Maaza®ৰ 50 বছৰ: আমৰ প্ৰতি ভাৰতীয়ৰ চিৰন্তন প্ৰেমক বটলত বন্দী কৰাৰ এক যাত্ৰা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 21 May 2026

Maaza®ৰ 50 বছৰ: আমৰ প্ৰতি ভাৰতীয়ৰ চিৰন্তন প্ৰেমক বটলত বন্দী কৰাৰ এক যাত্ৰা



W7s news,,ৰাষ্ট্ৰীয়,,মে২১, ২০২৬: Coca-Cola Indiaই ভাৰতবাসীক আমৰ সোৱাদ দিয়া Maaza®ৰ 50 বছৰীয়া যাত্ৰা উদযাপন কৰিছে। 1976 চনত মুকলি হোৱাৰ পৰাই Maaza®ই আমৰ প্ৰতি ভাৰতীয়ৰ থকা প্ৰেমৰ সৈতে নিজক গভীৰভাৱে সাঙুৰি লৈছে আৰু উৎকৃষ্ট সোৱাদ, শৈশৱৰ হেঁপাহ তথা সম্পূৰ্ণ ভাৰতীয় অনুভৱ প্ৰদান কৰা মুহূৰ্তসমূহৰ এক শক্তিশালী ঐতিহ্য গঢ়ি তুলিছে।


পাঁচটা দশক ধৰি গ্ৰীষ্মকালৰ দুপৰীয়া আৰু পাৰিবাৰিক মেল-মীটিঙৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনৰ সৰু সৰু উদযাপনলৈকে Maaza® সকলো প্ৰজন্মৰ বাবে এক চিনাকি নাম হৈ বৰ্তি আছে। সময়ৰ লগে লগে এই ব্ৰেণ্ডটো কেৱল এবিধ পানীয় হৈ থকাৰ পৰিবৰ্তে ঘৰতে উৎপাদিত আমৰ এক স্বকীয় সোৱাদৰ সমাৰ্থক হৈ পৰিছে, যিয়ে আজিও এক আৰামদায়ক আৰু চিৰস্মৰণীয় অনুভৱ প্ৰদান কৰি আহিছে।


যিহেতু Maaza®ই এই ঐতিহাসিক বৰ্ষটো অতিক্ৰম কৰিছে, ইয়াৰ উদযাপন কেৱল এই ব্ৰেণ্ডটোৰ যাত্ৰাতে সীমাবদ্ধ থকা নাই। এই 50 বছৰীয়া ঐতিহ্য হৈছে বিগত বৰ্ষবোৰত Maaza®ক গঢ়ি তোলা এক বৃহৎ পৰিস্থিতিতন্ত্ৰৰ প্ৰতি জনোৱা এক শ্ৰদ্ধাঞ্জলি, য’ত সাঙুৰি লোৱা হৈছে ভাৰতীয় পামসমূহৰ ফল-মূল, এই ব্ৰেণ্ডটোক নিজৰ জীৱনৰ অংশ কৰি লোৱা গ্ৰাহকসকল, আৰু প্ৰতিটো শোহনৰ আঁৰত থকা অজস্ৰ হাতক।

কোকা কোলা ইণ্ডিয়া আৰু দক্ষিণ-পশ্চিম এছিয়াৰ মাৰ্কেটিং-নিউট্ৰিচন শাখাৰ জ্যেষ্ঠ নিৰ্দেশক সুনায়নীকা সিঙে কয়, " Maaza®ই আধা শতিকা ধৰি ভাৰতীয়সকলৰ জীৱন, আলমাৰীৰ ডলা আৰু স্মৃতিত এক সুকীয়া স্থান অৰ্জন কৰি আহিছে। গ্ৰীষ্মকালৰ বন্ধৰ দিন আৰু পাৰিবাৰিক মেল-মিটিঙতেই হওক, দেওবাৰৰ দুপৰীয়াৰ আহাৰৰ পাছৰ মিঠাইৰ ৰূপতেই হওক বা উৎসৱৰ পৰিৱেশনতেই হওক, অথবা কেমেৰাত বন্দী কৰিব নোৱাৰা কিন্তু পাহৰিবও নোৱাৰা অতি সৰু সৰু সুন্দৰ মুহূৰ্তবোৰতেই হওক, Maaza® সদায় সংগী হৈ আহিছে। যিটো কথাই Maaza®ক অসাধাৰণ কৰি তুলিছে সেয়া হৈছে ই প্ৰতিটো দশকত সম্পূৰ্ণৰূপে নিজৰ স্বকীয়তা বজাই ৰাখিছে: এক খাঁটি, তৃপ্তিদায়ক আৰু এটা আচল আমৰ সোৱাদ লোৱাৰ আটাইতকৈ ওচৰৰ এক অনুভৱ। এই বিশ্বাস বিগত 50 বছৰ ধৰি গঢ়ি উঠিছে, আৰু অনাগত 50 বছৰৰ যাত্ৰাৰ বাবে আমাৰ একমাত্ৰ ভেটি হৈছে এইটোৱেই।."


