গ্ৰাহকৰ ভৰসা ৰক্ষাৰ দিশত আন এক দৃঢ় পদক্ষেপ; পলিচি ধাৰকৰ বাবে ২০৫ কোটি টকাৰ বোনাচ ঘোষণা ভাৰতী এক্সা লাইফৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 26 May 2026

গ্ৰাহকৰ ভৰসা ৰক্ষাৰ দিশত আন এক দৃঢ় পদক্ষেপ; পলিচি ধাৰকৰ বাবে ২০৫ কোটি টকাৰ বোনাচ ঘোষণা ভাৰতী এক্সা লাইফৰ

 

W7s newsগুৱাহাটী, ২৬ মে’, ২০২৬: ভাৰতৰ অন্যতম শীৰ্ষ ব্যক্তিগত খণ্ডৰ জীৱন বীমা প্ৰতিষ্ঠান ভাৰতী এক্সা লাইফ ইঞ্চুৰেন্সে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ঘোষণা কৰিছে সৰ্বমুঠ ২০৫ কোটি টকাৰ বোনাচ। এই বোনাচৰ ভিতৰত অন্তৰ্ভুক্ত আছে ১৪৫ কোটি টকাৰ ৰিভিজনাৰী বোনাচ (আৰবি), ২০ কোটি টকাৰ টাৰ্মিনেল বোনাচ আৰু ৪০ কোটি টকাৰ কেচ বোনাচ। উল্লেখ্য যে, প্ৰতিষ্ঠানটোৰ এই পদক্ষেপৰ দ্বাৰা লাভাম্বিত হ’ব অংশগ্ৰহণমূলক বা ‘উইথ-প্ৰফিট’ আঁচনিত বিনিয়োগ কৰা প্ৰায় ২ লাখ পলিচিধাৰক। গ্ৰাহকসকলক ধাৰাবাহিকভাৱে


মূল্যভিত্তিক সুবিধা আৰু নিৰ্ভৰযোগ্য সেৱা আগবঢ়োৱাৰ সংকল্পক অধিক শক্তিশালী কৰাৰ দিশত জীৱন বীমা প্ৰতিষ্ঠানটোৰ এই সিদ্ধান্ত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।


মন কৰিবলগীয়া যে, ৩১ মাৰ্চ, ২০২৬ পৰ্যন্ত সক্ৰিয় হৈ থকা পুৰণি অংশগ্ৰহণমূলক পলিচিৰ গ্ৰাহকসকল এই বোনাচ লাভৰ বাবে যোগ্য বিবেচিত হ’ব। ভাৰতী এক্সা লাইফৰ সুপৰিকল্পিত বিত্তীয় ব্যৱস্থাপনাৰ লগতে পলিচিধাৰকসকলৰ দীৰ্ঘম্যাদী বিত্তীয় সুৰক্ষা আৰু সম্পদ গঠনৰ প্ৰতি থকা দৃঢ় সংকল্পকে এই ঘোষণাই স্পষ্টভাৱে প্ৰতিপন্ন কৰিছে।


ভাৰতী এক্সা  লাইফৰ অংশগ্ৰহণমূলক আঁচনিৰ বিস্তৃত তালিকাত অন্তৰ্ভুক্ত আছে ভাৰতী এক্সা লাইফ সমৃদ্ধি, মাহেকীয়া আয় আঁচনি+, শিশু কল্যাণ আঁচনি, মাহেকীয়া লাভজনক আঁচনি আৰু উন্নতি। বজাৰ-সংলগ্ন নোহোৱা তথা এই অংশগ্ৰহণমূলক ব্যক্তিগত জীৱন বীমা সঞ্চয় আঁচনিসমূহ এনেদৰে যুগুত কৰা হৈছে, যাৰ জৰিয়তে গ্ৰাহকসকলে লাভ কৰিব অধিক নমনীয়তা আৰু বিত্তীয় সুবিধা। নিয়মীয়া আয়ৰ পৰিকল্পনা, সন্তানৰ ভৱিষ্যতৰ শিক্ষা তথা দীৰ্ঘম্যাদী সম্পদ গঠনৰ দৰে বিভিন্ন বিত্তীয় লক্ষ্য পূৰণত এই আঁচনিসমূহে বিশেষভাৱে সহায় কৰিব।


