নকল সামগ্ৰীৰ নেটৱৰ্ক আৰু বজাৰৰ শোষণকাৰী ব্যৱস্থাৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলক সুৰক্ষিত কৰিবলৈ গুৱাহাটীৰ আলোচনাচক্ৰত জৰুৰী নীতিগত পদক্ষেপ গ্ৰহণৰ আহ্বান
W7s news গুৱাহাটী: ফেডাৰেচন অৱ ৰিটেইলাৰ্ছ এছ’চিয়েচন অৱ ইণ্ডিয়া, চমুকৈ এফ আৰ এ আইৰ অসম ৰাজ্যিক শাখাৰ উদ্যোগত বুধবাৰে গুৱাহাটীত অনুষ্ঠিত হয় ‘আধুনিক বজাৰত অবৈধ বাণিজ্যৰে মোকাবিলা’ (Confronting Illicit Trade in Modern Markets) শীৰ্ষক এক আলোচনাচক্ৰ। এই আলোচনাচক্ৰ খুচুৰা বিক্ৰেতা, ব্যৱসায়ী সন্থা আৰু নীতি নিৰ্ধাৰকসকলে একগোট হৈ ভাৰতৰ খুচুৰা ব্যৱসায় খণ্ডক প্ৰভাৱিত কৰা দুটা দ্ৰুতগতিত বৃদ্ধি পোৱা ভাবুকি - অবৈধ বাণিজ্যৰ ভয়াবহতা বৃদ্ধি আৰু অনুচিত বজাৰ নীতিৰ প্ৰসাৰ সম্পৰ্কে আলোচনা কৰে। অংশগ্ৰহণকাৰীসকলে বজাৰত নকল সামগ্ৰীৰ ক্ৰমবৰ্ধমান প্ৰচলন, অবৈধ বিতৰণ ব্যৱস্থা আৰু নীতি-নিয়ম উলংঘা কৰা সামগ্ৰীৰ ওপৰত গভীৰ চিন্তা ব্যক্ত কৰে। ইয়াৰ লগতে তেওঁলোকে কিছুসংখ্যক কুইক কমাৰ্চ আৰু ই-কমাৰ্চ খণ্ডৰ অস্বাভাৱিকভাৱে কম মূল্যত সামগ্ৰী বিক্ৰী, অধিক ৰেহাই আৰু অনিয়ন্ত্ৰিত সম্প্ৰসাৰণে ক্ষুদ্ৰ খুচুৰা বিক্ৰেতা আৰু পৰম্পৰাগত ব্যৱসায়ীসকলৰ বাবে তীব্ৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰাৰ ওপৰতো আলোকপাত কৰে।
আলোচনাচক্ৰত অবৈধ বাণিজ্য আৰু অনুচিত বজাৰ ব্যৱসায়, চৰকাৰী ৰাজহ, গ্ৰাহকৰ বিশ্বাস আৰু লাখ লাখ ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱিকাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা বিষয়ৰ ওপৰতো গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰা হয়।
এই আলোচনাচক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বিশিষ্ট অতিথি হিচাপে
গুৱাহাটী চেন্ট্ৰেল সমষ্টিৰ বিধায়ক বিজয় গুপ্তা, গুৱাহাটী সংমণ্ডলৰ আৰ পি এফৰ সহকাৰী সুৰক্ষা আয়ুক্ত বিমল চন্দ্ৰ দাস, ৰাজ্যিক কৰ বিভাগৰ সহকাৰী আয়ুক্ত মোমশ্বাদ দিনৰী চৌধুৰী আৰু ঔদ্যোগিক বিশেষজ্ঞ চি এ হিমাংশু আগৰৱালাৰ লগতে অসমৰ বিভিন্ন ব্যৱসায়ী সংগঠন আৰু খুচুৰা ব্যৱসায়ী সন্থাৰ জ্যেষ্ঠ প্ৰতিনিধিসকল।
