। কিন্তু আঘাতৰ ভয়াৱহতা আৰু পৰিমাণ, বয়সৰ ভাৰ তথা পুৰণি শাৰীৰিক প্ৰতিবন্ধকতাৰ প্ৰতি লক্ষ্য ৰাখি জয়মতীক উন্নত আৰু উচ্চ পৰ্যায়ৰ বিশেষ পশু চিকিৎসাৰ জৰুৰী প্ৰয়োজন হৈ পৰে।


এই বিশেষ চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈকে জয়মতীক জামনগৰৰ বনতাৰালৈ লৈ যোৱাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। দীঘলীয়া যাত্ৰাপথৰ শাৰীৰিক কষ্ট আৰু সময়ৰ নাটনিৰ পৰা সকাহ দিবলৈ পথ পৰিবহণৰ সলনি বিমান যোগে তাইক কঢ়িওৱাৰ ব্যৱস্থা কৰা হয়, যাতে হাতীজনীয়ে অতি কম সময়ত আৰু সুৰক্ষিতভাৱে বিশেষ হস্তী চিকিৎসালয়খনত উপস্থিত হ'ব পাৰে। বনতাৰাত অভিজ্ঞ পশু চিকিৎসকে জয়মতীৰ সামগ্ৰিক স্বাস্থ্য পৰীক্ষা কৰি পৰৱৰ্তী চিকিৎসাৰ দিশ নিৰ্ণয় কৰিব। তাতেই হাতীজনীৰ আঘাতপ্ৰাপ্ত চকু আৰু শৰীৰৰ জটিল ক্ষতসমূহৰ বিশেষ চিকিৎসাৰ লগতে স্বাস্থ্য পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ খাদ্য, ঔষধ আৰু সকলো ধৰণৰ শুশ্ৰূষা প্ৰদান কৰা হ'ব।


এক সুপৰিকল্পিত চিকিৎসা এয়াৰলিফ্ট


মন কৰিবলগীয়া যে, জৰুৰী চিকিৎসাৰ বাবে এটা হাতীক বিমানেৰে কঢ়িয়াই নিয়াৰ পদক্ষেপ ভাৰতত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা হৈছে। এই জটিল প্ৰক্ৰিয়াত পশু চিকিৎসক, বন্যপ্ৰাণী পৰিচৰ্যা দল আৰু লজিষ্টিক দলসমূহৰ মাজত গঢ়ি উঠে এক নিখুঁত সমন্বয়।এই সমগ্ৰ স্থানান্তৰ প্ৰক্ৰিয়াত  চিকিৎসকে জয়মতীৰ স্বাস্থ্য আৰু সুৰক্ষাক সৰ্বোচ্চ প্ৰাধান্য প্ৰদান কৰে। যাত্ৰাৰ পূৰ্বে হাতীজনীৰ শাৰীৰিক অৱস্থা পৰীক্ষা কৰাৰ লগতে বিমানত উঠোৱা, আকাশমাৰ্গত নিৰীক্ষণ কৰা আৰু চিকিৎসালয় পোৱাৰ প্ৰতিটো স্তৰতে বিশেষ কাৰিকৰী নিয়ম মানি চলা হয়। যাত্ৰাকালত যাতে জয়মতীয়ে কোনো ধৰণৰ মানসিক চাপ, অস্বস্তি বা শাৰীৰিক ভাগৰ অনুভৱ নকৰে, তাৰ বাবে চিকিৎসাদলে সকলো প্ৰয়োজনীয় নিয়ম মানি চলে। লক্ষ্যণীয়ভাৱে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰু ভৰিৰ সমস্যাত ভোগা হাতীজনীৰ বাবে পথৰ দীঘলীয়া ক্লান্তি এৰাই ক্ষিপ্ৰতাৰে চিকিৎসালয় পোৱাটো আছিল অত্যন্ত প্ৰয়োজনীয়। এই বিমান যাত্ৰাৰ ফলত হাতীজনীয়ে কম সময়ৰ ভিতৰতে সুৰক্ষিতভাৱে বিশেষ হস্তী চিকিৎসালয়খনত উপস্থিত হোৱাৰ সুযোগ লাভ কৰে।


বন্যপ্ৰাণীৰ বাসস্থানৰ সমীপত চিকিৎসা আন্তঃগাঁথনি নিৰ্মাণ


উল্লেখ্য যে, বানপানী আৰু মানুহ-বন্যপ্ৰাণীৰ সংঘাতৰ দৰে জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হোৱা অঞ্চলসমূহত উন্নত বন্যপ্ৰাণী চিকিৎসা কেন্দ্ৰ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাক জয়মতীৰ ঘটনাই পুনৰ স্পষ্ট কৰি তুলিছে।


স্থানীয় চিকিৎসা ব্যৱস্থাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে অসমত তিনিটা বিশেষ বন্যপ্ৰাণী চিকিৎসা কেন্দ্ৰ গঢ়ি তোলাৰ প্ৰস্তাৱ আগবঢ়াইছে বনতাৰাই। এই প্ৰকল্পত হাতীৰ বাবে এটা সুকীয়া বিশেষ কেন্দ্ৰও অন্তৰ্ভুক্ত কৰা হৈছে। জীৱ-জন্তুৰ প্ৰজাতিভিত্তিক প্ৰয়োজনীয়তা অনুসৰি নিৰ্মাণ কৰিবলগীয়া এই কেন্দ্ৰসমূহে জৰুৰীকালীন অৱস্থাত বন্যপ্ৰাণীক দুৰ্যোগস্থলীৰ নিচেই কাষতে তাৎক্ষণিক চিকিৎসা প্ৰদান কৰাত সহায় কৰিব।


প্ৰস্তাৱিত এই কেন্দ্ৰসমূহে অসম বন বিভাগৰ অধীনত সম্পূৰ্ণ স্বতন্ত্ৰভাৱে কাম কৰিব। স্থানীয় পশু চিকিৎসা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লগতে নিজৰ প্ৰাকৃতিক বাসস্থানৰ নিচেই কাষতে যাতে উন্নত চিকিৎসা নিশ্চিত হয় আৰু জীৱ-জন্তুৱে দীঘলীয়া পথ যাত্ৰা কৰিবলগীয়া নহয়, সেই লক্ষ্যৰেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।


গুৰুত্বপূৰ্ণ যে, জয়মতীক বনতাৰালৈ নিয়াৰ এই পদক্ষেপ কেৱল উন্নত চিকিৎসা প্ৰদানৰ উদ্দেশ্যেহে লোৱা হৈছে, এয়া কোনো স্থায়ী স্থানান্তৰ নহয়। চিকিৎসাৰ অন্তত হাতীজনী সম্পূৰ্ণ সুস্থ আৰু শাৰীৰিকভাৱে সক্ষম হৈ উঠাৰ পাছতেই পুনৰ নিজৰ প্ৰাকৃতিক বাসস্থানলৈ ওভতাই পঠিওৱা হ'ব।


এই মুহূৰ্তত বনতাৰাৰ বিশেষজ্ঞ চিকিৎসা দলৰ প্ৰধান লক্ষ্য হৈছে হাতীজনীক উচিত চিকিৎসা, সঠিক পুষ্টি আৰু প্ৰয়োজনীয় শুশ্ৰূষা প্ৰদান কৰি পূৰ্বৰ স্বাভাৱিক জীৱনলৈ ওভতাই অনা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here