ক’ক ষ্টুডিঅ’ ভাৰতৰ নতুন গীত ‘কচৌৰি গলি’, পত্নীৰ চকুৰে পুনৰ্জীৱিত হ’ল এক পাহৰা যুদ্ধৰ কাহিনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 20 May 2026

ক’ক ষ্টুডিঅ’ ভাৰতৰ নতুন গীত ‘কচৌৰি গলি’, পত্নীৰ চকুৰে পুনৰ্জীৱিত হ’ল এক পাহৰা যুদ্ধৰ কাহিনী


 

W7s news,,ৰাষ্ট্ৰীয়, মে’ 20, 2026: ক’ক ষ্টুডিঅ’ ভাৰত ইয়াৰ চতুৰ্থ সংস্কৰণৰ তৃতীয়টো মুক্তিপ্ৰাপ্ত গীতেৰে পুনৰ উভতি আহিছে, য’ত এইবাৰ প্ৰথম ইংলো-বাৰ্মীজ (ইংৰাজ-বৰ্মী) যুদ্ধৰ পাহৰণিৰ গৰ্ভত হেৰাই যোৱা মানৱীয় ক্ষয়-ক্ষতিৰ কৰুণ কাহিনীৰে অনুপ্ৰাণিত লোকগীত ‘কচৌৰি গলি’ৰ বাবে বেনাৰসৰ गলি-উপগলিলৈ যাত্ৰা কৰা হৈছে। 


গীতটোৰ আৰম্ভণি হৈছে কচৌৰি গলিত, য’ত এগৰাকী মহিলাই তেওঁৰ স্বামীক ব্ৰিটিছ সেনাই ধৰি লৈ যোৱা প্ৰত্যক্ষ কৰিছে; নিজৰ ইচ্ছা অবিহনেই হ’বলগীয়া এখন যুদ্ধৰ বাবে তেওঁক মিৰ্জাপুৰৰ পৰা টানি আনি ৰেংগুনলৈ (য়াংগুন, ম্যানমাৰ) পঠিয়াই দিয়া হৈছে। মহিলাগৰাকীৰ কণ্ঠত ফুটি উঠিছে গভীৰ শোক, ক্ষোভ আৰু হঠাতে উকা হৈ পৰা এটা ঘৰৰ শূন্যতা, যিটো কেৱল লোকসংগীতৰ মাধ্যমেৰেই ইমান অন্তৰংগ, স্থানীয় আৰু শিপাৰ সৈতে জড়িত ৰূপত প্ৰকাশ কৰাটো সম্ভৱ। তেওঁ যি অনুভৱ কৰিছে, সেয়া এসময়ত হাজাৰ হাজাৰ সাধাৰণ পৰিয়ালে অনুভৱ কৰিছিল— এক এনে হেৰুৱাৰ বেদনা, যিয়ে ইতিহাসৰ পাতত কেতিয়াও স্থান নাপালে, কিন্তু বেনাৰসৰ দৰে চহৰৰ ঠেক গলিবোৰত বহুবছৰ ধৰি নিৰৱে জীয়াই থাকিল।  


এই কাহিনীটোক শ্ৰোতাৰ মাজলৈ কঢ়িয়াই আনিছে তিনিটা সুকীয়া কণ্ঠই। ৰেখা ভাৰদ্বাজ, যাৰ কণ্ঠই দীৰ্ঘদিন ধৰি হেঁপাহ আৰু প্ৰতিবাদক সমানেই বহন কৰি আহিছে, তেওঁ এই গীতটোক এক স্বাভাৱিক আৱেগিক গভীৰতাৰে বান্ধি ৰাখিছে। উৎপল উদিতে প্ৰযোজনাটিত লোকসংগীতৰ এক মাটিৰ সুবাস প্ৰদান কৰিছে, যাৰ ফলত গীতটিৰ স্বকীয়তা অলপো ম্লান নোহোৱাকৈ ইয়াৰ মূল সোৱাদ অক্ষুণ্ণ আছে। আনহাতে খোৱাবে গীতটিৰ মাজেৰে এক শান্ত আকুলতা বৈ নিয়াইছে, যাৰ বাবে এই শোকৰ অনুভৱটোৱে হেৰাই নোযোৱাকৈ প্ৰাণ পাই উঠিছে।

 


