আহিবলগীয়া অসমীয়া ছবি ‘তীব্ৰ’ৰ উপাৰ্জনৰ পৰা বান সাহায্য পুঁজিলৈ ন্যূনতম ২১ লাখ টকা অথবা মুঠ মুনাফাৰ ২০ শতাংশ প্ৰদানৰ ঘোষণা ড্ৰীম হাউচ প্ৰডাকচন (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 4 August 2026

আহিবলগীয়া অসমীয়া ছবি ‘তীব্ৰ’ৰ উপাৰ্জনৰ পৰা বান সাহায্য পুঁজিলৈ ন্যূনতম ২১ লাখ টকা অথবা মুঠ মুনাফাৰ ২০ শতাংশ প্ৰদানৰ ঘোষণা ড্ৰীম হাউচ প্ৰডাকচন (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ



W7s news,,গুৱাহাটী, 4 আগষ্ট, ২০২৬: প্ৰতিষ্ঠাপক প্ৰয়াত নীতা শৰ্মাৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা নিবেদি আহিবলগীয়া অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘তীব্ৰ’ৰ মুক্তিৰ মুহূৰ্তত একাধিক সামাজিক কল্যাণমূলক পদক্ষেপৰ কথা ঘোষণা কৰিছে ড্ৰীম হাউচ প্ৰডাকচন (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডে। সমাজৰ কল্যাণৰ হেতু চলচ্চিত্ৰ মাধ্যমটোক এক ইতিবাচক শক্তি হিচাপে ব্যৱহাৰ কৰাৰ বিশ্বাসক পুনৰবাৰ প্ৰতিষ্ঠা কৰি এই পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে প্ৰযোজনা সংস্থাটোৱে।


উল্লেখ্য যে, দেশৰ ভিন্ন সংকটৰ সময়ত দুৰ্দশাগ্ৰস্ত লোকৰ কাষত থিয় দিয়াৰ এক সুদীৰ্ঘ পৰম্পৰা ড্ৰীম হাউচ প্ৰডাকচন (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডে বৰ্তাই ৰাখি আহিছে। ক'ভিড-১৯ মহামাৰীৰ সময়ছোৱাত আৰ্থিকভাৱে দুৰ্দশাৰ সন্মুখীন হোৱা অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ টেকনিচিয়ানসকলক আৰ্থিক সাহায্য প্ৰদানৰ দৰে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছিল সংস্থাটোৱে। সেই ধাৰাবাহিক প্ৰচেষ্টাৰে অংশ হিচাপে এইবাৰ অসমৰ বানপীড়িত পৰিয়ালসমূহৰ কাষত থিয় হ’বলৈ জৰুৰী সাহায্যৰ লগতে দীৰ্ঘম্যাদী পুনৰসংস্থাপনৰ লক্ষ্যৰে এক বিস্তৃত সাহায্য তথা পুনৰসংস্থাপন কাৰ্যসূচী মুকলি কৰিছে প্ৰযোজনা সংস্থাটোৱে। 


প্ৰণিধানযোগ্য যে, ড্ৰীম হাউচ প্ৰডাকচন (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠা কৰিছিল প্ৰয়াত নীতা শৰ্মাই। শিৱসাগৰ জিলাৰ শিমলুগুৰিত জন্মগ্ৰহণ কৰা নীতা শৰ্মাই নাজিৰাৰ কেন্দ্ৰীয় বিদ্যালয় আৰু শিমলুগুৰিৰ গড়গাঁও মহাবিদ্যালয়ৰ পৰা নিজৰ শিক্ষা সমাপ্ত কৰে। ড্ৰীম হাউচ প্ৰডাকচন প্ৰতিষ্ঠা কৰাৰ উপৰি তেওঁ আছিল এগৰাকী সমাজকৰ্মী আৰু মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে গঢ়ি তোলা নাৰী-নেতৃত্বাধীন সংগঠন ‘ৱ'মেনিয়াছ’ৰ প্ৰতিষ্ঠাপক। অৰ্থপূৰ্ণ চিনেমা নিৰ্মাণৰ লগতে সৃষ্টিশীল শিল্পৰ জৰিয়তে মানুহৰ সবলীকৰণৰ এক শক্তিশালী মঞ্চ গঢ়ি তোলাটোৱেই আছিল তেওঁৰ সপোন। তেওঁৰ অকাল বিয়োগৰ পাছত ‘তীব্ৰ’ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা আৰু তেওঁৰ সপোনক বাস্তৱায়িত কৰাৰ দায়িত্ব কান্ধত তুলি লৈছে স্বামী সুৰেশ শৰ্মাই।


সেই সংকল্প বাস্তৱায়িত কৰাৰ অংশ হিচাপেই ড্ৰীম হাউচ প্ৰডাকচন (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডে ঘোষণা কৰিছে যে ‘তীব্ৰ’ চলচ্চিত্ৰখনৰ মুঠ মুনাফাৰ ২০ শতাংশ অসমৰ বান সাহায্যত ব্যয় কৰা হ’ব। অৱশ্যে সংস্থাটোৰ এই পদক্ষেপ কেৱল লাভৰ অংশ প্ৰদান কৰাতে সীমাবদ্ধ নহয়। ছবিখনৰ ব্যৱসায়িক সফলতা যিয়েই নহওক কিয়, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িত পৰিয়ালসমূহৰ বাবে ন্যূনতম ২১ লাখ টকা প্ৰদানৰ প্ৰতিশ্ৰুতিও দিছে সংস্থাটোৱে। অৰ্থাৎ, ছবিখনৰ বক্স অফিচ সংগ্ৰহ যিয়েই নহওক, প্ৰয়োজনীয় সহায় যাতে ক্ষতিগ্ৰস্ত ৰাইজৰ কাষ পায়, সেই লক্ষ্যৰেই এই ন্যূনতম আৰ্থিক সাহায্য সুনিশ্চিত কৰা হৈছে।


