জুবিন গাৰ্গৰ আদৰ্শৰে গেলেক্সী চিমেণ্টৰ মানৱতাৰ অভিযান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 13 June 2026

জুবিন গাৰ্গৰ আদৰ্শৰে গেলেক্সী চিমেণ্টৰ মানৱতাৰ অভিযান


 

“ঘৰ-জেউতি” আঁচনিৰ অধীনত নিৰ্মিত প্ৰথম গৃহৰ উদ্বোধন


W7s news,,গুৱাহাটী, ১৩ জুন: অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ  সপোন আৰু মানৱতাৰ বাণীক সন্মান জনাই উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ চিমেণ্ট উৎপাদনকাৰী প্ৰতিষ্ঠান গেলেক্সী চিমেণ্টে ইয়াৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) কাৰ্যসূচী “ঘৰ-জেউতি”ৰ অধীনত নিৰ্মিত প্ৰথমটো গৃহ যোৰহাটত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

উল্লেখ্য যে, শেহতীয়াকৈ

অনুষ্ঠিত কোম্পানীৰ বাৰ্ষিক ডিলাৰ মিটত পৰিচালন সঞ্চালক ঈশান মোডীয়ে “ঘৰ-জেউতি” আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। আঁচনিখন উদ্বোধন কৰি তেখেতে আৰ্থিকভাৱে দুৰ্দশাগ্ৰস্ত আৰু নিৰাশ্ৰয় পৰিয়ালসমূহক গৃহ নিৰ্মাণ কৰি প্ৰদান কৰাৰ কোম্পানীৰ লক্ষ্য আৰু দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰিছিল, যাতে তেওঁলোকে অধিক মৰ্যাদাপূৰ্ণ আৰু সুৰক্ষিত জীৱন যাপন কৰিব পাৰে।

এই আঁচনিৰ অংশ হিচাপে জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিট্টুৰ সহযোগত যোৰহাটৰ জে.বি. ৰোডৰ মাছৰহাট বৰনামঘৰৰ সমীপত বাস কৰা ব’হাগী ৰয় নামৰ এগৰাকী মহিলালৈ দুটা কোঠাযুক্ত এটা পকী গৃহ নিৰ্মাণ কৰি প্ৰদান কৰা হয়।

এই উপলক্ষে আয়োজিত বিশেষ উদ্বোধনী অনুষ্ঠানত গেলেক্সী চিমেণ্টৰ জেনেৰেল মেনেজাৰ নিপু হালৈয়ে ফিটা কাটি গৃহটোৰ আনুষ্ঠানিক উদ্বোধন কৰে। মিষ্টাৰ বিট্টুৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটিত কোম্পানীৰ উজনি অসমৰ ডেপুটি মেনেজাৰ দেৱজিৎ গোস্বামী, মুখ্য বিতৰক অমৃত বাউৰী আৰু জীৱ বৰা, গোলাঘাটৰ ব্যৱসায়ীক সহযোগী  সম্ৰাট শৰ্মা, বিজিত বৰা, কোম্পানীৰ যোৰহাটৰ সহঃ ছেলছ মেনেজাৰ ৰাজুমণি বেজবৰুৱা, কাৰিকৰী বিশেষজ্ঞ কিশোৰ বৰা, বিশিষ্ট লেখিকা ৰীতাঞ্জলি দত্তকে ধৰি স্থানীয় অৰ্ধশতাধিক ব্যক্তি উপস্থিত থাকে।

উপস্থিত সকলো ব্যক্তিয়ে এই মহৎ পদক্ষেপৰ শলাগ লোৱাৰ লগতে সমাজকল্যাণৰ ক্ষেত্ৰত গেলেক্সী চিমেণ্টে আগবঢ়োৱা এই প্ৰশংসনীয় উদ্যোগক আন্তৰিকভাৱে আদৰণি জনায়। এক দুৰ্দশাগ্ৰস্ত পৰিয়ালক আশ্ৰয় আৰু নিৰাপত্তা প্ৰদান কৰাৰ বাবে কোম্পানীটোক ধন্যবাদ জ্ঞাপন কৰে।

জুবিন গাৰ্গৰ প্ৰতি উৎসৰ্গিত এই আঁচনিখনৰ মূল লক্ষ্য হৈছে সুবিধাবঞ্চিত আৰু নিৰাশ্ৰয় পৰিয়ালসমূহৰ জীৱনত আশাৰ পোহৰ জ্বলোৱা। “ঘৰ-জেউতি” আঁচনিৰ অধীনত প্ৰথম গৃহটোৰ সফল সম্পূৰ্ণতা অঞ্চলটোৰ সুবিধাবঞ্চিত পৰিয়ালসমূহৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ গেলেক্সী চিমেণ্টে গ্ৰহণ কৰা এক বৃহৎ সামাজিক প্ৰচেষ্টাৰ শুভাৰম্ভ হিচাপে বিবেচিত হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here