কোকা কোলা ইণ্ডিয়া আৰু দক্ষিণ-পশ্চিম এছিয়াৰ IMX (ইণ্টিগ্ৰেটেড মাৰ্কেটিং এক্সপেৰিয়েঞ্চ) লীড শান্তনু গাংগনেয়ে, কয় “লোকসংগীতৰ অন্যতম আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল ই অতি স্বাভাৱিকভাৱে অতীতৰ স্মৃতি কঢ়িয়াই লৈ ফুৰে। ভোজপুৰী ভাষাৰ কাহিনী কথনৰ এক চহকী পৰম্পৰা আছে, যিটো সময়ৰ লগে লগে মূলসুঁতিৰ পৰা লাহে লাহে ম্লান হৈ পৰিছে। ক’ক ষ্টুডিঅ’ ভাৰতৰ জৰিয়তে এই হেৰাই যোৱা কাহিনী আৰু সংস্কৃতিসমূহক পুনৰ আলোচনাৰ মজিয়ালৈ আনিবলৈ প্ৰয়াস কৰা হৈছে। ‘কচৌৰি গলি’ হৈছে এই দৃষ্টিভংগীৰ এক শক্তিশালী উদাহৰণ— এক সম্পূৰ্ণ স্থানীয় কাহিনীক ৰেখা ভাৰদ্বাজ, উৎপল উদিত আৰু খোৱাবৰ সুকীয়া কণ্ঠ তথা সৃষ্টিশীল প্ৰতিভাৰে এনেদৰে উপস্থাপন কৰা হৈছে, যিটো একে সময়তে চিৰন্তন আৰু আধুনিক যেন অনুভৱ হয়।”


ৰেখা ভাৰদ্বাজে কৈছিল, “কচৌৰি গলি’ এক অতি সুকীয়া আৱেগিক স্থানত অৱস্থিত। এয়া যুদ্ধৰ বিষয়ে নহয়, বৰঞ্চ যুদ্ধই আপোনাৰ পৰা কি কাঢ়ি লৈ যায়, তাৰহে বিষয়ে। আমি সেই অন্তৰংগতা ধৰি ৰাখিবলৈ আৰু আৱেগখিনিক সততাৰে প্ৰকাশ পাবলৈ এৰি দিবলৈ চেষ্টা কৰিছোঁ। ক’ক ষ্টুডিঅ’ ভাৰতৰ সৈতে কাম কৰি মই আটাইতকৈ ভাল পোৱা কথাটো হ’ল যে ইমান বিশাল আয়োজনৰ পাছতো গীতটি এতিয়াও গভীৰভাৱে ব্যক্তিগত যেন অনুভৱ হয়।” 


উৎপল উদিতে কৈছিল, " আটাইতকৈ আকৰ্ষণীয় দিশটো আছিল শব্দৰ জৰিয়তে গীতটিৰ পৃথিৱীখন গঢ়ি তোলাটো। প্ৰযোজনাৰ এক বৃহৎ অংশ কিছুমান সৰু সৰু সবিশেষৰ পৰা আহিছিল: যতিবোৰ, সংযম আৰু কিছুমান নিৰ্দিষ্ট স্থানৰ খহটা ভাব। মোৰ বাবে গীতটি ভোজপুৰী লোকসংগীতৰ প্ৰতি সততাৰে বৰ্তি থকা আৰু ইয়াৰ ভাষা তথা সংস্কৃতিক পুনৰ ঘূৰাই অনাৰ এটা মাধ্যম হৈ পৰাটো গুৰুত্বপূৰ্ণ আছিল। ক’ক ষ্টুডিঅ’ ভাৰতে সেই স্বকীয় প্ৰৱণতাটোক বুজি পাইছিল আৰু সেই বাবেই ট্ৰেকটো এনেদৰে সুন্দৰকৈ গঢ় লৈ উঠিল।” 


খোৱাবে কৈছিলে, ‘ক’ক ষ্টুডিঅ’ ভাৰতে কি কৰে, সেয়া হৈছে এক গভীৰভাৱে স্থানীয় বিষয় যেনে এটা গলি, এটা উপভাষা অথবা এখন যুদ্ধ যাৰ বিষয়ে আজিকালি কোনেও কথা নাপাতে, তাক এনে এক প্ৰযোজনা আৰু মঞ্চ প্ৰদান কৰে যাৰ ফলত সমগ্ৰ বিশ্বই সেয়া শুনিবলৈ পায়। ‘কচৌৰি গলি’য়ে মোক শিকাইছে যে আটাইতকৈ সৰু সৰু সবিশেষবোৰতে আটাইতকৈ বেছি আৱেগ নিহিত হৈ থাকে, আৰু এই ভাব প্ৰকাশ কৰাৰ বাবে এয়াই আছিল উপযুক্ত স্থান।’


‘কচৌৰি গলি’ৰ জৰিয়তে ক’ক ষ্টুডিঅ’ ভাৰতৰ চতুৰ্থ সংস্কৰণে পুৰুষানুক্ৰমে লোকস্মৃতি, আঞ্চলিক সংগীত আৰু মৌখিক পৰম্পৰাৰ মাজত জীয়াই থকা কাহিনীবোৰ অন্বেষণ কৰা ধাৰাটো অব্যাহত ৰাখিছে। ‘এ অজনবী আৰু ‘বুলেয়া বে’ৰ পাছত এই সংস্কৰণে বৰ্তমানৰ শ্ৰোতাসকলৰ বাবে আধুনিক শিল্পী, শব্দ আৰু সহযোগিতাৰ জৰিয়তে স্থানীয় আখ্যানসমূহক পুনৰ বাখ্যা কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here