W7s news গুৱাহাটী :
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড(চি বি এছ ই) ৰ অধীনত অনুষ্ঠিত হোৱা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা( দশম শ্ৰেণী) ৰ ফলাফল ১৫ এপ্ৰিলত আনুষ্ঠানিকভাৱে ঘোষণা কৰে।আন বছৰৰ দৰে এইবাৰো নাৰায়ণা গ্ৰুপ অফ বিদ্যালয়ৰ অন্তৰ্গত বহুকেইখন বিদ্যালয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়। বহুকেইখন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে সৰ্বমুঠ ৫০০নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত গুৱাহাটীৰ দক্ষিণগাঁৱস্থিত নাৰায়ণা বিদ্যালয়ৰ শিক্ষাৰ্থী সকলেও উৎকৃষ্ট ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। এই উপলক্ষে শুকুৰবাৰে বিদ্যালয় প্রাংণনত এটা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ ভিতৰত স্নেহাঞ্চী মহাপাত্ৰ(৪৯৩), কাস্মিতা দত্ত(৪৯১), ৰিজুৱানা হক(৪৯১) নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিদ্যালয়খনে বিদ্যালয়খনৰ এই সকল শিক্ষাৰ্থীৰ লগতে তেওঁলোকৰ অভিভাৱক সকলক সম্বৰ্ধনা জনায়।
No comments:
Post a Comment