ইফালে, সাহায্য পুঁজিলৈ আৰ্থিক সাহায্য প্ৰদানৰ উপৰিও বানপীড়িত অঞ্চলত পোনপটীয়াকৈ উপস্থিত থাকি কাম কৰিব টীম ‘তীব্ৰ’ই। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িত অঞ্চলসমূহত উপস্থিত হৈ দলৰ সদস্যসকলে স্বেচ্ছাসেৱামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তাত তেওঁলোকে প্ৰয়োজনীয় সাহায্য সামগ্ৰী বিতৰণ কৰিব, ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে সময় অতিবাহিত কৰিব আৰু ক্ষেত্ৰ পৰ্যায়ত চলি থকা সাহায্য কাৰ্যসূচীত সক্ৰিয়ভাৱে জড়িত হ’ব।


এই পদক্ষেপৰ আন এক গুৰুত্বপূৰ্ণ দিশ হ’ল বানপীড়িত অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে দীৰ্ঘম্যাদী সুবিধা সৃষ্টি কৰা। সেই লক্ষ্যৰেই ড্ৰীম হাউচ মিউজিক এণ্ড ফিল্ম একাডেমীয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৫১ গৰাকী শিক্ষাৰ্থীক সংগীত, চলচ্চিত্ৰ নিৰ্মাণ, ফিল্ম প্ৰডাকচন আৰু সৃষ্টিশীল শিল্পৰ অন্যান্য বিষয়ত সম্পূৰ্ণ বিনামূলীয়াকৈ পেছাদাৰী প্ৰশিক্ষণ প্ৰদান কৰিব। নিৰ্বাচিত শিক্ষাৰ্থীসকলে অভিজ্ঞ পেছাদাৰীসকলৰ পৰা দিহা-পৰামৰ্শ আৰু দক্ষতা বিকাশৰ সুযোগ লাভ কৰিব, যাতে তেওঁলোকে সৃষ্টিশীল উদ্যোগত সফল কেৰিয়াৰ গঢ়ি তুলিব পাৰে। এই ৫১ গৰাকী শিক্ষাৰ্থীৰ নাম শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সুপ্ৰতিষ্ঠিত বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা (এনজিঅ’)সমূহৰ জৰিয়তে মনোনীত কৰা হ’ব।


এই পদক্ষেপ সন্দৰ্ভত ‘তীব্ৰ’ৰ প্ৰযোজক তথা ড্ৰীম হাউচ প্ৰডাকচন (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ পৰিচালক সুৰেশ শৰ্মাই কয়, “চিনেমাৰ কাম কেৱল মনোৰঞ্জন প্ৰদান কৰাই নহয়, সমাজক অনুপ্ৰাণিত কৰা আৰু মানুহৰ কাষত থিয় দিয়াৰ দায়িত্বও ইয়াৰ থাকে। এই পদক্ষেপক আমি দান হিচাপে নাচাওঁ, বৰঞ্চ নিজৰ দায়িত্ব বুলিহে ভাবোঁ। মোৰ পত্নী নীতা শৰ্মাই বিশ্বাস কৰিছিল যে আনৰ জীৱনক স্পৰ্শ কৰিব পাৰিলেহে সফলতা প্ৰকৃত অৰ্থত সাৰ্থক হয়। ‘তীব্ৰ’ৰ জৰিয়তে অসমৰ বানপীড়িত পৰিয়ালসমূহৰ কাষত থিয় হৈ আৰু যুৱক-যুৱতীসকলক সৃষ্টিশীল উদ্যোগত অৰ্থপূৰ্ণ কেৰিয়াৰ গঢ়াৰ সুবিধা প্ৰদান কৰি আমি তেওঁৰ সেই সপোনক শ্ৰদ্ধা জনাব বিচাৰিছোঁ। ছবিখনে ব্যৱসায়িক সফলতা লাভ কৰক বা নকৰক, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি অটুট থাকিব।”


এই পদক্ষেপসমূহৰ জৰিয়তে জৰুৰী মানৱীয় সাহায্যৰ লগতে শিক্ষা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থানৰ দীৰ্ঘম্যাদী সুবিধা সৃষ্টিৰ ওপৰতো সমান গুৰুত্ব প্ৰদান কৰিছে ড্ৰীম হাউচ প্ৰডাকচন (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডে। চিনেমাক ইতিবাচক সামাজিক পৰিৱৰ্তনৰ এক কাৰ্যকৰী মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ যি লক্ষ্যৰে সংস্থাটো আগবাঢ়িছে, এই পদক্ষেপে সেই ভাবনাটোক প্ৰতিফলিত কৰিছে। ‘তীব্ৰ’ৰ জৰিয়তে প্ৰয়াত নীতা শৰ্মাৰ সপোনক আগুৱাই নিয়াৰ উপৰিও অসমৰ বিভিন্ন সম্প্ৰদায়ৰ জীৱনত দীৰ্ঘস্থায়ী ইতিবাচক প্ৰভাৱ পেলোৱাৰ আশা প্ৰকাশ কৰিছে প্ৰযোজনা সংস্থাটোৱে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here