বিশ্ব পৰিৱেশ দিৱসত “দ্য হাৰ্ট”ৰ পদক্ষেপ
নৱবাৰ্তা গুৱাহাটী:: ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী সংস্থা “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”য়ে বিশ্ব পৰিৱেশ দিৱসৰে সংগতি ৰাখি শুকুৰবাৰে
পৰিৱেশ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তদুপলক্ষে পুৱাৰ ভাগত হাতীগাঁওস্থিত সংস্থাটোৰ কাৰ্যালয়ত বৃক্ষ ৰোপণ কৰি সভাপতি তথা বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ চন্দন মোদকে কয়——“
১৯৭২ চনৰ ৫ জুনত ৰাষ্ট্ৰসংঘই পৰিৱেশ ৰক্ষাৰ প্ৰতি মানুহক সজাগ-সচেতন কৰিবলৈ বিশ্ব পৰিৱেশ দিৱসৰ সূচনা কৰিছিল ৷ তেতিয়াৰ পৰা আজিলৈ ৫৪ টা বছৰ অতিক্ৰম হ’ল ৷ অৰ্ধশতিকাৰো অধিক এই সময়ছোৱাত আমাৰ প্ৰকৃতি দ্ৰুতগতিত ক্ষতিগ্ৰস্ত হৈছে ৷ তথাকথিত প্ৰগতি আৰু বিকাশৰ নামত নদী, পাহাৰ , অৰণ্য কিমান যে ধ্বংস কৰা হ’ল তাৰ হয়তো সঠিক তথ্যই নোলাব ৷ আনকি সমুদ্ৰৰ গভীৰত আৰু মহাকাশতো এতিয়া আৱৰ্জনাৰ দ’ম ৷ প্ৰকৃতি বিৰোধী এনে কৰ্মৰ ভয়ানক প্ৰতিফল এতিয়া আমি ভোগ কৰিছোঁ ৷ অম্লজান, ভূ-জল, ইন্ধন হোৰাহোৰে টুটি আহিছে ৷ অকাল খৰাং, অকাল বৃষ্টি, অসহনীয় গ্ৰীষ্মপ্ৰৱাহে নমাই আনিছে ভয়াৱহ দুৰ্যোগ ৷ জোৰ পুৰি ইতিমধ্যে হাত পাইছেহি ৷ গতিকে আমি বুজিবৰ হ’ল যে পৃথিৱীখন কেৱল আমাৰ বাবে নহয়, ভৱিষ্যৎ প্ৰজন্মৰ বাবেও। বৃক্ষ নিধন, প্লাষ্টিকৰ অবাধ অপব্যৱহাৰ, পানী আৰু বায়ু প্ৰদূষণৰ পৰা পৃথিৱীখনক ৰক্ষা কৰিব নোৱাৰিলে , ইন্ধন ৰাহি কৰিব নোৱাৰিলে আমি আমাৰ ভবিষ্যত প্ৰজন্মৰ বাবে কি এৰি থৈ যাম ?” ইপিনে সন্ধিয়া বিশ্ব পৰিৱেশ দিৱসৰে সংগতি ৰাখি “অক্সিজেন বাৰ” শীৰ্ষক এটি গীত মুকলি কৰা হয় ৷ কবি নৱজ্যোতি পাঠকে ৰচনা কৰা আৰু ডাঃ চন্দন মোদকে সুৰাৰোপিত কৰি কণ্ঠদান কৰা গীতটি মুকলি কৰে বিশিষ্ট শিল্পী জে পি দাসে ৷ বিশিষ্ট শিল্পী ডাঃ গণেশ ডেকা, বিমান বৰুৱা, দেৱজিৎ ব্ৰহ্ম, মানস অধিকাৰী, কস্তূৰী শইকীয়া বিশিষ্ট চিকিৎসক ডাঃ এচ এন গোস্বামী, ডাঃ নৱজ্যোতি দত্ত, ডাঃ ঋতুপৰ্ণ বৰুৱা আদিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ গীতটি মুকলি কৰি জে পি দাসে কয় যে গীতটিৰ জৰিয়তে প্ৰকৃতি সুৰক্ষাৰ আহ্বান জনোৱা হৈছে ৷ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ এয়া সুন্দৰ পদক্ষেপ ৷ আশা কৰোঁ ৰাইজে গীতটি আদৰি “দ্য হাৰ্ট”ৰ চিন্তা আৰু শ্ৰমক অৰ্থৱহ কৰি তুলিব ৷

No comments:
Post a Comment