.
.
W7s news,,গুৱাহাটী, 21 আগষ্ট, 2026: ইণ্ডাছ টাৱাৰ্ছ লিমিটেডে ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ সহযোগত অসমৰ গুৱাহাটীৰ ৯ মাইলস্থিত চিআৰপিএফ কেম্পাছৰ ভিতৰত থকা জিচি চিআৰপিএফ গুৱাহাটী মণ্টেছৰী স্কুলত দুটা কে-ৱাইএএন (K-YAN) ডিজিটেল শিক্ষণ ডিভাইচ স্থাপনৰ ব্যৱস্থা কৰিছে। উদ্বোধনী অনুষ্ঠানত আঞ্চলিক চিআৰপিএফ পৰিয়াল কল্যাণ সংস্থা (Family Welfare Association)-ৰ মুৰব্বী শ্ৰীমতী নীলম ধ্যানী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ইণ্ডাছ টাৱাৰ্ছ লিমিটেডৰ চাৰ্কলৰ মুখ্য কাৰ্যবাহী বিষয়া (NESA)
ৰাজেন্দৰ গুৰুঙৰ লগতে ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ প্ৰতিনিধি দিব্যেন্দু দেৱ ৰয় আৰু
সিমৰনদীপ সিং, চিআৰপিএফৰ বিষয়ববীয়া, বিদ্যালয়ৰ প্ৰতিনিধি, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
এই পদক্ষেপৰ লক্ষ্য হৈছে আধুনিক ডিজিটেল শিক্ষণ সঁজুলিৰে শ্ৰেণীকোঠাসমূহ সজ্জিত কৰি অধিক আকৰ্ষণীয়, আন্তঃক্ৰিয়াশীল আৰু ভৱিষ্যৎ-উপযোগী শিক্ষণ পৰিৱেশ সৃষ্টি কৰা। এই উদ্যোগৰ জৰিয়তে 114 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উপকৃত হোৱাৰ আশা কৰা হৈছে। তেওঁলোকে প্ৰযুক্তিনিৰ্ভৰ আৰু অভিজ্ঞতাভিত্তিক শিক্ষণৰ অধিক সুবিধা লাভ কৰিব, যিয়ে শিক্ষাৰ ফলাফল উন্নত কৰাৰ লগতে ডিজিটেল প্ৰস্তুতি বৃদ্ধি কৰাত সহায় কৰিব।
এই উপলক্ষে আঞ্চলিক চিআৰপিএফ পৰিয়াল কল্যাণ সংস্থাৰ (Family Welfare Association)-মুৰব্বী নীলম ধ্যানীয়ে কয়, “প্ৰতিগৰাকী শিশুৱেই মানসম্পন্ন শিক্ষা আৰু নিজৰ সম্পূৰ্ণ সম্ভাৱনা উপলব্ধি কৰাত সহায় কৰা সুযোগ লাভ কৰাৰ অধিকাৰী। এই ডিজিটেল শিক্ষণ ডিভাইচসমূহৰ প্ৰৱৰ্তনে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধিক গতিশীল আৰু সমৃদ্ধিশালী শিক্ষণ পৰিৱেশ সৃষ্টি কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। প্ৰযুক্তিৰ জৰিয়তে কৌতূহল জগাই তোলা, বুজাবুজি উন্নত কৰা আৰু শিক্ষণ প্ৰক্ৰিয়াক অধিক আকৰ্ষণীয় কৰি তোলা সম্ভৱ। এই উদ্যোগত সহযোগিতা আগবঢ়োৱাৰ লগতে চিআৰপিএফ সম্প্ৰদায়ৰ শিশুসকলৰ শৈক্ষিক বিকাশত অৰিহণা যোগোৱাৰ বাবে আমি ইণ্ডাছ টাৱাৰ্ছ আৰু ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ প্ৰতি কৃতজ্ঞ।”
শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি ইণ্ডাছ টাৱাৰ্ছ লিমিটেডৰ চাৰ্কলৰ মুখ্য কাৰ্যবাহী বিষয়া (NESA) ৰাজেন্দৰ গুৰুঙে কয়, “শিক্ষা সামাজিক পৰিৱৰ্তনৰ অন্যতম শক্তিশালী মাধ্যম হিচাপে অব্যাহত আছে আৰু মানসম্পন্ন শিক্ষাক সহজলভ্য, আকৰ্ষণীয় আৰু সৰ্বাংগীন কৰি তোলাত প্ৰযুক্তিৰ ভূমিকা ক্ৰমাৎ গুৰুত্বপূৰ্ণ হৈ পৰিছে। কে-ৱাইএএন (K-YAN) ডিজিটেল শিক্ষণ ডিভাইচৰ জৰিয়তে আমি সমৃদ্ধিশালী শ্ৰেণীকোঠাৰ অভিজ্ঞতা সৃষ্টি কৰাৰ আশা কৰিছোঁ, যিয়ে শিক্ষকসকলক উদ্ভাৱনীমূলক সঁজুলিৰে শক্তিশালী কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় ডিজিটেল দক্ষতা আৰু আত্মবিশ্বাস অৰ্জন কৰাত সহায় কৰিব। ইণ্ডাছ টাৱাৰ্ছত আমি বিশ্বাস কৰোঁ যে প্ৰতিটো শিশুৱেই প্ৰযুক্তিনিৰ্ভৰ পৰিৱেশত শিকিবলৈ, অন্বেষণ কৰিবলৈ আৰু বিকশিত হ’বলৈ সুযোগ লাভ কৰা উচিত। এই পদক্ষেপত সহযোগিতা আগবঢ়াবলৈ পাই আমি আনন্দিত।”
এই উদ্যোগে শিক্ষাবিদসকলক পাঠ্যক্ৰমৰ বিষয়বস্তু অধিক ফলপ্ৰসূভাৱে উপস্থাপন কৰাত সহায় কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ডিজিটেল সাক্ষৰতা, অভিজ্ঞতাভিত্তিক শিক্ষণ আৰু শ্ৰেণীকোঠাত অধিক সক্ৰিয় অংশগ্ৰহণ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই পদক্ষেপে শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু যুৱ মনসমূহে বিকশিত হ’ব পৰা ভৱিষ্যৎ-উপযোগী শিক্ষণ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত ইণ্ডাছ টাৱাৰ্ছ, ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যন আৰু চিআৰপিএফ সম্প্ৰদায়ৰ যৌথ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।
অনুষ্ঠান উপলক্ষে প্ৰেৰণ কৰা এক বাৰ্তাত ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ উচ্চ শিক্ষা আৰু কৌশলগত সম্পৰ্ক বিভাগৰ মুৰব্বী শ্ৰী সমীৰ শ্বাহে কয়, “ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনত আমি উদ্ভাৱনীমূলক আৰু বিস্তাৰযোগ্য সমাধানৰ জৰিয়তে মানসম্পন্ন শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰযুক্তিৰ জৰিয়তে শিক্ষণ অধিক আকৰ্ষণীয়, সৰ্বাংগীন আৰু ফলপ্ৰসূ কৰি তোলাৰ লগতে শিশুসকলক ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত কৰা সম্ভৱ। কে-ৱাইএএন (K-YAN) ৰ দৰে পদক্ষেপৰ জৰিয়তে আমি শ্ৰেণীকোঠাৰ অভিজ্ঞতা সমৃদ্ধ কৰা, শিক্ষকসকলক সহায় কৰা আৰু শিক্ষাৰ ফলাফল উন্নত কৰাৰ লক্ষ্য ৰাখিছোঁ। জিচি চিআৰপিএফ গুৱাহাটী মণ্টেছৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰলৈ এই পৰিৱৰ্তনশীল সমাধান লৈ যোৱাৰ ক্ষেত্ৰত ইণ্ডাছ টাৱাৰ্ছৰ সৈতে সহযোগিতা কৰিবলৈ পাই আমি আনন্দিত আৰু তেওঁলোকৰ শৈক্ষিক যাত্ৰাত সহায় কৰিব পাৰি গৌৰৱান্বিত।”
