W7s news,নতুন দিল্লী,,, মে ৭, ২০২৬: WhatsAppএ আজি ভাৰতত WhatsAppত ‘Business AI’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যাৰ জৰিয়তে WhatsApp Business এপ্টোত পোনে পোনে এআই-চালিত গ্ৰাহক সেৱা প্ৰদান কৰা হ’ব। ভাৰতৰ সকলো স্থানীয় ভাষাতে উপলব্ধ এই সুবিধাটোৰ জৰিয়তে উপযুক্ত ব্যৱসায়সমূহে কোনো অতিৰিক্ত টুল বা প্লেটফ’ৰ্মৰ প্ৰয়োজন নোহোৱাকৈ গ্ৰাহকৰ প্ৰশ্নৰ উত্তৰ ২৪ ঘণ্টাই দিয়া, লিড সংগ্ৰহ কৰা, এপইণ্টমেণ্ট বুক কৰা আৰু বিক্ৰী বৃদ্ধি কৰিব পাৰিব।
WhatsAppত Business AI ব্যৱসায়ৰ নিজা তথ্যৰ ওপৰত ভিত্তি কৰি কাষ্টমাইজ কৰিব পাৰি, যিয়ে সঘনাই সোধা প্ৰশ্নবোৰৰ স্বয়ংক্ৰিয় উত্তৰ দিবলৈ আৰু প্ৰ’ডাক্ট তথা সেৱা, মূল্য, ৰেহাই, ছিপিং আৰু অন্যান্য সম্পৰ্কীয় প্ৰশ্নৰ ক্ষেত্ৰত গ্ৰাহকক সহায় কৰিবলৈ সক্ষম কৰে। অতি সোনকালে ইয়াৰ জৰিয়তে WhatsApp চাটৰ ভিতৰতে পোনপটীয়াকৈ UPI ব্যৱহাৰ কৰি ধন পৰিশোধৰ সুবিধাও উপলব্ধ হ’ব। যেতিয়া কোনো জটিল প্ৰশ্ন বা বিশেষ প্ৰয়োজনৰ সৃষ্টি হ’ব, তেতিয়া ব্যৱসায়ৰ মালিকে AI এজেণ্টৰ পৰা কথোপকথনটো নিজৰ হাতলৈ নিব পাৰিব। অনাগত সপ্তাহবোৰত সকলো উপযুক্ত ব্যৱসায়ৰ বাবে WhatsApp Business এপ্টোত Business AI উপলব্ধ হ’ব।
কাণ্টাৰৰ এক অধ্যয়ন (2025) অনুসৰি, ভাৰতৰ 91% অনলাইন প্ৰাপ্তবয়স্ক লোকে প্ৰতি সপ্তাহত কোনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে চাট কৰে, যিয়ে মেচেজিং সেৱাক ভাৰতীয়সকলৰ বাবে ব্যৱসায়ৰ সৈতে যোগাযোগ কৰাৰ এক পছন্দৰ মাধ্যম হিচাপে গঢ়ি তুলিছে। ব্যৱসায় আৰু তেওঁলোকৰ গ্ৰাহকৰ মাজৰ এই সংযোগৰ ক্ষেত্ৰত WhatsApp কেন্দ্ৰবিন্দু হৈ পৰিছে। WhatsAppত Business AIএ ক্ষুদ্ৰ ব্যৱসায়িক মালিকসকলক দিনটোৰ যিকোনো সময়তে গ্ৰাহকৰ বাবে উপলব্ধ হোৱা, দ্ৰুত সঁহাৰি জনোৱা আৰু প্ৰতিযোগিতামূলক হৈ থকাৰ বাবে প্ৰয়োজনীয় টুলসমূহ প্ৰদান কৰে।
