ৰেডিছন ব্লু গুৱাহাটীত পিতৃ দিৱসৰ বিশেষ আয়োজন, পাৰিবাৰিক বন্ধন উদযাপনৰ বাবে সাজু বিশেষ ভোজন অভিজ্ঞতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 20 June 2026

ৰেডিছন ব্লু গুৱাহাটীত পিতৃ দিৱসৰ বিশেষ আয়োজন, পাৰিবাৰিক বন্ধন উদযাপনৰ বাবে সাজু বিশেষ ভোজন অভিজ্ঞতা


 


W7s news,,গুৱাহাটী, ২০ জুন ২০২৬: পিতৃ, পথপ্ৰদৰ্শক আৰু পিতৃসম ব্যক্তিসকলৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে ৰেডিছন ব্লু গুৱাহাটীয়ে আয়োজন কৰিছে পিতৃ দিৱসৰ এক বিশেষ ভোজন অভিজ্ঞতা। স্মৰণীয় মুহূৰ্ত, ব্যতিক্ৰমী খাদ্য সম্ভাৰ আৰু পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটোৱাৰ সুযোগেৰে সাজু কৰা এই বিশেষ আয়োজনৰ জৰিয়তে পিতৃসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে পাৰিবাৰিক বন্ধন অধিক সুদৃঢ় কৰাৰ এক বিশেষ পৰিৱেশ সৃষ্টি কৰা হৈছে। অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া এই উদযাপনে পৰিয়ালসমূহক একত্ৰিত কৰি কৃতজ্ঞতা, একেলগে সময় কটোৱাৰ আনন্দ আৰু চিৰস্মৰণীয় স্মৃতি সৃষ্টিৰ বাবে উৎসৰ্গিত এক বিশেষ দিন হিচাপে পৰিগণিত হ’ব।


কেফে বি ইউত অতিথিসকলে পিতৃ দিৱস উপলক্ষে সোৱাদ ল’ব পাৰিব বিশেষ ব্ৰাঞ্চৰ। এই বিশেষ আয়োজনত থাকিব বিভিন্ন ধৰণৰ খাদ্যৰে সমৃদ্ধ বাফে, থিমভিত্তিক কেক আৰু পেষ্ট্ৰী, লাইভ খাদ্য প্ৰস্তুতকৰণ ষ্টেচন আৰু লাইভ সংগীত। পৰিয়ালসমূহে যাতে এক উষ্ণ আৰু আনন্দময় পৰিৱেশত এই বিশেষ উপলক্ষ উদযাপন কৰিব পাৰে, সেই উদ্দেশ্যেৰে সাজু কৰা হৈছে এই আয়োজন। বিশেষভাৱে প্ৰস্তুত কৰা এই ব্ৰাঞ্চ আয়োজনত সুস্বাদু খাদ্য সম্ভাৰ আৰু পাৰিবাৰিক মিলনৰ মাজেৰে অতিথিসকলৰ বাবে এক বিশেষ উদযাপনৰ পৰিৱেশ সৃষ্টি কৰা হ’ব।


ইফালে, অধিক বিশেষ সন্ধিয়াৰ উদযাপনৰ অভিজ্ঞতা বিচৰা অতিথিসকলৰ বাবে দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে আয়োজন কৰিব পিতৃ দিৱসৰ বিশেষ ডিনাৰ। এই বিশেষ ডিনাৰত পৰিৱেশন কৰা হ’ব প্ৰতিষ্ঠানটোৰ বিশেষ কাবাব সম্ভাৰ আৰু আগশাৰীৰ ভোজন অভিজ্ঞতা। চিৰস্মৰণীয় স্মৃতি সৃষ্টিৰ লক্ষ্যৰে সাজু কৰা এই ডিনাৰে পৰিয়ালসমূহক প্ৰামাণিক সোৱাদ আৰু পৰম্পৰাগত ৰন্ধনশৈলীৰ সমাহাৰেৰে এক বিশেষ ভোজৰ মাজেৰে তেওঁলোকৰ জীৱনৰ গুৰুত্বপূৰ্ণ পিতৃসম ব্যক্তিসকলৰ সৈতে এই উপলক্ষ উদযাপনৰ সুযোগ আগবঢ়াব।


পিতৃ দিৱসৰ উদযাপন সন্দৰ্ভত ৰেডিছন ব্লু গুৱাহাটীৰ মহাপ্ৰবন্ধক গুৰমীত ৰান্ধৱাই কয়, “পিতৃ দিৱস হৈছে আমাৰ জীৱনত পিতৃ আৰু পিতৃসম ব্যক্তিসকলে আগবঢ়োৱা মৰম, পথপ্ৰদৰ্শন আৰু সহায়ৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ এক বিশেষ উপলক্ষ। সু-পৰিকল্পিত এই বিশেষ ভোজন আয়োজনসমূহৰ জৰিয়তে পৰিয়ালসমূহে যাতে একেলগে মিলিত হৈ গুৰুত্বপূৰ্ণ সম্পৰ্কসমূহ উদযাপন কৰাৰ লগতে বহু বছৰলৈ সাঁচি ৰাখিব পৰা স্মৃতি সৃষ্টি কৰিব পাৰে, তাৰ বাবে আমি এক উপযুক্ত পৰিৱেশ প্ৰদান কৰাৰ চেষ্টা কৰিছোঁ।”


মন কৰিবলগীয়া যে, আতিথ্য, খাদ্যৰ উৎকৃষ্টতা আৰু অতিথিসকলৰ স্মৰণীয় অভিজ্ঞতাক গুৰুত্ব দি মানুহক একত্ৰিত কৰা আৰু জীৱনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহ উদযাপনৰ বাবে বিশেষ উপলক্ষ সৃষ্টি কৰি আহিছে ৰেডিছন ব্লু গুৱাহাটীয়ে।


আসন সংৰক্ষণ আৰু অধিক তথ্যৰ বাবে অতিথিসকলে +৯১ ৮৮১১০ ৯৯৩৯৭ নম্বৰত ৰেডিছন ব্লু গুৱাহাটীৰ সৈতে যোগাযোগ কৰিব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here