গুৱাহাটীত “মিট্টল হোণ্ডা”ৰ অত্যাধুনিক ৪এছ ডিলাৰশ্বিপ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 17 June 2026

গুৱাহাটীত “মিট্টল হোণ্ডা”ৰ অত্যাধুনিক ৪এছ ডিলাৰশ্বিপ মুকলি






W7s news,,গুৱাহাটী, ১৭ জুন: অটোম’বাইল খণ্ডত উৎকৰ্ষতাৰ ধাৰাবাহিক যাত্ৰাক আৰু অধিক শক্তিশালী কৰি এছ.বি.এম গ্ৰুপ আজি গুৱাহাটীৰ লখৰাত হোণ্ডা মটৰচাইকেল আৰু স্কুটাৰ ইণ্ডিয়া (এইচএমএছআই)-ৰ অনুমোদিত বিক্ৰয় প্ৰতিষ্ঠান “মিট্টল হোণ্ডা”ৰ শুভ উদ্বোধন কৰে। এই বৰ্ণাঢ্য অনুষ্ঠানত বিশিষ্ট অতিথি, উদ্যোগ জগতৰ নেতৃবৃন্দ, গ্ৰাহক আৰু শুভানুধ্যায়ীসকল উপস্থিত থাকে।

অত্যাধুনিক বিক্ৰী, সেৱা, যন্ত্ৰাংশ আৰু সুৰক্ষা (৪এছ) সুবিধা কেন্দ্ৰটোৰ আনুষ্ঠানিক উদ্বোধন কৰে এইচ.এম.এছ.আইৰ আঞ্চলিক প্ৰবন্ধক সচিন ডব্লিউ পাৱাৰ আৰু এছ.বি.এম গোটৰ প্ৰতিষ্ঠাপক মহেন্দ্ৰ কুমাৰ মিত্তল-এ। অনুষ্ঠানত তেওঁলোকৰ সৈতে সুজয় দাস আৰু সোহম মণ্ডল-ও উপস্থিত থাকে।

এই প্ৰতিষ্ঠানটোৰ নেতৃত্ব দিব দুজন উদ্যমী ভাতৃ  বিনীত মিট্টল আৰু লোকেশ মিট্টল-এ। অটোম’বাইল উদ্যোগত ১৫ বছৰতকৈ অধিক অভিজ্ঞতা থকা এই দুয়োজনে ইতিমধ্যে মিট্টল অ’টোজ’ন (মাৰুতি ছুজুকি), মিট্টল আইশাৰ (ভিইচিভি ট্ৰাক আৰু বাছ) আৰু তাজ ৰুফিং-ৰ জৰিয়তে এছবিএম গ্ৰুপক এক বিশ্বাসযোগ্য প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠিত কৰিছে। সেয়েহে দু-চকীয়া বাহন খণ্ডত এই নতুন পদক্ষেপ গোটটোৰ বিকাশ যাত্ৰাৰ এক স্বাভাৱিক আৰু গুৰুত্বপূৰ্ণ অগ্ৰগতি হিচাপে বিবেচিত হৈছে।

আধুনিক সুবিধাসম্পন্ন আৰু গ্ৰাহককেন্দ্ৰিক এই প্ৰতিষ্ঠানত হোণ্ডাৰ জনপ্ৰিয় মটৰচাইকেল আৰু স্কুটাৰৰ এক বিস্তৃত সম্ভাৰ উপলব্ধ থাকিব। ইয়াৰ ভিতৰত এক্টিভা, ডিঅ’, লিভো, শ্বাইন ১০০, শ্বাইন ১২৫, এছপি ১২৫, এছপি ১৬০, ইউনিকৰ্ণ, চিবি ১২৫ হৰ্ণেট, হৰ্ণেট ২.০, আৰু এনএক্স ২০০ আদি উল্লেখযোগ্য।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিনীত মিট্টলএ কয়,“মিট্টল হোণ্ডাৰ উদ্বোধন এছ.বি.এম গ্ৰুপৰ বাবে এক বিশেষ মাইলৰ খুঁটি। হোণ্ডা বিশ্বৰ অন্যতম বিশ্বাসযোগ্য আৰু সমাদৃত দু-চকীয়া বাহন ব্ৰেণ্ড। গুৱাহাটী আৰু সমগ্ৰ অসমৰ গ্ৰাহকসকলৰ ওচৰলৈ হোণ্ডাৰ উৎকৃষ্ট সামগ্ৰী আৰু সেৱা আগবঢ়াবলৈ পাই আমি অত্যন্ত আনন্দিত। বিশ্বমানৰ বিক্ৰী আৰু বিক্ৰীৰ পিছৰ সেৱাৰ জৰিয়তে গ্ৰাহকসকলক এক উৎকৃষ্ট মালিকানাৰ অভিজ্ঞতা প্ৰদান কৰাই আমাৰ মূল লক্ষ্য।” লোকেশ মিট্টলএ কয়,“এই সুবিধা কেন্দ্ৰটো গ্ৰাহকসকলক সৰ্বোচ্চ মানদণ্ডৰ সুবিধা, স্বচ্ছতা আৰু উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে। হোণ্ডাৰ গ্ৰাহকসকলৰ সৈতে দীৰ্ঘস্থায়ী সম্পৰ্ক গঢ়ি তোলা  লগতে অঞ্চলটোৰ দু-চকীয়া বাহন বজাৰৰ বিকাশত অৰিহণা যোগাবলৈ আমি আগ্ৰহী।”

ডিলাৰশ্বিপৰ সমগ্ৰ দলটোক অভিনন্দন জনাই সচিন ডব্লিউ পাৱাৰ-এ বিশ্বাস প্ৰকাশ কৰে যে মিট্টল হোণ্ডাই গ্ৰাহক সন্তুষ্টিৰ ক্ষেত্ৰত নতুন মানদণ্ড স্থাপন কৰাৰ লগতে অসমত হোণ্ডাৰ উপস্থিতিক আৰু অধিক শক্তিশালী কৰিব।

অত্যাধুনিক আন্তঃগাঁথনি, প্ৰশিক্ষিত কাৰিকৰী কৰ্মী, খাঁটি যন্ত্ৰাংশৰ সহজলভ্যতা আৰু “গ্ৰাহক প্ৰথম” নীতিৰ জৰিয়তে মিট্টল হোণ্ডা অঞ্চলটোৰ দু-চকীয়া বাহনপ্ৰেমীসকলৰ বাবে এক পছন্দৰ গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here