অম্বুৱাছী মেলা উপলক্ষে গুৱাহাটী সাহনী কাৱাৰিয়া NGO-ৰ অমৃত ভাণ্ডাৰা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 21 June 2026

অম্বুৱাছী মেলা উপলক্ষে গুৱাহাটী সাহনী কাৱাৰিয়া NGO-ৰ অমৃত ভাণ্ডাৰা

 



২২ জুনত অমৃত ভাণ্ডাৰা উদ্বোধন কৰিব বিধায়ক বিজয় গুপ্তা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যই


​গুৱাহাটী, ২১ জুন: পবিত্ৰ অম্বুৱাছী মেলালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত গুৱাহাটীৰ কালিপুৰস্থিত 'গুৱাহাটী সাহনী কাৱাৰিয়া ' NGO বেচৰকাৰী সংস্থাৰ তত্বাৱধানত আজি এখন গুৰুত্বপূৰ্ণ সংবাদ মেল অনুষ্ঠিত হৈ যায়। অম্বুৱাছী মেলা উপলক্ষে প্ৰতি বছৰৰ দৰে এইবাৰো আয়োজন কৰিবলগীয়া 'অমৃত ভাণ্ডাৰা' (মহাপ্ৰসাদ বিতৰণ) কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত এই সংবাদমেলত সবিস্তাৰে জানিব দিয়ে। 


​সংস্থাৰ তৰফৰ পৰা জনোৱা মতে অহা ২২ জুন (সোমবাৰ) পুৱা ১০:৩০ বজাত কালিপুৰস্থিত অমৃত ভাণ্ডাৰাৰ শুভ উদ্বোধন কৰা হ’ব। এই বিশেষ সেৱামূলক কাৰ্যসূচীটো যুটীয়াভাৱে শুভ উদ্বোধন কৰিব মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক বিজয় গুপ্তা আৰু প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই। 

​পবিত্ৰ অম্বুৱাছী মেলাৰ সময়ছোৱাত কামাখ্যাধামলৈ অহা দেশ-বিদেশৰ লাখ লাখ ভক্তৰ সেৱাৰ্থে আয়োজন কৰা এই অমৃত ভাণ্ডাৰা কাৰ্যসূচী যাতে সুচাৰুৰূপে সম্পন্ন হয়, তাৰ বাবে সংস্থাৰ সভাপতি ৰাজকুমাৰ কানৱৰ, সাধাৰণ সম্পাদক ৰাজু সাহনী, কোষাধ্যক্ষ সুনীল সাহ, মিডিয়া ইনচাৰ্জ বিদ্যানন্দ ঝা, উপদেষ্টা ৰবীন্দ্ৰ সাহানী, সহ-সচিব সুৰেশ সাহানি, কাৰ্যবাহী সভাপতি সীতাৰাম সাহানী, তুলসী পণ্ডিত, উপ সম্পাদক বাপ্পী সৰকাৰ, লক্ষী দে আৰু দীপিকা দাসসহ সকলো বিষয়ববীয়াই গুৱাহাটীৰ ধৰ্মপ্ৰাণ ৰাইজ তথা সংবাদ মাধ্যমৰ পূৰ্ণ সহযোগিতা আৰু উৎসাহ কামনা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here