গুৱাহাটীত ‘এক্সপেৰিয়েন্স এলপিইউ- এ ডে’ অৱ লাইফটাইম ইন্সপিৰেচন’-ৰ দ্বিতীয় সংস্কৰণৰ আয়োজন লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 7 June 2026

গুৱাহাটীত ‘এক্সপেৰিয়েন্স এলপিইউ- এ ডে’ অৱ লাইফটাইম ইন্সপিৰেচন’-ৰ দ্বিতীয় সংস্কৰণৰ আয়োজন লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটিৰ

 


W7s news গুৱাহাটী:: উচ্চশিক্ষা, কৰ্মজীৱনৰ সুযোগ আৰু মেধাবৃত্তি সংক্ৰান্তীয় তথ্য জনাৰ হেঁপাহেৰে শিক্ষাৰ্থী তথা অভিভাৱকসকলৰ উৎসাহী অংশগ্ৰহণৰ মাধ্যমেৰে শনিবাৰে লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটি চমুকৈ এলপিইউৱে আয়োজন কৰে তেওঁলোকৰ অন্যতম প্ৰধান জনসংযোগ কাৰ্যসূচী ‘এক্সপেৰিয়েন্স এলপিইউ- এ ডে’ অৱ লাইফটাইম ইন্সপিৰেচন’-ৰ দ্বিতীয় সংস্কৰণ। এই কাৰ্যসূচীত অসম তথা পাৰ্শ্বৱৰ্তী বিভিন্ন ৰাজ্যৰ পৰা অহা শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ ব্যাপক সঁহাৰি প্ৰত্যক্ষ হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে গুৱাহাটী, শ্বিলং, তেজপুৰ, নগাঁও, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, ডিব্ৰুগড় আৰু ডিমাপুৰৰ পৰা অহা বহুসংখ্যক প্ৰাৰ্থীয়ে। বিশ্ববিদ্যালয়খনে আগবঢ়োৱা উচ্চশিক্ষাৰ বিভিন্ন সুযোগ, ভৱিষ্যত কৰ্মজীৱনৰ সম্ভাৱ্য দিশনিৰ্ণয় আৰু মেধাবৃত্তিৰ সম্ভাৱনা সম্পৰ্কে বিস্তাৰিত তথ্য তেওঁলোকে সৱিশেষ অন্বেষণ কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ, বিজ্ঞান আন্দোলনৰ কৰ্মী তথা লেখক তপন কুমাৰ শৰ্মা। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা পদাৰ্থ বিজ্ঞানৰ সহযোগী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰা শৰ্মাই গণবিজ্ঞান আন্দোলনৰ জৰিয়তে বিজ্ঞানক সাধাৰণ ৰাইজৰ মাজত জনপ্ৰিয় কৰি তোলাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। বিজ্ঞান, ইতিহাস আৰু অসমীয়া প্ৰবাসী সমাজক কেন্দ্ৰ কৰি তেওঁ একাধিক সমাদৃত গ্ৰন্থও ৰচনা কৰিছে।

শিক্ষাৰ্থী আৰু অভিভাৱকসকলক উচ্চশিক্ষাৰ বিভিন্ন সুযোগ-সুবিধা সম্পৰ্কে সম্যক ধাৰণা প্ৰদান কৰাৰ লক্ষ্যৰেই আয়োজন কৰা হয় এই কাৰ্যসূচীৰ। অনুষ্ঠানত কৰ্মজীৱনমুখী শিক্ষা, শিক্ষাৰ্থীৰ বিকাশত বিশ্ববিদ্যালয়ৰ বিভিন্ন পদক্ষেপ, সংস্থাপনৰ সহায়-সহযোগিতা, আন্তঃৰাষ্ট্ৰীয় এক্সপ’জাৰ কাৰ্যসূচী আৰু লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটীত উপলব্ধ বিস্তৃত মেধাবৃত্তিৰ সুযোগ সম্পৰ্কে সৱিশেষ তথ্য দাঙি ধৰা হয়।

বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ প্ৰতিনিধিসকলৰ ভিতৰত ড০ ৰাজেশ বাৰ্মা, ড০ বিশাল শৰ্মা, ড০ বৰুণ কুমাৰ আৰু ড০ বলপ্ৰীত সিঙে অংশগ্ৰহণকাৰীসকলৰ সৈতে বিস্তাৰিতভাৱে মতবিনিময় কৰে। তেওঁলোকে নামভৰ্তি, শিক্ষাব্যৱস্থা তথা শিক্ষাৰ্থীৰ জীৱন সংক্ৰান্তীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। এই সমাৱেশসমূহত এল পি ইউৰ শিক্ষাব্যৱস্থা, উদ্যোগক্ষেত্ৰৰ সৈতে অংশীদাৰিত্ব, ইণ্টাৰ্ণশ্বিপৰ সুযোগ, সংস্থাপন ব্যৱস্থা, দক্ষতা উন্নয়নমূলক পদক্ষেপ আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ অভিজ্ঞতা সম্পৰ্কে বিস্তাৰিত তথ্য দাঙি ধৰা হয়। ইয়াৰ সমান্তৰালভাৱে, এই সকলো সুবিধা-সুযোগে শিক্ষাৰ্থীসকলক বাস্তৱ কৰ্মজগতৰ চাহিদাৰ সৈতে খাপ খুৱাই ল’বলৈ আৰু ভৱিষ্যত কৰ্মজীৱনৰ বাবে প্ৰস্তুত হ’বলৈ কেনেকৈ সহায় কৰে, সেই বিষয়েও বিস্তাৰিতভাৱে আলোচনা কৰা হয়।

লক্ষ্যণীয় যে, এই কাৰ্যসূচীৰ অন্যতম প্ৰধান আকৰ্ষণ আছিল মেধাবী তথা যোগ্য শিক্ষাৰ্থীসকলক স্বীকৃতি প্ৰদান আৰু মেধাবৃত্তি বিতৰণ। শৈক্ষিক কৃতিত্ব, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত লাভ কৰা সফলতা, লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৰ্জিত ফলাফলৰ ভিত্তিত শিক্ষাৰ্থীসকলক এই মেধাবৃত্তি প্ৰদান কৰা হয়। এই পদক্ষেপে শিক্ষাৰ্থী আৰু অভিভাৱক- উভয় পক্ষৰ পৰাই উৎসাহজনক সঁহাৰি লাভ কৰে।

শিক্ষাৰ্থীসকলৰ সমান্তৰালভাৱে তেওঁলোকৰ অভিভাৱকসকলৰো সক্ৰিয় অংশগ্ৰহণেৰে সমগ্ৰ কাৰ্যসূচীটো প্ৰাণৱন্ত হৈ পৰে। এই অংশগ্ৰহণে অঞ্চলটোৰ তৰুণ প্ৰজন্মৰ মাজত মানসম্পন্ন উচ্চশিক্ষা আৰু ভৱিষ্যতমুখী কৰ্মজীৱনৰ সুযোগক লৈ গঢ়ি উঠা ক্ৰমবৰ্ধমান আগ্ৰহ তথা প্ৰত্যাশা সুন্দৰভাৱে প্ৰতিফলিত কৰে। কাৰ্যসূচীৰ পাৰস্পৰিক মতবিনিময়মূলক বিন্যাসে অংশগ্ৰহণকাৰীসকলক এল পি ইউৰ শিক্ষাব্যৱস্থা, শিক্ষাৰ্থী সহায়িকা ব্যৱস্থা আৰু কৰ্মজীৱনৰ সম্ভাৱনা সম্পৰ্কে অধিক গভীৰ তথা স্পষ্ট ধাৰণা লাভ কৰাৰ সুযোগ উলিয়াই দিয়ে।

লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটিৰ সহকাৰী সঞ্চালক তথা জ’নেল হেড (পূব আঞ্চলিক) ভূৱন সাৰিন আৰু সহকাৰী সঞ্চালক (যোগাযোগ, সম্পৃক্ততা আৰু অংশীদাৰিত্ব) জীতেন্দ্ৰ কুমাৰ দীক্ষিতৰ নেতৃত্বত এল পি ইউৰ গুৱাহাটী কাৰ্যালয়ৰ দলটোৱে সফলভাৱে কাৰ্যসূচীটোৰ সমন্বয় আৰু ৰূপায়ণ কৰে।

মন কৰিবলগীয়া যে, ‘এক্সপেৰিয়েন্স এলপিইউ- এ ডে’ অৱ লাইফটাইম ইন্সপিৰেচন’-ৰ সফল আয়োজনে শৈক্ষিক সচেতনতা, কৰ্মজীৱন সংক্ৰান্তীয় দিশনিৰ্ণয় আৰু ৰূপান্তৰণকাৰী শিক্ষাৰ সুযোগৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সবলীকৰণৰ প্ৰতি থকা লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটিৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ দৃঢ়তাৰে প্ৰকাশ কৰিছে। ইয়াৰ সমান্তৰালভাৱে, উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চশিক্ষাত আগ্ৰহী শিক্ষাৰ্থীসকলৰ সৈতে বিশ্ববিদ্যালয়খনৰ সংযোগ আৰু সম্পৃক্ততাও অধিক শক্তিশালী কৰি তুলিছে এই কাৰ্যসূচীয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here