W7s news,,হাফলং, ২৩ মে’, ২০২৬: উৎসাহ, সক্ৰিয় অংশগ্ৰহণ আৰু সৃষ্টিশীলতাৰ পৰিৱেশৰ মাজত আজি হাফলঙত সামৰণি পৰে ট্ৰিভিয়া ফেষ্ট ২০২৬-ৰ চতুৰ্থ সংস্কৰণ। এই আয়োজনত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু যুৱসমাজৰ প্ৰাণৱন্ত উপস্থিতিয়ে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰে।
হেল্প ছ’চাইটিৰ উদ্যোগত আয়োজিত তিনিদিনীয়া এই অনুষ্ঠানত অন্তৰ্ভুক্ত আছিল একাধিক সাহিত্যভিত্তিক প্ৰতিযোগিতা, অন্তৰংগ বাৰ্তালাপ আৰু আলোচনাচক্ৰ, সাংস্কৃতিক কাৰ্যসূচী তথা যুৱপ্ৰজন্মক কেন্দ্ৰ কৰি যুগুত কৰা বিভিন্ন কাৰ্যক্ৰম। জ্ঞানৰ বিনিময়, নতুন চিন্তাৰ আদান-প্ৰদান আৰু সামগ্ৰিক বিকাশক উৎসাহিত কৰাই আছিল এই সমগ্ৰ আয়োজনৰ মূল উদ্দেশ্য।
উল্লেখ্য যে, বিবেকানন্দ বিদ্যালয় হাইস্কুলকে ধৰি একাধিক স্থানত আয়োজিত এই উৎসৱত শিক্ষামূলক কাৰ্যসূচীৰ লগতে সামাজিক দায়বদ্ধতা আৰু পৰিৱেশ সচেতনতাৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। এই উৎসৱত এই বৰ্ষৰ অন্যতম বৃহৎ আকৰ্ষণ আছিল ই-বৰ্জ্য (ই-ৱেষ্ট) সংগ্ৰহ আৰু সজাগতা অভিযানৰ সংযোজন। এই পদক্ষেপৰ জৰিয়তে অংশগ্ৰহণকাৰী তথা উপস্থিত ৰাইজক দায়িত্বশীলভাৱে পুনৰ্ব্যৱহাৰ আৰু সঠিক নিষ্কাষণৰ বাবে অব্যৱহাৰ্য ইলেক্ট্ৰনিক সামগ্ৰী লৈ আহিবলৈ উৎসাহিত কৰা হয়।
লক্ষ্যণীয় যে, আৱৰ্জনা পুনৰাবৰ্তন প্ৰতিষ্ঠান ‘বিনবেগ’ৰ সহযোগত উৎসৱস্থলীত পৰিৱেশ অনুকূল আৰু ই-বৰ্জ্য সজাগতাৰ এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই বিশেষ পদক্ষেপৰ মূল উদ্দেশ্য আছিল যুৱ অংশগ্ৰহণকাৰী তথা উপস্থিত জনসাধাৰণক ইলেক্ট্ৰনিক বৰ্জ্য ব্যৱস্থাপনাৰ বিষয়ে সজাগ কৰা আৰু নিয়মীয়াভাৱে এনে আৱৰ্জনা সঠিক ঠাইত পেলোৱাৰ অভ্যাস গঢ়ি তোলা। উদ্যোক্তাসকলৰ মতে, এই পদক্ষেপে জনসাধাৰণৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। এই বৃহৎ সজাগতা অভিযানৰ অংশ হিচাপে বহুতো অংশগ্ৰহণকাৰীয়ে উৎসৱ চলি থকাৰ সময়তে নিজৰ ঘৰৰ অব্যৱহাৰ্য ইলেক্ট্ৰনিক সামগ্ৰীসমূহ আনি জমা দিয়ে।
আৱৰ্জনা পুনৰাবৰ্তন প্ৰতিষ্ঠান ‘বিনবেগ’ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া অচিত্ৰ বৰগোহাঁইয়ে এই পদক্ষেপ সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰি কয় যে যুৱপ্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণেৰে পৰিচালিত এনে সামাজিক পদক্ষেপে পৰিৱেশ সজাগতা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
অচিত্ৰ বৰগোহাঁইয়ে কয়, “ই-বৰ্জ্য ব্যৱস্থাপনা আৰু বহনক্ষম উন্নয়নৰ বাবে সৰ্বসাধাৰণৰ সজাগতা আৰু অংশগ্ৰহণ অতি প্ৰয়োজনীয়। বিশেষকৈ যুৱসমাজৰ ভূমিকা ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ। ২০১৪ চনৰে পৰা আমি আৱৰ্জনাৰ পুনৰাবৰ্তন তথা বৰ্জ্য ব্যৱস্থাপনাৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে কাম কৰি আহিছোঁ। অব্যৱহাৰ্য ইলেক্ট্ৰনিক সামগ্ৰীসমূহক পুনৰ ব্যৱহাৰোপযোগী সম্পদলৈ ৰূপান্তৰ কৰাই হৈছে আমাৰ মূল লক্ষ্য।”
তেওঁ লগতে কয়, “ট্ৰিভিয়া ফেষ্টৰ দৰে অনুষ্ঠানে জনসাধাৰণক পৰিৱেশ সম্পৰ্কীয় দায়বদ্ধতাৰ সৈতে এক অৰ্থবহ আৰু আকৰ্ষণীয় ৰূপত জড়িত কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ সৃষ্টি কৰে।” উল্লেখযোগ্য যে, পৰিৱেশৰ ওপৰত পৰা ক্ষতিকৰ প্ৰভাৱ হ্ৰাস কৰাৰ লক্ষ্যৰে দায়িত্বশীল পুনৰাবৰ্তন, পুনৰ্ব্যৱহাৰ আৰু বহনক্ষম বৰ্জ্য ব্যৱস্থাপনা পদ্ধতিক উৎসাহিত কৰিবলৈ বিনবেগে বিভিন্ন উদ্যোগ খণ্ডৰ ব্যৱসায়িক প্ৰতিষ্ঠান তথা সংস্থাসমূহৰ সৈতে যৌথভাৱে কাম কৰি আহিছে।
ট্ৰিভিয়া ফেষ্ট ২০২৬-ৰ উদ্যোক্তাসকলে জনোৱা মতে, বহনক্ষম উন্নয়নক গুৰুত্ব দি অন্তৰ্ভুক্ত কৰা বিভিন্ন কাৰ্যসূচীয়ে এই বৰ্ষৰ উৎসৱটিত এক নতুন মাত্ৰা প্ৰদান কৰে। ইয়াৰ সমান্তৰালভাৱে পৰিৱেশ, আৱৰ্জনাৰ পুনৰাবৰ্তন আৰু দায়িত্বশীল জীৱনশৈলীক লৈ যুৱপ্ৰজন্মৰ মাজত বৃদ্ধি পোৱা সজাগতাৰ দিশটোও এই পদক্ষেপে স্পষ্টকৈ দাঙি ধৰে।

No comments:
Post a Comment