খুচুৰা বিক্ৰেতাসকলে উল্লেখ কৰে যে কুইক কমাৰ্চ আৰু ই-কমাৰ্চ প্লেটফৰ্মসমূহে খুচুৰা ব্যৱসায়ৰ ক্ষেত্ৰখন ক্ষিপ্ৰতাৰে সলনি কৰি পেলাইছে আৰু গ্ৰাহকৰ বাবে সামগ্ৰীসমূহ সহজলভ্য কৰি তুলিছে যদিও, একেখন বজাৰ ব্যৱস্থাই অবৈধ বাণিজ্য আৰু নকল সামগ্ৰীৰ দ্ৰুত প্ৰসাৰক লৈ গভীৰ উদ্বেগো সৃষ্টি কৰিছে। অংশগ্ৰহণকাৰীসকলে কয় যে ফ্লেশ্ব ছেল, অস্বাভাৱিক ৰেহাই, আক্ৰমণাত্মক মূল্য নিৰ্ধাৰণ ৰণনীতি আৰু অতি কম সময়ৰ ভিতৰত সামগ্ৰী যোগান ধৰাৰ প্ৰতিযোগিতাই এনে এক পৰিৱেশৰ সৃষ্টি কৰিছে, য’ত গ্ৰাহকসকলে প্ৰায়ে আচল আৰু নকল সামগ্ৰীৰ মাজত পাৰ্থক্য ধৰিব নোৱাৰে।
অংশগ্ৰহণকাৰীসকলে লগতে কয় যে আজি খাদ্য সামগ্ৰী, ৰেচন আৰু প্ৰসাধন সামগ্ৰীৰ পৰা আৰম্ভ কৰি ছালৰ যতনৰ সামগ্ৰী, ইলেক্ট্ৰনিক্স আৰু আনকি হেজাৰ টকা মূল্যৰ প্ৰিমিয়াম ম’বাইল ফোন পৰ্যন্ত সকলো সামগ্ৰী কুইক কমাৰ্চ আৰু ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে যোগান ধৰা হৈছে। অৱশ্যে, এই অত্যধিক সহজলভ্যতা আৰু কম মূল্যৰ প্ৰতিযোগিতাই নিষিদ্ধ, অবৈধ আৰু নকল সামগ্ৰীসমূহক অত্যধিক হাৰত বজাৰত প্ৰৱেশ কৰাৰ বাবে এক বিপদজনক পথ মুকলি কৰি দিছে।
খুচুৰা ব্যৱসায়ীসকলৰ মতে, নকল ব্যৱসায়ী আৰু বে-আইনী বিক্ৰেতাসকলে বজাৰত নকল আৰু নীতি-বহিৰ্ভূত সামগ্ৰী যোগান ধৰিবলৈ এই ক্ষিপ্ৰগতিত সম্প্ৰসাৰিত ডিজিটেল প্লেটফৰ্মসমূহৰ অপব্যৱহাৰ কৰিছে। তেওঁলোকে দুৰ্বল নিৰীক্ষণ ব্যৱস্থা আৰু অত্যধিক ৰেহাই তথা ক্ষিপ্ৰ উপলব্ধতাৰ প্ৰতি থকা গ্ৰাহকৰ বৰ্ধিত আকৰ্ষণৰ সুযোগ গ্ৰহণ কৰিছে। খুচুৰা ব্যৱসায়ীসকলে সতৰ্ক কৰি দিয়ে যে গ্ৰাহকসকল ক্ৰমান্বয়ে গুণগত মানতকৈ মূল্যৰ প্ৰতিহে অধিক সচেতন হৈ পৰিছে, যাৰ ফলত ডিজিটেল বাণিজ্য মাধ্যমসমূহত অবৈধ ব্যৱসায়-বাণিজ্য কোনো নিয়ন্ত্ৰণ নোহোৱাকৈ কাঠফুলাৰ দৰে বাঢ়িব ধৰিছে।
