গুৱাহাটীত জাৱেদ হাবিবে সফলতাৰে হেয়াৰ এণ্ড বিউটি ছেমিনাৰৰ আয়োজন কৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 20 May 2026

গুৱাহাটীত জাৱেদ হাবিবে সফলতাৰে হেয়াৰ এণ্ড বিউটি ছেমিনাৰৰ আয়োজন কৰে


 

W7s news,,গুৱাহাটী, ২০ মে' ২০২৬: জাৱেদ হাবিবে ২০ মে' ২০২৬, বুধবাৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত হোটেল অতিথিত এক বিশাল হেয়াৰ এণ্ড বিউটি চেমিনাৰ সফলতাৰে আয়োজন কৰে। এই চেমিনাৰত সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ চেলুন পেছাদাৰী, শিক্ষাৰ্থী, চুলিৰ ষ্টাইলিষ্ট আৰু উচ্চাকাংক্ষী উদ্যোগীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে।


চেমিনাৰখনৰ মূল লক্ষ্য আছিল দক্ষতা শিক্ষা, পেছাদাৰী চুলিৰ ষ্টাইলিঙৰ বিজ্ঞান, আধুনিক চুলি কটাৰ কৌশল, চুলিৰ যত্নৰ জ্ঞান আৰু সৌন্দৰ্য উদ্যোগত নিৰন্তৰ শিক্ষাৰ গুৰুত্ব। অংশগ্ৰহণকাৰীসকলে চুলিৰ গঠন, মুখৰ আকৃতি, ষ্টাইলিং পদ্ধতি, গ্ৰাহক পৰামৰ্শ, আৰু স্বাস্থ্যসন্মত চুলি আৰু মূৰৰ ছালৰ যত্নৰ আঁৰৰ বিজ্ঞানৰ সম্পৰ্কে ব্যৱহাৰিক জ্ঞান লাভ কৰে।


চেমিনাৰৰ সময়ত বিখ্যাত চুলিৰ বিশেষজ্ঞ জাৱেদ হাবিবে তেওঁৰ দেশজোৰা বাৰ্তা - “স্বচ্ছ বাল, স্বস্থ বাল’’(Swacch Baal, Swasth Baal)- প্ৰদান কৰে, যাৰ জৰিয়তে সঠিক যত্ন আৰু সজাগতাৰ মাধ্যমেৰে পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত চুলিৰ প্ৰয়োজনীয়তা ওপৰত গুৰুত্ব আৰোপ কৰা হয়।


তেওঁৰ শক্তিশালী উপস্থাপন শৈলী আৰু ব্যৱহাৰিক শিক্ষণ পদ্ধতিৰ বাবে জনাজাত জাৱেদ হাবিবে যুৱ পেছাদাৰীসকলক নিজৰ দক্ষতা উন্নীত কৰি শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে সফল জীৱন গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰে।


জাৱেদ হাবিব হেয়াৰ এণ্ড বিউটি লিমিটেড হৈছে ভাৰতৰ অন্যতম আগশাৰীৰ সৌন্দৰ্য ব্ৰেণ্ড, যি দেশজুৰি ১০০০তকৈও অধিক চেলুন আৰু ৬০টাতকৈও অধিক একাডেমীৰ জৰিয়তে পেছাদাৰী শিক্ষা আৰু নিয়োগৰ সুযোগ প্ৰদান কৰি যুৱপ্ৰজন্মক সবলীকৰণৰ দিশত নিৰন্তৰ কাম কৰি আহিছে।


জাৱেদ হাবিবে কয়, “কেৱল এটা বস্তুৱেহে উদ্যোগটো সলনি কৰিব পাৰে - শিক্ষা… শিক্ষা… শিক্ষা…”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here