ঘৰুৱাভাৱে জনপ্ৰিয় কৰি তোলা সোৱাদ আৰু অনুভৱক অটুট ৰাখিও Maaza®ই পৰিৱৰ্তিত সময়ৰ লগে লগে নিজৰ বিকাশ সাধন কৰি আহিছে। ‘তাজা মেংগো, মাংগো Maaza®’ (Taaza Mango, Maaza® Mango)ৰ দৰে প্ৰখ্যাত বিজ্ঞাপনৰ পৰা আৰম্ভ কৰি সংস্কৃতিৰ সৈতে মিলি যোৱা ‘Maaza® হো যায়’ (Maaza® Ho Jaaye)ৰ দৰে বিজ্ঞাপনলৈকে, এই ব্ৰেণ্ডটোৱে আমৰ প্ৰতি গ্ৰাহকৰ চিৰন্তন প্ৰেম আৰু দৈনন্দিন জীৱনক গঢ় দিয়া অতি ব্যক্তিগত সৰু সৰু মুহূৰ্তসমূহক সদায় প্ৰাধান্য দি আহিছে, যাৰ ফলত আম আৰু Maaza®ৰ সৈতে মানুহৰ থকা আৱেগিক সম্পৰ্কটো অধিক দৃঢ় হৈ পৰিছে।


Ogilvy Indiaৰ চিফ ক্ৰিয়েটিভ অফিচাৰ সুকেশ নায়কে কয় " Maaza®ই সদায় আমৰ আনন্দক প্ৰতিনিধিত্ব কৰি আহিছে কেৱল এবিধ ফলৰ পানীয় হিচাপেই নহয়, বৰঞ্চ এনে এক অনুভৱ হিচাপে যাৰ সৈতে মানুহ ডাঙৰ-দীঘল হয়। আমি 50 বছৰীয়া যাত্ৰা অতিক্ৰম কৰাৰ এই ক্ষণত, সেই আৱেগ আৰু প্ৰতিটো শোহনতে ইয়াক সজীৱ কৰি তোলা সকলো উপাদানক উদযাপন কৰাটোৱেই হৈছে আমাৰ লক্ষ্য।"


বিজ্ঞাপনসমূহৰ বাহিৰেও, আমৰ সৈতে Maaza®ৰ সম্পৰ্ক প্ৰতিটো বটলৰ আঁৰত থকা ফলৰ বাগান আৰু কৃষক সমাজৰ পৰাই আৰম্ভ হয়। কোকা কোলা ইণ্ডিয়াৰ প্ৰজেক্ট উন্নতিৰ জৰিয়তে কোম্পানীটোৱে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ফলমূল উৎপাদনকাৰী কৃষকসকলৰ সৈতে অংশীদাৰিত্ব কৰিছে। ইয়াৰ অধীনত আল্ট্ৰা-হাই-ডেনচিটি প্লেণ্টেচন আৰু টোপাল জলসিঞ্চন ব্যৱস্থাকে ধৰি এক বহনক্ষম কৃষি পদ্ধতিৰ সূচনা কৰা হৈছে, যাৰ ফলত এক দীৰ্ঘম্যাদী ‘বাগানৰ পৰা গিলাচলৈ’ দৃষ্টিভংগীৰ জৰিয়তে ফলৰ গুণগত মান উন্নত কৰা, উৎপাদন বৃদ্ধি কৰা আৰু ভাৰতৰ আম উৎপাদনকাৰী পৰিস্থিতিতন্ত্ৰক শক্তিশালী কৰি তোলাত সহায় হৈছে।


যিহেতু Maaza®ই ইয়াৰ দ্বিতীয় অৰ্ধশতকত ভৰি দিছে, ব্ৰেণ্ডটোৱে যোৱা পাঁচটা দশকে ইয়াৰ যাত্ৰাক সংজ্ঞায়িত কৰা আনন্দ, চিনাকি অনুভৱ আৰু তৃপ্তিক জীয়াই ৰাখিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। গোটেই বছৰটোত Maaza®ই ব্ৰেণ্ডটোৰ মূল পৰিচয়ক অটুট ৰাখি সংস্কৃতি আৰু দৈনন্দিন জীৱনৰ সৈতে জড়িত বিভিন্ন কাহিনী, অভিজ্ঞতা আৰু মুহূৰ্তৰ জৰিয়তে আমৰ এই যাত্ৰাক উদযাপন কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here