স্তনৰ কৰ্কট ৰোগৰ সজাগতাৰ লক্ষ্যৰে গুৱাহাটীত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচী ‘আনষ্ট’পেবল ২.০- ব’ল্ড ব্ৰেভ বিউটিফুল’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 30 May 2026

স্তনৰ কৰ্কট ৰোগৰ সজাগতাৰ লক্ষ্যৰে গুৱাহাটীত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচী ‘আনষ্ট’পেবল ২.০- ব’ল্ড ব্ৰেভ বিউটিফুল’


 

W7s news,,গুৱাহাটী, ২৯ মে’: অনীয়া এডিচনৰ উদ্যোগত আয়োজিত এই বিশেষ কাৰ্যসূচীত এক অনন্য দৃশ্যৰ সাক্ষী হৈ ৰ’ল দুশ গৰাকীতকৈও অধিক লোক। কৰ্কট ৰোগক পৰাস্ত কৰা সাহসী নাৰীসকলৰ কাষত থিয় দি তেওঁলোকৰ অসাধাৰণ ধৈৰ্য্য, দৃঢ়তা আৰু পুনৰ জীৱন জিনাৰ অনন্য যাত্ৰাক সন্মান জনায় সমবেত সকলোৱে। আচলতে এই বিশেষ সমাৱেশৰ মূল উদ্দেশ্য আছিল কৰ্কটজয়ী এইসকল নাৰীৰ প্ৰতি একাত্মতা প্ৰকাশ কৰা আৰু তেওঁলোকৰ অনুপ্ৰেৰণামূলক জীৱনঁগাথাক উদযাপন কৰা।


আনষ্ট’পেবল ৱেলফেয়াৰ ট্ৰাষ্ট আৰু ইলুমিছ এস্থেটিক প্ৰাইভেট লিমিটেডৰ যৌথ উদ্যোগত আয়োজিত “আনষ্ট’পেবল ২.০– ব’ল্ড ব্ৰেভ বিউটিফুল” শীৰ্ষক কাৰ্যসূচী সজাগতা, আত্মবিশ্বাস, মানসিক পুনৰ্গঠন আৰু উদযাপনৰ এক আৱেগঘন সন্ধিয়ালৈ ৰূপান্তৰিত হয়। ডা০ ৰীমা দাস মাল্লিক আৰু নবীশ আলমৰ পৰিকল্পনা তথা উপস্থাপনাই উপস্থিত সকলোৰে মনত গভীৰ প্ৰভাৱ পেলায়।


কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ আছিল স্তনৰ কৰ্কট ৰোগৰ সজাগতা সম্পৰ্কে অনুষ্ঠিত এক তথ্যসমৃদ্ধ আৰু মত-বিনিময়মূলক পেনেল আলোচনা। এই আলোচনাত বিশেষজ্ঞসকলে কৰ্কট ৰোগক লৈ সমাজত চলি থকা ভ্ৰান্ত ধাৰণা, প্ৰাথমিক পৰ্যায়ত ৰোগ চিনাক্তকৰণৰ গুৰুত্ব, মানসিক সুস্থতা আৰু চিকিৎসা তথা পৰিচৰ্যাৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ অগ্ৰগতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। এই বিশেষ সত্ৰই উপস্থিত ৰাইজৰ মাজত এক গুৰুত্বপূৰ্ণ চিন্তাৰ খোৰাক যোগায়। একেদৰে কৰ্কটজয়ীসকলক পুতৌ বা সহানুভূতিৰ সলনি শক্তি, মৰ্যাদা আৰু আত্মসন্মানেৰে চোৱাৰ এক বাৰ্তাও ইয়াত দাঙি ধৰা হয়।


সন্ধিয়াটোৰ আটাইতকৈ আৱেগঘন মুহূৰ্তসমূহৰ অন্যতম হিচাপে পৰিগণিত হয় মঞ্চত ২০ গৰাকীতকৈও অধিক কৰ্কটজয়ী নাৰীক জনোৱা সম্বৰ্ধনা। তেওঁলোকৰ জীৱনৰ সংগ্ৰাম আৰু অনুপ্ৰেৰণামূলক অভিজ্ঞতাই উপস্থিত দৰ্শকৰ হৃদয় গভীৰভাৱে স্পৰ্শ কৰে আৰু সাহসৰো যে এক মানৱীয় ৰূপ থাকে, সেই কথা সকলোকে সোঁৱৰাই দিয়ে। এই অনুষ্ঠানত সন্মানিতসকলৰ ভিতৰত আছিল ড° উৰ্মিমালা মহন্ত বৰুৱা, কাদম্বৰী কাশ্যপ, জুৰি গোস্বামী, ড° অঞ্জনা গোস্বামী, ড° বিজু চৌধুৰী, বৰ্ষাশ্ৰী দাস আৰু ৰিতিকা লিম্বু। এই মহিলাসকলৰ উপস্থিতিয়ে সন্ধিয়াটোক কেৱল এটা গতানুগতিক অনুষ্ঠানৰ মাজতে সীমাবদ্ধ ৰখাৰ পৰিৱৰ্তে আশাৰ এক শক্তিশালী বাৰ্তালৈ ৰূপান্তৰিত কৰে।


জনপ্ৰিয় অসমীয়া অভিনেত্ৰী বৰষাৰাণী বিষয়াই সমগ্ৰ অনুষ্ঠানটো সূচাৰুৰূপে সঞ্চালনা কৰে। তেওঁৰ আন্তৰিক উপস্থাপন, সাবলীল সঞ্চালনা আৰু দৰ্শকৰ সৈতে গঢ়ি তোলা আৱেগিক সংযোগে কাৰ্যসূচীৰ পৰিৱেশক অধিক উষ্ম, প্ৰাণৱন্ত আৰু অৰ্থপূৰ্ণ কৰি তোলে।


অনুষ্ঠানত বক্তব্য ৰাখি আয়োজকসকলে কয় যে  আনষ্ট’পেবল কেৱল এটা গতানুগতিক কাৰ্যসূচী নহয়। ই আচলতে স্বাস্থ্য, মানসিক সুস্থতা, সজাগতা আৰু আৱেগিক সহায় সন্দৰ্ভত সমাজত এক ধাৰাবাহিক আলোচনা গঢ়ি তোলাৰ এক নিৰন্তৰ প্ৰয়াস। ইয়াৰ সমান্তৰালকৈ কৰ্কটজয়ীসকলৰ অদম্য সাহস, যুঁজাৰু মানসিকতা আৰু জীৱনৰ প্ৰতি থকা তেওঁলোকৰ অটুট ইতিবাচক দৃষ্টিভঙ্গীক সন্মান জনোৱাটোৱে এই পদক্ষেপৰ অন্যতম মূল লক্ষ্য বুলিও দোহাৰে আয়োজকসকলে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here