অংশগ্ৰহণমূলক পলিচিসমূহে সুৰক্ষা আৰু সঞ্চয়ৰ মাজত এক সন্তুলিত সুবিধা প্ৰদান কৰে। ইয়াৰ জৰিয়তে গ্ৰাহকসকলে বোনাচৰ লাভ আদায় কৰাৰ উপৰি বজাৰ-সংলগ্ন সামগ্ৰীৰ দৰে শ্বেয়াৰ বজাৰৰ উঠা-নমাৰ বিপদাশংকাৰ প্ৰভাৱো তুলনামূলকভাৱে কমকৈ অনুভৱ কৰে। ঘোষিত এই নগদ বোনাচে পলিচিধাৰকসকলৰ হাতত ধনৰ প্ৰবাহ বৃদ্ধি কৰা, সম্পদ গঠনত সহায় কৰা আৰু সামগ্ৰিক বিত্তীয় সুৰক্ষা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ সমান্তৰালভাৱে, সমগ্ৰ পলিচিৰ সময়ছোৱাত জীৱন বীমাৰ সুৰক্ষাও অক্ষুণ্ণ থাকিব।


উল্লেখ্য যে, ভাৰতী এক্সা লাইফ ইঞ্চুৰেন্সে ধাৰাবাহিকভাৱে শক্তিশালী বিকাশৰ ধাৰা অটুট ৰাখিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত নতুন ব্যৱসায়িক প্ৰিমিয়ামৰ ক্ষেত্ৰত ৪৪ শতাংশ বৃদ্ধিৰে এই প্ৰতিষ্ঠানটো দেশৰ আটাইতকৈ দ্ৰুত বিকশিত জীৱন বীমা প্ৰতিষ্ঠানসমূহৰ অন্যতম হিচাপে মূৰ দাঙি উঠিবলৈ সক্ষম হৈছে। এই শক্তিশালী বিত্তীয় সফলতা আৰু বোনাচৰ ঘোষণাই প্ৰতিষ্ঠানটোৰ নিয়ন্ত্ৰিত তথা সুসংগঠিত বিকাশৰ কৌশলকে পুনৰ এবাৰ প্ৰতিপন্ন কৰিছে। ইয়াৰ উপৰি, পলিচিধাৰকসকলৰ সুৰক্ষা, সুস্থিৰতা আৰু দীৰ্ঘম্যাদী মূল্য নিশ্চিত কৰাৰ স্বাৰ্থত গ্ৰাহককেন্দ্ৰিক সেৱা আগবঢ়োৱাৰ বাবে জীৱন বীমা প্ৰতিষ্ঠানটোৱে দিয়া অটুট গুৰুত্বৰ দিশটোও ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে।


এই ঘোষণা সন্দৰ্ভত ভাৰতী এক্সা লাইফ ইঞ্চুৰেন্সৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া পৰাগ ৰাজাই কয়, “এই বোনাচৰ ঘোষণাই আমাৰ বিনিয়োগ দলটোৰ দক্ষতা আৰু পলিচিধাৰকসকলৰ পুঁজি পৰিচালনাৰ ক্ষেত্ৰত আমাৰ ধাৰাবাহিক শৃংখলাবদ্ধ দৃষ্টিভংগীকে প্ৰতিফলিত কৰিছে। আমাৰ সমৰ্পিত দলটোৰ তৰফৰ পৰা সকলো গ্ৰাহককে তেওঁলোকৰ অটুট আস্থা আৰু বিশ্বাসৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here