W7s news গুৱাহাটী:: ৰাজ্যত আবকাৰী বিভাগৰ বৈধ পঞ্জীয়ন পত্ৰ নোহোৱাকৈ সহস্ৰাধিক অবৈধ সুৰাৰ দোকান চলি থকা বুলি অভিযোগ উঠাৰ সময়তে ধুবুৰী জিলাৰ এখন চৰকাৰী অনুমোদন লাভ কৰা সুৰাৰ দোকানক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক ৷ জিলাখনৰ বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাপৰ অঞ্চলৰ হৃষিকেষ নাগ নামৰ ব্যক্তিগৰাকীৰ দ্বাৰা পৰিচালিত হৃষি ৰেষ্টুৰেণ্ট নামৰ সুৰা বিপনিখনে ৰাজ্য চৰকাৰৰ বৈধ নথি লাভ কৰিছে যদিও বৈধ সুৰাৰ দোকানসমূহ স্থায়ীভাৱে বন্ধ কৰাৰ দাবীত সৰব হৈ পৰা চাপৰ নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি মহম্মদ শেখ হেদায়েতুল্লাই চৰকাৰৰ নিৰ্ভৰযোগ্য উৎস বন্ধ কৰাৰ পক্ষত থাকি হৃষিকেষ নাগ আৰু তেওঁৰ পিতৃ অৰুণ কুমাৰ নাগৰ বিৰোদ্ধে অবৈধ সুৰাৰ ব্যৱসায় কৰাৰ অভিযোগ একে আষাৰে নসাৎ কৰিছে অৰুণ কুমাৰ নাগে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতো সুৰাৰ বিপনীখন খুলিবলৈ অসমৰ্থ হোৱা স্বত্বাধিকাৰী হৃষিকেষ নাগৰ হৈ তেওঁৰ পিতৃ তথা চাপৰ পৌৰসভাৰ উপাধক্ষ্য অৰুণ কুমাৰ নাগে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত ক সংবাদমেল যোগে কয়ঃ চাপৰ নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি মহম্মদ শেখ হেদায়েতুল্লাই অভিযোগ কৰিছে যে মই আৰু মোৰ পুত্ৰৰ নিয়ন্ত্ৰণত অবৈধ সুৰাৰ ব্যৱসায় চলি আছে। মই তেওঁক স্পষ্টভাৱে কওঁ যে তেওঁৰ হাতত যদি কোনো বিশ্বাসযোগ্য প্রমাণ আছে, তেনেহ'লে ৰাজহুৱা কৰক। তেওঁ আৰু কয়ঃ সুৰাৰ দোকানৰ চৰকাৰী অনুমোদন যোৱা নিৰ্বাচনৰ পূৰ্বেই পাইছিলোঁ। নিৰ্বাচনৰ পূৰ্বেই দোকানখন খুলিব পৰা গ'লহেঁতেন। নিৰ্বাচনত আমাৰ দলীয় প্ৰাৰ্থীৰ ওপৰত যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে, সেইবাবে মই মোৰ ল'ৰাক নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতেই দোকানখন খুলিবলৈ কৈছিলোঁ।
কিছুমান ব্যক্তিয়ে সন্মানীয় প্রাক্তন মুখ্যমন্ত্রী তথা জননেতা শৰৎ চন্দ্ৰ সিংহৰ নাম ব্যৱহাৰ কৰি মোৰ পৰিয়ালৰ ওপৰত চাপ সৃষ্টি কৰিছে। মোৰ তেখেতৰ প্ৰতি গভীৰ সন্মান আছে। কিন্তু যদি তেখেতে সুৰাৰ দোকানৰ বিৰোধ কৰিছিল, তেন্তে উপযুক্ত বিশ্বাসযোগ্য প্রমাণ দাঙি ধৰক।তেওঁ সংবাদমেলত উল্লেখ কৰে যে যোৱা ইংৰাজী ১৮ আগষ্ট তাৰিখে পুনৰায় দোকানখন খোলা হৈছিল। কিন্তু প্রতিবাদকাৰীৰ সংখ্যা প্রায় ২০-৩০ জন আছিল। কিন্তু চৰকাৰী প্ৰতিবেদনত ভুল তথ্য দাঙি ধৰি প্ৰতিবাদকাৰীৰ সংখ্যা ১০০-১৫০ জন দেখুওৱা হৈছিল। ইয়াৰ ভিডিঅ’ ফুটেজ, অচি আৰু কাৰ্যবাহী দণ্ডাধীশৰ বাৰ্তালাপ আমাৰ হাতত আছে। প্রয়োজন হ'লে মই সম্পূর্ণ ভিডিঅ’ প্রমাণ মহামান্য আদালত আৰু সংশ্লিষ্ট প্রতিপক্ষৰ সন্মুখত দাখিল কৰিম। উল্লেখ থাকে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে সুৰাৰ বিপনীখন খুলিবৰ বাবে এক অন্তৱৰ্তীকালীন নিৰ্দশনা দিছিল৷ এই লৈ অৰুণ কুমাৰ নাগে কয়ঃ
