আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ মেড বাই উইমেনত ড° ববি শৰ্মা বৰুৱাৰ ছবিখনৰ ‘ছুপাৰ মামা’ বঁটা লাভ
W7s news,,গুৱাহাটী, ২১ জুলাই, ২০২৬: বিশিষ্ট চলচ্চিত্ৰ পৰিচালিকা ড° ববি শৰ্মা বৰুৱা পৰিচালিত অসমীয়া ছবি ‘ৰ'দৰ পাখি’ (মণিং চানছাইন)-এ ৰাছিয়াৰ ৰাজধানী মস্কোত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ মেড বাই উইমেন’-ত জুৰী স্পেচিয়েল মেনচন – ছুপাৰ মামা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
যোৱা ৮ জুলাইৰ পৰা ১২ জুলাই, ২০২৬-লৈ মস্কোত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাত ছবিখন আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছিল। এই স্বীকৃতিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱসমূহত ছবিখনৰ সফল যাত্ৰাত আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিব।
ড° ববি শৰ্মা বৰুৱাৰ পৰিচালনাত নিৰ্মিত ‘ৰ'দৰ পাখি’( মৰ্ণিং চানছাইন) লেখিকা শৰ্মিষ্ঠা প্ৰীতম-ৰ বাস্তৱ জীৱনৰ পৰা অনুপ্ৰাণিত। কম বয়সতে স্পাইনেল মাস্কুলাৰ এট্ৰফি /মেৰুদণ্ডজনিত পেশী দুৰ্বলতা ৰোগত আক্ৰান্ত অসমৰ এগৰাকী উচ্চাকাংক্ষী সাহিত্যিক জ্যোতিক কেন্দ্ৰ কৰি ছবিখন নিৰ্মাণ কৰা হৈছে। তীব্ৰ শাৰীৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো স্বাধীন ভাৱে জীৱন গঢ়ি তোলাৰ লগতে নিজৰ সপোন পূৰণৰ অবিচল প্ৰয়াসেই ছবিখনৰ আৱেগিক মূল বিষয়বস্তু।
এই স্বীকৃতিত আনন্দ প্ৰকাশ কৰি ড° ববী শৰ্মা বৰুৱাই কয়,“আমাৰ ছবিখনে জুৰী স্পেচিয়েল মেনচন – ছুপাৰ মামা বঁটা লাভ কৰাত এই যাত্ৰা আৰু অধিক অৰ্থপূৰ্ণ হৈ পৰিল। আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই স্বীকৃতি লাভ কৰাটো আমাৰ সমগ্ৰ দলটোৰ বাবে এক গৌৰৱ আৰু স্মৰণীয় মুহূৰ্ত।”
তেওঁ লগতে কয়, “এই সন্মান আমাৰ নিষ্ঠাৱান অভিনয়শিল্পী আৰু কাৰিকৰী দলৰ প্ৰতিগৰাকী সদস্যৰ, যাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ফলতেই এই কাহিনীয়ে জীৱন্ত ৰূপ লাভ কৰিছে। আমাৰ শুভাকাংক্ষী, বন্ধু-বান্ধৱ আৰু সদায় সাহস যোগোৱা প্ৰতিগৰাকী ব্যক্তিলৈও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।আপোনালোকৰ মৰম, প্ৰাৰ্থনা আৰু অহৰহ সমৰ্থনে এই যাত্ৰা সম্ভৱ কৰি তুলিলে।"
মস্কোত এই সন্মান লাভ কৰাৰ পূৰ্বেই ‘ৰ'দৰ পাখি’-এ বিভিন্ন সন্মানীয় চলচ্চিত্ৰ মহোৎসৱত এক দৃঢ় উপস্থিতি প্ৰতিষ্ঠা কৰিছিল। ছবিখন প্ৰথমে এনএফডিচি ফিল্ম বাজাৰ ক'–প্ৰডাকচন মাৰ্কেট-ত নিৰ্বাচিত হোৱাৰ পাছত ২০২৪ চনত গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামা শিতানত ছবিখনৰ প্ৰদৰ্শনী কৰা হৈছিল।
ইয়াৰ পিছত ২০২৫ চনত ছবিখন মুম্বাইৰ ২১তম থাৰ্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল-ৰ এছিয়ান স্পেকট্ৰাম শাখা, ২৩তম পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, আৰু ১৬তম বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ৰ ভাৰতীয় প্ৰতিযোগিতা শিতানলৈ নিৰ্বাচিত হয়।
ইয়াৰ উপৰিও ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ণ, ২০ সংখ্যক থ্ৰিছুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, আৰু কানাডাৰ মোজেইক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-তো ছবিখন নিৰ্বাচিত হৈছিল। ২০২৬ চনত মস্কোৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল মেড বাই উইমেন-ত নিৰ্বাচন আৰু এই স্বীকৃতি লাভৰ জৰিয়তে ছবিখনৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাই আৰু অধিক বিস্তৃতি লাভ কৰিলে।
বসন্ত কুমাৰ বৰুৱা, ড° ববি শৰ্মা বৰুৱা আৰু সুলক্ষণা বৰুৱা-ই প্ৰযোজনা কৰা ৰ'দৰ পাখি’( মৰ্ণিং চানছাইন) ছবিখনত সুলক্ষণা বৰুৱা, কমল লোচন, অৰুণ নাথ আৰু বীণা পটংগীয়া-ই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
ড° ববি শৰ্মা বৰুৱাই কয় যে এই শেহতীয়া সন্মানে দলটোক সংস্কৃতি আৰু ভৌগোলিক সীমাৰ সিপাৰে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব পৰা মূল্যবোধেৰে সমৃদ্ধ চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নতুন উৎসাহ যোগাব।
তেওঁ কয়, “এই সন্মানে আমাৰ হৃদয় চুই যোৱা আৰু ভৌগোলিক সীমা অতিক্ৰম কৰি সকলোৰে সৈতে সংযোগ স্থাপন কৰিব পৰা কাহিনী ক'বলৈ অনুপ্ৰাণিত কৰিলে। হৃদয়ৰ অন্তঃস্থলৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ।”
মস্কোত লাভ কৰা এই জুৰী স্পেচিয়েল মেনচন-এ ‘ৰ'দৰ পাখি’-ৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাক অধিক শক্তিশালী কৰাৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থপূৰ্ণ চলচ্চিত্ৰক অধিক স্বীকৃতি প্ৰদান কৰিছে।

No comments:
Post a Comment