**
W7s news,,গুৱাহাটী, ৪ জুন: শিৱসাগৰ জিলাৰ ফুলপানীচিগাস্থিত মাজুমেলীয়া গাঁৱৰ কৃতী শিল্পী ড° বিজুমণি গগৈয়ে প্ৰসাৰ ভাৰতী, দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীৰ পৰা সত্ৰীয়া নৃত্যত বি-হাই গ্ৰেড শিল্পীৰ স্বীকৃতি লাভ কৰিছে। শেহতীয়াকৈ তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদৰ পৰা অধ্যাপক ড° জগদীশ পাটগিৰিৰ তত্ত্বাৱধানত পৰিৱেশ্য কলা বিষয়ত ডক্টৰ অৱ ফিল'ছফি (পি এইচ.ডি.) ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণাৰ বিষয় আছিল “সত্ৰীয়া নৃত্য আৰু কুচিপুড়ি নৃত্যৰ তুলনামূলক অধ্যয়ন”। বৰ্তমান তেওঁ তেজপুৰস্থিত চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয়ত পৰিৱেশ্য কলাৰ প্ৰবক্তা হিচাপে কৰ্মৰত। তেওঁ জাঁজী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ (পি এইচ চি) প্ৰাক্তন স্বাস্থ্যকৰ্মী অজিত গগৈ আৰু জাঁজী শিল্প মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন সহকাৰী শিক্ষয়িত্ৰী নৱজ্যোতি গগৈৰ কনিষ্ঠা কন্যা। ড° গগৈ অসমৰ নাট্য আৰু হস্তশিল্পী মিন্টু বৰাৰ পত্নী।

No comments:
Post a Comment