অংশগ্ৰহণকাৰীসকলে লগতে কয় যে এনে প্লেটফৰ্মৰ দ্ৰুত উত্থানে নিম্নমানৰ আৰু সম্ভৱতঃ অসুৰক্ষিত সামগ্ৰীৰ প্ৰচলনৰ জৰিয়তে গ্ৰাহকৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে বছৰ বছৰ ধৰি বিশ্বাস গঢ়ি তোলা, সামগ্ৰীৰ সত্যতা নিশ্চিত কৰা আৰু নিজৰ স্থানীয় সম্প্ৰদায়ক জবাবদিহিতাৰে সেৱা আগবঢ়োৱা প্ৰকৃত অফলাইন খুচুৰা বিক্ৰেতাসকলৰ বাবেও ই সমানেই ভয়ংকৰ হৈ পৰিছে। খুচুৰা বিক্ৰেতাসকলে জোৰ দি কয় যে বজাৰৰ অন্যায় পদ্ধতি, অসমান প্ৰতিযোগিতা আৰু আক্ৰমণাত্মক মূল্য নিৰ্ধাৰণৰ কাঠামোৰ বাবে পৰম্পৰাগত ব্যৱসায়ীসকলৰ বাবে ব্যৱসায় ধৰি ৰখাটো, সন্তানৰ শিক্ষাৰ খৰচ বহন কৰাটো আৰু পৰিয়াল পোহপাল দিবৰ বাবে দৈনিক ১৪ ৰ পৰা ১৮ ঘন্টা পৰ্যন্ত কাম কৰিও তিষ্ঠি থকাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে। অংশগ্ৰহণকাৰীসকলৰ মতে এইটো এতিয়া কেৱল ব্যৱসায়িক বিষয় হৈ থকা নাই, বৰঞ্চ ই সমগ্ৰ দেশৰ লাখ লাখ সৎ ক্ষুদ্ৰ খুচুৰা বিক্ৰেতাক প্ৰভাৱিত কৰা এক গুৰুতৰ সামাজিক আৰু জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা চিন্তা হৈ পৰিছে।
আলোচনা চক্ৰত ভাষণ দি এফ আৰ এ আইৰ অসম ৰাজ্যিক অধ্যায়ৰ সভাপতি বীৰেন্দ্ৰ চন্দ্ৰ বৈশ্যই কয়, “ক্ষুদ্ৰ খুচুৰা বিক্ৰেতা আৰু কিৰানাৰ দোকানসমূহ কেৱল ব্যৱসায়িক প্ৰতিষ্ঠান নহয়, এইসমূহ ভাৰতৰ স্থানীয় অৰ্থনীতি আৰু সম্প্ৰদায় জীৱনৰ মেৰুদণ্ডস্বৰূপ। কিন্তু আধুনিক খুচুৰা বজাৰত অনৈতিক বাণিজ্যিক পদ্ধতিৰ ক্ৰমবৰ্ধমান প্ৰাদুৰ্ভাৱে পৰম্পৰাগত খুচুৰা বিক্ৰেতাসকলৰ বাবে গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। লুণ্ঠনকাৰী মূল্য নিৰ্ধাৰণ, অত্যধিক ৰেহাই, কুইক কমাৰ্চ আৰু ই-কমাৰ্চ প্লেটফৰ্মৰ নিয়ন্ত্ৰণহীন সম্প্ৰসাৰণ, আৰু নকল সামগ্ৰীৰ ক্ৰমবৰ্ধমান প্ৰচলনে বজাৰৰ ন্যায্য প্ৰতিযোগিতাক বিকৃত কৰি তুলিছে আৰু লাখ লাখ ক্ষুদ্ৰ ব্যৱসায়ীৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। যদি সময়মতে সংশোধনী ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে ভাৰতৰ পৰম্পৰাগত উদ্যোগী সংস্কৃতি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে, যিয়ে প্ৰজন্ম ধৰি স্বনিয়োজিত পৰিয়ালৰ ব্যৱসায় ধৰি ৰাখিছে।”
