W7s news,,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন 'জাতীয় মহিলা পৰিষদ'ৰ নলবাৰী জিলা সমিতি গঠনৰ অৰ্থে জীৱন শিল্পী গুৰুজী আদ্য শৰ্মাৰ স্মৃতি বিজড়িত নলবাৰী আৰ্ট স্কুলত বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি এখন সাধাৰণ সভা অনুষ্ঠিত হয়।
নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক মহিলা প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই সভাখনত সভাপতিত্ব কৰে সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি আচিক আহমেদে। সভাত পৰিষদৰ দৃষ্টিভংগী তথা লক্ষ্য-উদ্দেশ্যৰ ওপৰত ভাষণ আগবঢ়ায় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বিশ্বজিৎ বৰুৱাই।
উক্ত সভাতে সৰ্বসন্মতি ক্ৰমে হিমাদ্ৰী ৰাজবংশীক সভানেত্ৰী আৰু গীতুমণি ডেকাক সাধাৰণ সম্পাদিকা হিচাপে দায়িত্ব অৰ্পন কৰি আগন্তক কাৰ্যকালৰ বাবে জাতীয় মহিলা পৰিষদ নলবাৰী জিলা সমিতি খন পুনৰ গঠন কৰা হয়।এই সভাত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক পাৰ্থ প্ৰতিম শৰ্মা, তথ্য আৰু যোগাযোগ সম্পাদক মৃণাল কুমাৰ বৰ্মন, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিৰোদ দাস,জাতীয় মহিলা পৰিষদৰ ৰাজ্যিক সমিতিৰ যুটীয়া সম্পাদিকা দীপিকা লহকৰ আৰু কাৰ্যনিৰ্বাহক টুটুমণি শৰ্মাও উপস্থিত থাকে।

No comments:
Post a Comment