কে-ৱাইএএন (K-YAN) প্লেটফৰ্ম হৈছে এক সংহত ডিজিটেল শ্ৰেণীকোঠা সমাধান, য’ত কম্পিউটাৰ, প্ৰজেক্টৰ, অডিঅ’ ছিষ্টেম আৰু আন্তঃক্ৰিয়াশীল শিক্ষণৰ সুবিধাসমূহ এটা বহনযোগ্য ইউনিটত একত্ৰিত কৰা হৈছে। মাল্টিমিডিয়াভিত্তিক শিক্ষাদান আৰু শিক্ষণৰ সুবিধা প্ৰদান কৰি এই সমাধানে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী উভয়ৰে বাবে শ্ৰেণীকোঠাৰ পাঠদান অধিক জীৱন্ত, আকৰ্ষণীয় আৰু ফলপ্ৰসূ কৰি তোলাত সহায় কৰে।
অনুষ্ঠানত কে-ৱাইএএন (K-YAN) ডিভাইচসমূহ আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়। ইয়াৰ লগতে বিশিষ্ট অতিথিসকলৰ ভাষণ আৰু শিক্ষাদানৰ কাৰ্যকাৰিতা তথা শিক্ষাৰ ফলাফল উন্নত কৰাত প্ৰযুক্তিৰ পৰিৱৰ্তনশীল ভূমিকা সম্পৰ্কে আলোচনা অনুষ্ঠিত হয়।
ইণ্ডাছ টাৱাৰ্ছ লিমিটেডৰ বিষয়ে
ইণ্ডাছ টাৱাৰ্ছ লিমিটেড হৈছে ভাৰতৰ পৰোক্ষ টেলিকম আন্তঃগাঁথনিৰ আগশাৰীৰ সেৱাপ্ৰদানকাৰী আৰু বিভিন্ন মোবাইল অপাৰেটৰৰ বাবে টেলিকম টাৱাৰবোৰ আৰু যোগাযোগ ব্যৱস্থাবোৰৰ মালিকীস্বত্ব থকাৰ লগতে সেইবোৰ পৰিচালনা কৰে। কোম্পানীটোৰ 267,611 তকৈও অধিক টেলিকম টাৱাৰৰ পৰ্টফলিঅ’ই ইয়াক দেশৰ অন্যতম বৃহৎ টাৱাৰ আন্তঃগাঁথনি প্ৰদানকাৰী হিচাপে গঢ়ি তুলিছে আৰু 22 টা টেলিকম চাৰ্কোলৰ সকলোতে ইয়াৰ উপস্থিতি কোম্পানীটোৱে সাব্যস্ত কৰিছে। ইণ্ডাছ টাৱাৰ্ছে ভাৰতৰ সকলো ৱায়াৰলেছ টেলিসংযোগ সেৱা প্ৰদানকাৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰে। এই কোম্পানীটো হৈছে ইয়াৰ কাম-কাজসমূহৰ বাবে সেউজ শক্তি পদক্ষেপসমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰত উদ্যোগটোৰ অগ্ৰণী স্বৰূপ। বিশদ বিৱৰণৰ বাবে পৰিদৰ্শন কৰক www.industowers.com.
ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ বিষয়ে
ভাৰতী এণ্টাৰপ্ৰাইজেছৰ দাতব্য শাখা ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনে বৃহৎ পৰিসৰত ভাৰতৰ শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বিগত ২৫ বছৰতকৈও অধিক সময় ধৰি ফাউণ্ডেশ্যনে উচ্চমানৰ গ্ৰাম্য বিদ্যালয়, চৰকাৰী বিদ্যালয়সমূহৰ ব্যৱস্থাগত শক্তিশালীকৰণ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষক উন্নয়ন আন্তঃগাঁথনি আৰু আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানত সম্পূৰ্ণ বিত্তীয় সহায়ত শিক্ষাৰ সুযোগ—এই সকলোবোৰ সামৰি এক সংহত আৰ্হি গঢ়ি তুলিছে।প্ৰতিষ্ঠাৰ পৰা এতিয়ালৈকে ফাউণ্ডেশ্যনে 78 লাখতকৈও অধিক লোকক, ইয়াৰ ভিতৰত 43 লাখ ছাত্ৰ-ছাত্ৰীক, উপকৃত কৰিছে। এই তথ্যই মানৱ সম্পদৰ বিকাশৰ জৰিয়তে দেশ গঢ়াৰ ক্ষেত্ৰত ভাৰতীৰ দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।
অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি https://bhartiairtelfoundation.org/ ভ্ৰমণ কৰক।

No comments:
Post a Comment