অম্বুবাচী মেলাত ২৩ জুনত অনুষ্ঠিত হ'বলগীয়া বৃহৎ ৰক্তদান অভিযানৰ নেতৃত্ব দিব ১৭ বছৰীয়া কৃতি ধানুকাই
W7s news,,গুৱাহাটী, ২১ জুন : বিশ্ববিখ্যাত অম্বুবাচী মেলাৰ উপলক্ষে এক অভিনৱ পদক্ষেপ হিচাপে অহা ২৩ জুনত এক বৃহৎ ৰক্তদান অভিযানৰ আয়োজন কৰা হৈছে, যাৰ নেতৃত্ব বহন কৰিছে ১৭ বছৰীয়া যুৱ সমাজসেৱী তথা চেঞ্জমেকাৰ কৃতি ধানুকাই। এই বৃহৎ ৰক্তদান অভিযানক লৈ দেওবাৰে আঠগাঁওস্থিত শ্ৰী গুৱাহাটী গৌশালাত কৃতি ধানুকাৰ উদ্যোগত এক স্বেচ্ছা ৰক্তদান সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়।
সজাগতা অভিযানটোৰ বিশেষত্ব আছিল যে আজি অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা (নীট)-ত অৱতীৰ্ণ শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলে গৌশালা প্ৰাংগণত সন্তানসকলৰ পৰীক্ষা সমাপ্ত হোৱাৰ অপেক্ষা কৰি আছিল। সেই সময়ছোৱাত উপস্থিত বহু সংখ্যক অভিভাৱকৰ মাজত কৃতি ধানুকাই ৰক্তদানৰ গুৰুত্ব, উপকাৰিতা আৰু ইয়াৰ জৰিয়তে আৰ্তজনৰ স্বাস্থ্যসেৱাত কেনেদৰে সহায় হয় সেই বিষয়ে বিস্তৃতভাৱে অৱগত কৰে। লগতে উপস্থিত লোকসকলৰ মাজত ৰক্তদান সম্পৰ্কীয় সজাগতা পত্ৰিকাও বিতৰণ কৰা হয়।
কৃতি ধানুকাই সকলোকে আহ্বান জনাই কয় যে অহা ২৩ জুনত অম্বুবাচী মেলাৰ সময়ছোৱাত ভঙাগড়স্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰক্ত ভঁৰাল, ছত্ৰীবাৰীস্থিত পৰশুৰাম সেৱা সদন, সোণাপুৰস্থিত মেফেয়াৰ স্প্ৰিং ভেলী অৱকাশ নিবাস আৰু পলাশবাৰীত আয়োজিত ৰক্তদান শিবিৰসমূহত অংশগ্ৰহণ কৰি ৰক্তদান কৰিব পাৰে।
সজাগতা অভিযানৰ সময়ত কৃতি ধানুকাই কয় যে অম্বুবাচী মেলাৰ সময়ত লাখ লাখ ভক্ত-দৰ্শনাৰ্থী গুৱাহাটীলৈ আহে, আনহাতে চিকিৎসালয়সমূহ আৰু জৰুৰীকালীন স্বাস্থ্যসেৱাত তেজৰ প্ৰয়োজনীয়তা সদায়েই অব্যাহত থাকে। এনে পৰিস্থিতিত স্বেচ্ছা ৰক্তদানৰ জৰিয়তে প্ৰয়োজনীয় ৰোগীক সহায় কৰা সমাজৰ প্ৰতিগৰাকী সচেতন নাগৰিকৰ দায়িত্ব।
তেওঁ যুৱ প্ৰজন্ম, সামাজিক সংগঠন, ভক্তবৃন্দ আৰু সাধাৰণ নাগৰিকক এই মহৎ কাৰ্যত আগবাঢ়ি আহি অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
শ্ৰীমতী ধানুকাই কয় যে এটা ইউনিট তেজে তিনিজনলৈকে লোকৰ জীৱন ৰক্ষা কৰাত সহায় কৰিব পাৰে। এই অভিযান দুৰ্ঘটনাগ্ৰস্ত ব্যক্তি, গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগী আৰু জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন হোৱা লোকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিব।
তেওঁ লগতে কয় যে অম্বুবাচী মেলাৰ এই পৱিত্ৰ উপলক্ষে ৰক্তদান কৰি কোনো প্ৰয়োজনীয় ব্যক্তিক নতুন জীৱন প্ৰদান কৰাটো হৈছে প্ৰকৃত মানৱ সেৱা। অনুষ্ঠানত উপস্থিত লোকসকলে অতি কম বয়সতে এনে এক সামাজিক আৰু মানৱীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে কৃতি ধানুকাৰ শলাগ লয় আৰু ইয়াক যুৱ সমাজৰ বাবে এক অনুপ্ৰেৰণাদায়ক উদাহৰণ বুলি অভিহিত কৰে।

No comments:
Post a Comment