চলিত বিত্তীয় বৰ্ষৰ আৰম্ভণিতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত খোজ থোৱা ৱাটাৰপ্ৰুফিং ছল্যুচন আৰু কনষ্ট্ৰাকচন কেমিকেল ব্ৰেণ্ডটোৱে এনডিআৰএফ, এছডিআৰএফ আৰু স্থানীয় প্ৰশাসনৰ সহযোগত আগবঢ়াইছে এই বান সাহায্য অভিযান
W7s news শিৱসাগৰ : শ্যাম ষ্টীল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অন্তৰ্গত ব্ৰেণ্ড ষ্টাৰ্ডফ্লেক্স ৱাটাৰপ্ৰুফিং ছল্যুচন-এ উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২,০০০ বানপীড়িত পৰিয়ালক সাহায্য প্ৰদানৰ বাবে এক বিশেষ অভিযান হাতত লৈছে।
কোম্পানীটোৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) পুঁজিৰ অধীনত এনডিআৰএফ, এছডিআৰএফ আৰু জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ নিৰ্দেশনাত ৰূপায়ণ কৰা হৈছে।
১৯ আগষ্টত গুৱাহাটীত বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে ষ্টাৰ্ডফ্লেক্সৰ এই সাহায্য কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে। বৰ্তমান শিৱসাগৰ জিলাৰ নিমাইজান গাঁৱত এই সাহায্য অভিযান চলাই থকা হৈছে আৰু ক্ষেত্ৰভিত্তিক পৰিস্থিতি তথা প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি প্ৰভাৱিত পৰিয়ালসমূহক সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে।
ব্যৱসায়ৰ ঊৰ্ধ্বলৈ গৈ অসমবাসীৰ কাষত
শ্যাম ষ্টীল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অন্যতম ব্ৰেণ্ড ষ্টাৰ্ডফ্লেক্সে চলিত বিত্তীয় বৰ্ষৰ আৰম্ভণিতে বিবিধ উন্নত মানদণ্ডৰ ৱাটাৰপ্ৰুফ সামগ্ৰীসহিতে অসম আৰু উত্তৰ-পূবৰ বজাৰত প্ৰৱেশ কৰিছিল। অঞ্চলটোত নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সমান্তৰালকৈ ব্ৰেণ্ডটোৱে অসমৰ সৈতে থকা সম্পৰ্কক কেৱল ব্যৱসায়তে সীমাবদ্ধ নাৰাখি ইয়াক অধিক সুদৃঢ় কৰিব বিচাৰে। ৰাজ্যখনৰ জনসাধাৰণৰ সৈতে এক অৰ্থপূৰ্ণ আৰু দীৰ্ঘম্যাদী সম্পৰ্ক গঢ়ি তোলাৰ বাবে প্ৰতিষ্ঠানটো প্ৰতিশ্ৰুতিবদ্ধ।
এই বান সাহায্য অভিযান হৈছে সেই প্ৰতিশ্ৰুতিৰে বাস্তৱ প্ৰতিফলন, য’ত ষ্টাৰ্ডফ্লেক্সে সাহায্য কাৰ্যত নিয়োজিত চৰকাৰী বিভাগ আৰু সংস্থাসমূহৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিছে।
শ্যাম ষ্টীল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ সঞ্চালক গোৱিন্দ বেৰিৱালে এই বিষয়ে কয় যে: “যেতিয়া সমাজ এখন এনে বৃহৎ সংকটৰ সন্মুখীন হয়, তেতিয়া একোটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ দায়িত্ব কেৱল ব্যৱসায়িক পৰিসীমাতে আৱদ্ধ নাথাকে। বিপদৰ সময়ত মানুহৰ কাষত থিয় দিয়াটো সকলোৰে কৰ্তব্য। ষ্টাৰ্ডফ্লেক্সে অসমত এক গুৰুত্বপূৰ্ণ যাত্ৰা আৰম্ভ কৰিছে আৰু আমি বিশ্বাস কৰোঁ যে ৰাজ্যখনৰ সৈতে সম্পৰ্ক গঢ়াৰ অৰ্থ হৈছে কঠিন সময়ত ৰাইজৰ কাষত থিয় দিয়া। এই পদক্ষেপৰ জৰিয়তে আমি চলি থকা সাহায্য অভিযানত অৰিহণা যোগাব বিচাৰিছোঁ আৰু প্ৰকৃত প্ৰয়োজনীয় পৰিয়ালসমূহৰ ওচৰলৈ সহায় আগবঢ়াব বিচাৰিছোঁ।”
শ্যাম ষ্টীল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ আন এগৰাকী সঞ্চালক গৌৰৱ বেৰিৱালে এই বিষয়ে কয় যে:“অসমৰ সৈতে ষ্টাৰ্ডফ্লেক্সৰ সম্পৰ্ক এক দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে গঢ়ি তোলা হৈছে। আমি বিচাৰোঁ আমাৰ এই সম্পৰ্ক ব্যৱসায়ৰ ঊৰ্ধ্বলৈ যাওক। কঠিন সময়ত কাষত থকাটোৱেই এই সম্পৰ্কৰ মূল ভেটি। বানে বহু পৰিয়াল আৰু অঞ্চলক ক্ষতিগ্ৰস্ত কৰিছে আৰু আমি আমাৰ ফালৰ পৰা সাধ্যানুসৰি সহায়ৰ হাত আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ এই প্ৰচেষ্টাই প্ৰভাৱিত পৰিয়ালসমূহক কিছু পৰিমাণে হ’লেও সকাহ দিব।”
২,০০০ পৰিয়াললৈ সাহায্য
এই সাহায্য আঁচনিৰ অধীনত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ২,০০০ বানপীড়িত পৰিয়ালক সামগ্ৰী যোগান ধৰা হ’ব।
ষ্টাৰ্ডফ্লেক্সৰ কৰ্মীসকলে স্থানীয় প্ৰশাসন, এনডিআৰএফ আৰু এছডিআৰএফৰ সহযোগত এই বিতৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব।
চৰকাৰে চলাই থকা উদ্ধাৰ আৰু সাহায্য কাৰ্যসূচীক অধিক গতিশীল কৰাৰ লক্ষ্যৰেই এই প্ৰচেষ্টা হাতত লোৱা হৈছে।
দুৰ্যোগৰ মোকাবিলা কৰাটো সকলোৰে যৌথ দায়িত্ব বুলি ষ্টাৰ্ডফ্লেক্সে বিশ্বাস কৰে আৰু এই ইতিবাচক পদক্ষেপে অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো বানপীড়িতৰ সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
No comments:
Post a Comment