নুমলীগড় শোধনাগাৰৰ সৈতে প্ৰগ্ৰেছিভ ফাৰ্টিচেমৰ দীৰ্ঘম্যাদী চুক্তিৰ জৰিয়তে ছালফাৰ যোগান নিশ্চিতকৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 19 May 2026

নুমলীগড় শোধনাগাৰৰ সৈতে প্ৰগ্ৰেছিভ ফাৰ্টিচেমৰ দীৰ্ঘম্যাদী চুক্তিৰ জৰিয়তে ছালফাৰ যোগান নিশ্চিতকৰণ





W7s news,,গুৱাহাটী ১৯ মে’: প্ৰগ্ৰেছিভ ফাৰ্টিচেম প্ৰাইভেট লিমিটেডে নুমলীগড় ৰিফাইনেৰী লিমিটেড (এন আৰ এল)ৰ সৈতে বাৰ্ষিক ৫২,৫০০ মেট্ৰিক টন ছালফাৰৰ বাবে শেহতীয়াকৈ কী অফটেক চুক্তি স্বাক্ষৰ কৰে।


এই চুক্তিয়ে প্ৰগ্ৰেছিভ ফাৰ্টিচেমৰ দীৰ্ঘম্যাদী কেঁচামালৰ পূৰ্তিকৰণ ব্যৱস্থা শক্তিশালী কৰে আৰু আগশাৰীৰ ঔদ্যোগিক উদ্যোগসমূহৰ সৈতে নিৰ্ভৰযোগ্য, মূল্য-চালিত অংশীদাৰিত্বৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতিক অধিক দৃঢ় কৰে। ই কোম্পানীটোৰ বহনক্ষম বৃদ্ধি আৰু কেঁচামালৰ সুৰক্ষাৰ কৌশলৰ এটা মূল অংশ।


চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত এন আৰ এলৰ তৰফৰ পৰা শ্ৰী ৰংকিছান খংৱিৰ, চি জি এম মাৰ্কেটিং; শ্ৰী প্ৰতুল শইকীয়া, চিজিএম ফাইনেন্স; শ্ৰী সুমন গোস্বামী, জি এম মাৰ্কেটিং; তথা বিপণন আৰু বিত্তৰ বিষয়াসকল উপস্থিত থাকে। পৰিচালন সঞ্চালক শ্ৰী পিজুশ কান্তি দে আৰু সঞ্চালক শ্ৰী লীলা কুমাৰ শইকীয়াই প্ৰগ্ৰেছিভ ফাৰ্টিচেমক প্ৰতিনিধিত্ব কৰে।


চুক্তিৰ সমস্ত প্ৰক্ৰিয়া সুকলমে সম্পাদন কৰাত এন আৰ এলৰ সমৰ্থন আৰু সহযোগিতাক প্ৰগ্ৰেছিভ ফাৰ্টচেমে স্বীকাৰ কৰি বাণিজ্যিক, বিত্তীয় আৰু পদ্ধতিগত বিষয়সমূহৰ ওপৰত সামঞ্জস্যপূৰ্ণ পাৰস্পৰিক ক্ৰিয়া-কলাপ তথা সমন্বয়ে চুক্তিখন সম্ভৱ কৰি তুলিছে বুলি কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here