ন্যায়ালয়ৰ আদেশক সন্মান কৰাটো সকলোৰে দায়িত্ব। কিন্তু প্ৰতিবাদকাৰীয়ে দোকানৰ কৰ্মচাৰী, ড্ৰাইভাৰক মাৰপিট কৰাৰ ফলত ৭/৮ খন এজাহাৰ চাপৰ থানাত দাখিল কৰিছিলোঁ৷ কিন্তু জানিব পৰা মতে এখন এজাহাৰহে পঞ্জীয়ন কৰা হৈছে। ফলত আমি উপযুক্ত ন্যায় পোৱাৰ বাবে আদালতৰ কাষ চাপিবলৈ বাধ্য হৈছোঁ।
শেখ হেদায়েতুল্লালৈ আইনী জাননী প্ৰেৰণৰ কথা উল্লেখ কৰি অৰুণ কুমাৰ নাগে কয়ঃ
চাপৰ নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি মহম্মদ শেখ হেদায়েতুল্লাই মোৰ পৰিয়ালৰ ওপৰত যি অভিযোগ আনিছে, সেই অভিযোগসমূহৰ ব্যাখ্যা দিবৰ বাবে আইনী জাননী প্ৰেৰণ কৰা হৈছে। যথাযথভারে প্রমাণ দিব নোৱাৰিলে মানহানি গোচৰ তৰাৰ বাবে ব্যৱস্থা হাতত ৰাখিছোঁ।
অঞ্চলটোৰ বহুতো প্ৰভাৱশালী ব্যক্তিৰ সুৰাৰ ব্যৱসায়ৰ লগত প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্ক আছে বুলি মন্তব্য কৰি নাগে কেৱলমাত্ৰ তেওঁৰ ল'ৰাৰ দোকানলৈ আপত্তি কিয় বুলিও প্ৰশ্ন। উত্থাপন কৰে৷
তেওঁ। কয় যে —ন্যায়পালিকা আৰু আইনৰ শাসনৰ ওপৰত আমাৰ সম্পূর্ণ আস্থা আছে। সকলো বিষয় আমি আইনগতভারে আৰু উপযুক্ত মঞ্চত আগবঢ়াই লৈ যাম। স্মন্তব্য যে চাপৰৰ এই সুৰাৰ বিপনীখনক লৈ
স্থানীয় বিধায়ক জিবেশ ৰায়ে বিধান সভাত বক্তব্য ৰাখিছিল৷ বিষয়টোৰ উত্তৰত আবকাৰী মন্ত্ৰী অতুল বৰাই বিধানসভাক অৱগত কৰে যে বিষয়টো বৰ্তমান উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰ ৰাইজৰ পক্ষত আছে আৰু থাকিব। সুৰাৰ দোকানখনক আইনী অনুজ্ঞাপত্ৰ দিয়াৰ পূৰ্বে কিছু নিয়ম অনুসৰি স্থানীয় ৰাইজৰ সুৰক্ষাৰ বাবে এখন জাননী ফলক লগোৱা হৈছিল, আৰু কিবা আপত্তি বা অভিযোগ থাকিলে এই বিশেষ স্থানত সুৰাৰ দোকানখন স্থাপন কৰিবলৈ চৰকাৰে অনুমতি নিদিয়ে৷ ইয়াৰ বিপৰীতে আইনী অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ পিছতো বিভাগটোৱে কোনো অভিযোগ পোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতত ‘হৃষী ৰেষ্টুৰেণ্ট’ক আবকাৰী বিভাগে আইনী অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। আৰু আদালতৰ নিৰ্দেশত স্পষ্টকৈ উল্লেখ আছে যে তেওঁলোকে চৰকাৰৰ সকলো নিয়ম অনুসৰি অনুজ্ঞাপত্ৰ লাভ কৰিছে আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা ৰাখি চৰকাৰী ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত চৰকাৰ তথা ‘হৃষি ৰেষ্টুৰেণ্ট’ কৰ্তৃপক্ষক সহযোগিতা কৰিবলৈ নিৰ্দেশ দিছে। অৱশ্যে স্থানীয় বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে আবকাৰী আইনৰ নিয়ম অনুসৰি আদালতত শপতনামা দাখিল কৰা হ’ব যদিও চূড়ান্ত সমাধান হ’ব উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত।
No comments:
Post a Comment