আলোচনা চক্ৰৰ সময়ত অংশগ্ৰহণকাৰীসকলে আলোকপাত কৰে যে প্লেটফৰ্ম-চালিত খুচুৰা মডেলৰ দ্ৰুত সম্প্ৰসাৰণ আৰু নকল আৰু অমান্য সামগ্ৰীৰ ক্ৰমবৰ্ধমান প্ৰচলনে পৰম্পৰাগত ব্যৱসায়ৰ বাবে গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। খুচুৰা বিক্ৰেতাসকলে কয় যে ক্ষুদ্ৰ ব্যৱসায়ীসকলে সীমিত মাৰ্জিন আৰু উচ্চ জবাবদিহিতাৰে কাম কৰিলেও আক্ৰমণাত্মক ৰেহাই আৰু দ্ৰুত সম্প্ৰসাৰণ কৌশলৰ জৰিয়তে কেইবাটাও বৃহৎ প্লেটফৰ্মে বজাৰত আধিপত্য বিস্তাৰ কৰি আছে। লগতে অংশগ্ৰহণকাৰীসকলে সকীয়াই দিয়ে যে অবৈধ ব্যৱসায় আৰু নকল সামগ্ৰীয়ে প্ৰকৃত ব্যৱসায়ৰ ক্ষতি সাধন কৰিছে, গ্ৰাহকৰ আস্থাত আঘাত হানিছে আৰু সমগ্ৰ দেশৰ লাখ লাখ ক্ষুদ্ৰ খুচুৰা বিক্ৰেতাৰ জীৱিকাত বিৰূপ প্ৰভাৱ পেলাইছে। প্ৰযুক্তি আৰু উদ্ভাৱনৰ গুৰুত্ব স্বীকাৰ কৰাৰ লগতে তেওঁলোকে খুচুৰা খণ্ডৰ বিকাশ ন্যায্য, স্বচ্ছ আৰু সৰ্বাংগীন হৈ থাকিব লাগিব বুলি জোৰ দি কয়।
এই সংগঠনটো হৈছে সমগ্ৰ গুৱাহাটী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ১ লাখৰো অধিক ক্ষুদ্ৰ, লঘু আৰু মজলীয়া খুচুৰা বিক্ৰেতাৰ উমৈহতীয়া সংস্থা। ই ৫ লাখৰো অধিক দৰিদ্ৰ খুচুৰা বিক্ৰেতা আৰু তেওঁলোকৰ পৰিয়ালৰ জীৱিকাকো প্ৰতিনিধিত্ব কৰে আৰু তেওঁলোকৰ জীৱন আৰু জীৱিকা সম্পৰ্কীয় বিষয়সমূহ ধাৰাবাহিকভাৱে উত্থাপন কৰাৰ বাবে জনাজাত।
অংশগ্ৰহণকাৰীসকলে সামূহিকভাৱে শক্তিশালী নিয়ন্ত্ৰণমূলক তদাৰকী, উচিত প্ৰতিযোগিতামূলক নীতি আৰু ক্ষুদ্ৰ খুচুৰা বিক্ৰেতাসকলৰ বাবে সমান সুযোগৰ আহ্বান জনায়। অনলাইন খুচুৰা পৰিৱেশ তন্ত্ৰত নকল আৰু অবৈধ সামগ্ৰী সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো নিশ্চিত কৰিব পৰা ব্যৱস্থা নিশ্চিত কৰিবলৈ নীতি নিৰ্ধাৰকসকলক আহ্বান জনায়।
ক্ষুদ্ৰ খুচুৰা বিক্ৰেতাসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে কৰ্মসংস্থাপন, স্থানীয় বাণিজ্য আৰু অৰ্থনৈতিক স্থিতিশীলতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা পৰম্পৰাগত উদ্যমী পৰিৱেশ তন্ত্ৰ সংৰক্ষণৰ বাবে চৰকাৰ, নীতি নিৰ্ধাৰক আৰু উদ্যোগৰ অংশীদাৰসকলক সামূহিকভাৱে আহ্বান জনাই আলোচনা চক্ৰৰ সামৰণি পৰে।
No comments:
Post a Comment