Business AIৰ মুকলি সন্দৰ্ভত Meta Indiaৰ ডাইৰেক্টৰ অফ বিজনেছ মেছেজিং ৰবি গাৰ্গে কয়—, “ক্ষুদ্ৰ ব্যৱসায়সমূহ ভাৰতৰ অৰ্থনীতিৰ মেৰুদণ্ড আৰু আমি তেওঁলোকৰ বাবে প্ৰতিটো গ্ৰাহকৰ কথোপকথনৰ গুৰুত্ব গভীৰভাৱে বুজি পাওঁ। বিগত বছৰবোৰত আমি ধাৰাবাহিকভাৱে শুনিবলৈ পাইছোঁ যে সীমিত সংসাধনৰ সহায়ত বৃহৎ পৰিমাণৰ গ্ৰাহকৰ প্ৰশ্ন পৰিচালনা কৰাটো ক্ষুদ্ৰ ব্যৱসায়সমূহৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে। এইক্ষেত্ৰতে আমি বিশ্বাস কৰোঁ যে AI তেওঁলোকৰ বাবে এক গেম-চেঞ্জাৰ হ’ব পাৰে। WhatsAppত Business AI মুকলি কৰাৰ জৰিয়তে আমি এতিয়া সেই শক্তি ক্ষুদ্ৰ ব্যৱসায়সমূহৰ হাতত অৰ্পণ কৰিছোঁ — যাৰ ফলত তেওঁলোকে ব্যৱসায়িক সময়ৰ বাহিৰতো গ্ৰাহকৰ কোনো প্ৰশ্ন মিছ নকৰে বা ব্যস্ততাৰ সময়তো পিছ পৰি নাথাকে।”
সমগ্ৰ ভাৰতৰ যিবোৰ ক্ষুদ্ৰ ব্যৱসায়ে WhatsApp Business এপত Business AI একত্ৰিত কৰিছে, তেওঁলোকে ইতিমধ্যে গ্ৰাহকৰ সৈতে সংযোগ স্থাপন আৰু বিকাশৰ ক্ষেত্ৰত Business AI ৰ প্ৰভাৱ দেখিবলৈ পাইছে।
Soil Concept নামৰ 100% উদ্ভিদ-ভিত্তিক ব্যক্তিগত যত্নৰ ব্ৰেণ্ডটোৱে ব্যৱসায়িক সময়ৰ বাহিৰত অহা গ্ৰাহকৰ প্ৰশ্নবোৰৰ বাবে সম্ভাৱ্য গ্ৰাহক হেৰুৱাবলগীয়া হৈছিল। আনহাতে, ব্যক্তিগতকৃত উপহাৰৰ সামগ্ৰী প্ৰস্তুত কৰা প্ৰতিষ্ঠান The Purple Sunsetএ ব্যৱসায়ৰ অন্যান্য কামৰ লগতে দৈনিক 60-70 টা গ্ৰাহকৰ প্ৰশ্ন পৰিচালনা কৰিবলৈ অসুবিধা পাইছিল। এই দুয়োটা ব্যৱসায়েই নিৰ্বাচিত ব্যৱসায়সমূহৰ অংশ আছিল।
Soil Conceptৰ সহ-প্ৰতিষ্ঠাপক তুবা চিদ্দিকীয়ে কয়, "আমি নিশা পলমকৈ অহা লিডবোৰ হেৰুৱাইছিলোঁ, কিন্তু এতিয়া 24/7 সাৰ্বক্ষণিক সমৰ্থনৰ ফলত আমাৰ কনভাৰ্ছন ৰেট 80-90% লৈ বৃদ্ধি পাইছে। WhatsAppত Business AI ছেটআপ কৰাটো অতি সহজ আছিল কোনো ক’ডিং বা জটিল থাৰ্ড পাৰ্টি ছফ্টৱেৰৰ প্ৰয়োজন হোৱা নাছিল। মই কেৱল আমাৰ প্ৰ’ডাক্ট কেটেলগ আৰু নথিপত্ৰসমূহ আপল’ড কৰিছিলোঁ আৰু AI য়ে মোৰ ব্যৱসায়ৰ সবিশেষ আৰু ধৰণ শিকি লৈছিল। ই আমাৰ গ্ৰাহকৰ সংখ্যা 15,000 তকৈ অধিক কৰাত আৰু ব্যৱসায় পৰিচালনাত এক গেম-চেঞ্জাৰ হিচাপে প্ৰমাণিত হৈছে।"
