W7s news গুৱাহাটী: টাটা মটৰ্ছে আজি গুৱাহাটীৰ লাখৰাস্থিত বিমল কাৰ্ছ শ্ব'ৰুমত নতুন টাটা টিয়াগো আৰু টাটা টিয়াগো.ইভি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। নতুন দুয়োটা মডেলতে আধুনিক ডিজাইন, উন্নত ইণ্টেৰিয়ৰ, অত্যাধুনিক প্ৰযুক্তি আৰু অধিক সুবিধাসম্পন্ন বৈশিষ্ট্য সংযোজন কৰা হৈছে, যিয়ে অভ্যন্তৰীণ দহন ইঞ্জিন (ICE) আৰু বৈদ্যুতিক বাহন (EV) শ্ৰেণীত গ্ৰাহকসকলক অধিক মূল্য সংযোজনৰ অভিজ্ঞতা প্ৰদান কৰিব।
আজিৰ এই অনুষ্ঠানত পৰিচালন সঞ্চালক, বিমল ছাৰাওগী; মুখ্য কাৰ্যবাহী বিষয়া ক্ৰমে আৰিহন্ত ছাৰাওগী, অনুৰাগ ছাৰাওগী; টেৰিটৰি চেলছ মেনেজাৰ (TSM), পৱন চেতিয়া আৰু মহা প্ৰবন্ধক দীপাংকৰ দাস উপস্থিত থাকে।
নতুন টাটা টিয়াগোৰ প্ৰাৰম্ভিক এক্স-শ্ব'ৰুম মূল্য ৪.৬৯ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। বাহনখন Smart, Pure, Pure+, Pure+ A, Creative আৰু Creative+—মুঠ ছটা ভেৰিয়েণ্টত উপলব্ধ। নতুন টিয়াগোত সম্পূৰ্ণৰূপে নৱীকৃত বাহ্যিক ৰূপ, পুনৰ ডিজাইন কৰা কেবিন আৰু একাধিক অত্যাধুনিক সুবিধা সংযোজন কৰা হৈছে, যদিও বাহনখনৰ মূল আকাৰ অপৰিৱৰ্তিত ৰখা হৈছে।
বাহনখনত অধিক আকৰ্ষণীয় এলইডি হেডলেম্প, সংযুক্ত ডে-টাইম ৰানিং লাইট (DRLs), নতুন ডিজাইনৰ ফ্ৰণ্ট বাম্পাৰ, ১৫ ইঞ্চিৰ নতুন এলয় হুইল আৰু সংযুক্ত ৰূপৰ এলইডি টেইল লেম্প সংযোজন কৰা হৈছে। বাহনখনৰ দৈৰ্ঘ্য ৩,৮১৩ মিলিমিটাৰ, হুইলবেছ ২,৪০০ মিলিমিটাৰ আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্স ১৭০ মিলিমিটাৰ।
নতুন টিয়াগো Pangong Pulse, Varanasi Vibrance, Sobo Surge, Pure Grey, Pristine White আৰু Daytona Grey—এই ছটা ৰঙত উপলব্ধ হ'ব।
ইয়াৰ সমান্তৰালভাৱে টাটা মটৰ্ছে টাটা টিয়াগো.ইভিও উন্মোচন কৰিছে, যাৰ প্ৰাৰম্ভিক এক্স-শ্ব'ৰুম মূল্য ৬.৯৯ লাখ টকা। নতুন টিয়াগো.ইভিত নতুন ফ্ৰণ্ট ফেচিয়া, পুনৰ ডিজাইন কৰা বাম্পাৰ, সংযুক্ত এলইডি ডি আৰ এলযুক্ত এলইডি হেডলেম্প, এলইডি ফগ লেম্প আৰু পিছফালে সংযুক্ত ডিজাইনৰ এলইডি টেইল লেম্প সংযোজন কৰা হৈছে।
বাহনখনৰ ভিতৰত সম্পূৰ্ণ নতুন ডেশ্ববৰ্ড, ১০.২৫ ইঞ্চিৰ টাচস্ক্ৰীন ইনফ'টেইনমেণ্ট চিষ্টেম, নতুন দুটা স্প'কৰ ষ্টিয়াৰিং হুইল আৰু ব্লুটুথ সংযোগযুক্ত ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ সংযোজন কৰা হৈছে। ইয়াৰ উপৰিও অটোমেটিক ক্লাইমেট কণ্ট্ৰ'ল, পিছফালৰ এচি ভেণ্ট, কুল্ড গ্লভ বক্স, ৱায়াৰলেছ এণ্ড্ৰইড অ'টো আৰু এপ'ল কাৰপ্লে, অটোমেটিক হেডলেম্প, ৰেইন-চেন্সিং ৱাইপাৰ, ব্লাইণ্ড-ভিউ মনিটৰ, ৩৬০ ডিগ্ৰী কেমেৰা আৰু ক্ৰুজ কণ্ট্ৰ'লৰ সুবিধাও উপলব্ধ।
টাটা টিয়াগো.ইভি ১৯.২ কিলোৱাট-আৱাৰ আৰু ২৪ কিলোৱাট-আৱাৰ—এই দুটা বেটাৰী বিকল্পত উপলব্ধ। ১৯.২ কিলোৱাট-আৱাৰ সংস্কৰণত ৬১ বিএইচপি শক্তি আৰু ১১০ এনএম টৰ্ক উৎপন্ন কৰা বৈদ্যুতিক মটৰ সংযোজন কৰা হৈছে। আনহাতে, ২৪ কিলোৱাট-আৱাৰ সংস্কৰণত ৭৪ বিএইচপি শক্তি আৰু ১১৪ এনএম টৰ্ক উৎপন্ন কৰা মটৰ উপলব্ধ। এমআইডিচি (MIDC) অনুসৰি ১৯.২ কিলোৱাট-আৱাৰ বেটাৰীযুক্ত সংস্কৰণে ২২৬ কিলোমিটাৰ আৰু ২৪ কিলোৱাট-আৱাৰ বেটাৰীযুক্ত সংস্কৰণে ২৮৫ কিলোমিটাৰ পৰ্যন্ত এবাৰ সম্পূৰ্ণ চাৰ্জত চলিব পাৰে।
এই নতুন টিয়াগো.ইভি Dehradun Dew, Sobo Surge, Pangong Pulse, Matheran Monsoon, Pure Grey আৰু Pristine White—এই ছয়টা ৰঙত উপলব্ধ হ'ব।
No comments:
Post a Comment