The Purple Sunsetৰ প্ৰতিষ্ঠাপক গুণভীন কৌৰে কয়, "মোৰ আচৰিত হোৱাকৈ এইটো অতি সহজ প্ৰক্ৰিয়া আছিল মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে Business AIয়ে মোৰ ব্যৱসায়ৰ বিষয়ে সকলো শিকি লৈছিল আৰু মোৰ হৈ গ্ৰাহকক ঠিক মই দিয়াৰ দৰেই উত্তৰ দিবলৈ সক্ষম হৈছিল। ই মোক AI ৰ জৰিয়তে প্ৰতিদিনে পোনপটীয়াকৈ 6-7 টা অৰ্ডাৰ লাভ কৰাত সহায় কৰিছে আৰু মই বিক্ৰীত 40% বৃদ্ধি দেখিছোঁ, যিটো ভৱিষ্যতে আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।"
এই সময়ত, ভাৰতীয় ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়সমূহে Business AIৰ বাবে উপযুক্ত হ’বলৈ আৰু WhatsApp Business এপটো ব্যৱহাৰ কৰিবলৈ কিছুমান নিৰ্দিষ্ট চৰ্ত পূৰণ কৰিব লাগিব। WhatsAppত Business AIৰ বিষয়ে অধিক জানিবলৈ আৰু আৰম্ভ কৰিবলৈ, ব্যৱসায়সমূহে https://www.facebook.com/business/ai/business-ai/whatsapp ভ্ৰমণ কৰিব পাৰিব।
Business AI কেনেকৈ ব্যৱহাৰ আৰু ছেটআপ কৰিব
WhatsApp Business এপ ব্যৱহাৰ কৰা উপযুক্ত ব্যৱসায়সমূহে Tools টেবত গৈ আৰু ‘Your Business AI’ নিৰ্বাচন কৰি আৰম্ভ কৰিব পাৰিব, য’ত তেওঁলোকে এই সুবিধাটো ছেটআপ কৰিবলৈ কেইটামান নিৰ্দেশিত পদক্ষেপ অনুসৰণ কৰিব পাৰিব।
এবাৰ সক্ষম কৰাৰ পিছত, WhatsAppত Business AIএ প্ৰশ্নৰ উত্তৰ দি, প্ৰ’ডাক্টৰ পৰামৰ্শ দি, ব্যৱসায়ে তেওঁলোকৰ প্ৰ’ফাইল আৰু কেটেলগত ইতিমধ্যে যোগ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি গুৰুত্বপূৰ্ণ ব্যৱসায়িক তথ্য শ্বেয়াৰ কৰি আৰু বিক্ৰী সম্পন্ন কৰাত সহায় কৰি গ্ৰাহকৰ কথোপকথনত লগে লগে সহায় কৰিব পাৰিব।
ব্যৱসায়সমূহ সকলো সময়তে নিয়ন্ত্ৰণত থাকিব — তেওঁলোকে প্ৰয়োজন অনুসৰি যিকোনো সময়তে গ্ৰাহকক পোনপটীয়াকৈ উত্তৰ দিবলৈ অংশগ্ৰহণ কৰিব পাৰিব, WhatsAppত Business AIএ কেনেকৈ কাম কৰে সেইটো সালসলনি কৰিব পাৰিব অথবা এই সুবিধাটো সম্পূৰ্ণৰূপে অক্ষম কৰিব পাৰিব। আপোনাৰ Business AI কেনেকৈ ছেটআপ কৰিব লাগে সেই বিষয়ে অধিক তথ্যৰ বাবে Help Center চাওক।

No comments:
Post a Comment